সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩২
[ ৩য় অঙ্ক
অৱসান
শ্ৰীকৃষ্ণ—

বন্ধু তুমি, অতিকে সুহৃদ মোৰ—
সেই হেতু নিবেদোঁ তোমাক—
যদুকুলে ক্ষিতিভাৰ দুগুণে বঢ়ালে।
জৰাজীৰ্ণ বসুধাৰ—
দুখভাৰ লাঘব কাৰণে,
যদুকুল বিনাশৰ হল প্ৰয়োজন।
যোৱা ভক্ত! বংশ ৰক্ষা কৰা গই তুমি।
উষাৰ তনয় বজ্ৰকুমাৰক লই
ৰথে মোৰ কৰি আৰোহন
যোৱা গই মথুৰা উদ্দেশি।
হস্তিনাত তাৰ পাছে সখা অৰ্জ্জুনক—
দিবা গই যদুকুল ধ্বংশ সমাচাৰ।
দ্বাৰকাত জনাবা সংবাদ,
কৃষ্ণ আৰু নেযায় উলটি।
পুৰবাসী সকলক দেখিলে বিহ্বল—
ব্ৰহ্মশাস্ত্ৰ বাখ্যা কৰি দানিবা প্ৰবোধ।
আৰু শুনা,
কাৰ্ত্তিকী পূৰ্ণিমা দিনা
আজি হস্তে সপ্তম দিনত
সাগৰত নিমজ্জিত হব দ্বাৰাৱতী।
যোৱা ভক্ত!
পূৰ্ণ হব মনস্কাম তব।

[ শ্ৰীকৃষ্ণক সেৱা কৰি দাৰুকৰ প্ৰস্থান। ]