সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭ম গৰ্ভাঙ্ক ]
১৩৫
অৱসান
জৰা—

সৌটো দেখোন কিবা ৰঙা সৌ গছ জোপাত! নিশ্চয়
কিবা সুন্দৰ চৰাই! বাৰু দেখাই যাওক।

[ ধেনুত কাড় জুৰি মাৰে আৰু কৃষ্ণ পৰি যায়। ব্যাধ লৰি ওচৰলৈ যায়। ]

সৰ্ব্বনাশ! কি কৰিলোঁ! ক্ষমা কৰা দয়াময়!
মহাপাপী মই! ক্ষমা মোৰ অপৰাধ!

শ্ৰীকৃষ্ণ—

একো দোষ নাই কৰা তুমি।
আয়ুকাল পূৰ্ণ মোৰ
সেই হেতু অন্তিম কালত
উপলক্ষ হলা মাত্ৰ তুমি।
পূৰ্ব্ব জন্মে বব প্ৰভাবত,
পিতৃবৈৰী বিনাশৰ হেতু,
ব্যাধৰূপে পৃথিবীত লভিলা জনম।
প্ৰিয় ভক্ত তুমি মোৰ,
কাৰ্য্য তব হল সম্পাদন।
মুক্ত তুমি আজি হন্তে
দেহত্যাগ কৰি শীঘ্ৰে যোৱা স্বৰ্গলই।

[ জৰা ব্যাধে ঐকৃষ্ণৰ চৰণত পৰি দেহত্যাগ কৰে। ]

যোৱা ভক্ত!
এই বেলা নিশ্চিন্ত মনেৰে,
যাও মই ৰাধা কাষলই
আৰু একো বাকী নাই।