|
|
কাৰো একো নাই প্ৰয়োজন—
ভায়ে ভায়ে ৰণোন্মত্ত—কৰিছে সমৰ!
যোৱা সবে—
নিজ নিজ প্ৰাণ মাত্ৰ বলি দিয়া গই।
শেষ হক যদুকুল—
ক্ষিতি ভাৰ লঘু হক।
|
[ শ্ৰীকৃষ্ণই মুগ্ধচিত্তে চাই থাকে। দৃশ্যত দূৰৈত যদুবীৰ বিলাক যুদ্ধ কৰি দুজন দুজনকৈ সোমাই প্ৰস্থান কৰি থাকে। ]
|
|
তুমুল সংগ্ৰাম!
ভায়ে ভায়ে কটাকটি!
ঘোৰ যুদ্ধ! ঘোৰৰূপে চলে অবিৰাম!
যক! শেষ হক যদুকুল—
শেষ হব কাৰ্য্য মোব—
ময়ো যাম!
মিলিম ৰাধাৰে সতে গোলোক ধামত।
|
| দাৰুক—
|
ইকি লীলা লীলাময়,—নুবুজোঁ কিঙ্কৰে।
যদুকুল সমূলে নিৰ্ম্মূল!
ভায়ে ভায়ে লগাই কন্দল—
ভায়ে ভায়ে কৰি কটাকটি
সমস্ত যাদব বীৰে এৰিলে জীৱন।
কি কৰিলা দয়াময়!
ভয় হয়—বংশ লোপ হয়বা শেষত।
|