মলিন মুখ খনিলৈ মনত পৰিহে—জ্ঞানহীনা মই—প্ৰেমময়ৰ নিন্দাবাদ কৰিছিলোঁ।
বৃন্দা—একো দোষ নাই কৰা সখি। কৃষ্ণ-প্ৰিয়াৰ মলিন মুখখনি দেখিলে কৃষ্ণক কোনে নিষ্ঠুৰ নুবুলি থাকিব?
ললিতা—সেই বোৰ এৰা সখি। কৃষ্ণ-প্ৰিয়াৰ মন তুষ্টিৰ যত্ন কৰোঁ আহোঁ। আজি বৃন্দা সখিক কৃষ্ণ সাজি ৰাধা সখিৰ ওচৰলৈ লৈ যাঁও আঁহা।
বিশাখা—তুমি বেছ বুধি পাঙিছা সখি। আঁহা তেনে তাকে কৰি ৰাধা সখিৰ বিৰহৰ উপশম কিজানি একমুহুৰ্ত্তৰ বাবেও কৰিব পাৰোঁ—আহা আজি তাৰে চেষ্টা কৰোঁ।
[ বৃন্দাক কৃষ্ণৰ দৰে সজাই সখি বিলাকে মাজতে লৈ গীত গায়। ]
ললিতা—সৌৱা ৰাধা সখি এই পিনলৈকে আহিব লাগিছে। আহাঁ আমি কৃষ্ণক লৈ গৈ কৃষ্ণ পাগলিনীক আগ বঢ়াই আনোগৈ।
গীত।
কৃষ্ণ মুকতি আঁকি হিয়াই হিয়াই,—
কৃষ্ণ প্ৰিয়াক হিয়া ফালি দেখুৱাই—
কৃষ্ণ-মুকুট দিন সখিক পিন্ধাই।
কৃষ্ণ গৰিমা গাই—
কৃষ্ণ হেৰোৱা নাই—
কৃষ্ণ-মন্ত্ৰে আজি সন্ধিক শুনাই—
কৃষ্ণ-প্ৰাণৰ কৃষ্ণ দিন দেখুৱাই।