সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৪
[ ৩য় অঙ্ক
অৱসান

হে পৰম ব্ৰহ্ম সত্য সনাতন!
দিয়া স্থান চৰণ তলত।

 [ যোগাসনত বহি বলোৰামে তনু ত্যাগ কৰে। ব্ৰহ্মতালুৰ পৰা একুৰা জুই ওলাই যায় আৰু বলোৰাম কাল প্ৰাপ্ত হয়। ]

সপ্তম গৰ্ভাঙ্ক

[ সৰস্বতী তীৰৰ বটবৃক্ষত শ্ৰীকৃষ্ণ। হাতত মুৰুলী। ]

শ্ৰীকৃষ্ণ—

কৰ্ম্ম খেলা হল অৱসান!
আনন্দত পৰিপূৰ্ণ প্ৰাণ।
ক্ষণে ক্ষণে শুনি আছোঁ ৰাধা আবাহন!
নসয় পলম!
ৰাধা মোৰ! হৃদয় ঈশ্বৰী!
যাওঁ আৰু নকৰোঁ পলম।

[ ধেনুকাড় হাতত লই গীত গাই গাই জৰা ব্যাধ সোমাই আহে]
গীত।

 কাল-চকৰি ঘূৰে—যেনি চাও
কণা,—কোন বাটেৰে যাঁও!
 ঢৌ দেখি সৌ মৰণ—সুঁতিৰ!
 দীতি নুমাল নয়ন দুটিৰ!
 কাল-শাখিনী উৰে—
 কেনি যাঁও!
বুৰে—পাতকী তোৰ নাও!

[ গীতৰ অন্তত শ্ৰীকৃষ্ণৰ ওলমি থকা ৰঙা ভৰি দুখনি দেখি। ]