[ গীত চলি থাকোঁতেই হাতত বীণা লৈ নাৰদৰ মনে মনে প্ৰবেশ। নাৰদে আনন্দত আপ্লুত ভাবেৰে সখি বিলাক্ৰ কৃষ্ণতন্ময়তাত নিজেও তন্ময় হয়। ]
নাৰদ—এওঁলোক তো বেছ ফুৰ্ত্তিত আছে। কৃষ্ণ নোহোৱাত নতুন কৃষ্ণ সাজিয়েই কৃষ্ণ লীলা কৰিছে। হে গোবিন্দ—!
ভক্তবাঞ্ছা—কল্পতৰু হৰি! ধন্য তোমাৰ মহিমা! ধন্য তোমাৰ প্ৰেম। তোমাৰ গুণ গান কৰি,—তোমাৰ চৰণ ধ্যান কৰি তোমাৰ—স্মৰণকে সাৰোগত কৰি প্ৰেমত আপ্লুত হৈ–তোমাৰ অনুপস্থিতিক তেঁওলোকে অভাব বোলা নাই।
[ প্ৰকাশ্যে ] কিহে ব্ৰজেশ্বৰীহঁত—বেছতো! বেছ— ব্ৰজলীলা কৰিছা। ক’তা—ব্ৰজেশ্বৰৰ হাতত দেখোন মুৰুলী নাই।
[ সখি বোৰে নাৰদক দেখা পাই সেৱা কৰে ]
বাঞ্ছাকল্পতৰুৱে তোমালোকৰ মনোবাঞ্ছা সিদ্ধি কৰক। পিছে সামৰিলা কিয়? কৃষ্ণ-প্ৰেমত মত্ত আছিলা আকৌ মত্ত হোৱা। এক কৃষ্ণ গৈছে—তোমালোকে আৰু এক— কৃষ্ণ পাইছা। তোমালোকৰ কিহৰ অভাব?
বৃন্দা—প্ৰভো! দাসীহঁতৰ অপৰাধ ক্ষমা কৰক। কৃষ্ণ আকুল ৰাধা সখিৰ মনতুষ্টিৰ নিমিত্তেহে আমি এনেকুৱা ধেমালি কৰিছিলোঁ। কওক প্ৰভো, ক'ত কৃষ্ণ—কেনে আছে কৃষ্ণ—কেতিয়া আহিব কৃষ্ণ? কওক প্ৰভো—কৃষ্ণ