সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫ম গভাঙ্ক ]
১২৫
অৱসান

যুগে যুগে কৰি আৰাধন
দেব নৰ গন্ধৰ্ব্ব কিন্নৰ
কোনেও নেপায় যাৰ তত্ত্বৰ সন্ধান!
এৰা সখা পৰিতাপ,
শুনা কঁও,
বিৰিঞ্চি বাঞ্ছিত এই জ্ঞান যোগ ক
ভক্তে মাত্ৰ তত্ত্ব তাৰ
শুনিবৰ পায় অধিকাৰ।
মানিবা প্ৰত্যক্ষ সখা, মিছা ই সংসাৰ!
মিছা ধন, মিছা জন, জীৱন যৌবন!
মায়াময় ই সংসাৰ
একোতেই নাই সাৰ!
যেনি চোৱা মায়া অবয়ৰ!
পিতা পুত্ৰ কোন কাৰ?
কেৱল ভূতৰ ভাৰ!
তুমি মই দেখোঁ মাত্ৰ কেৱল মায়াত।
পৰমাত্মা নহলে কোনেও
মায়াৰ অতীত হব নোৱাৰে কদাপি।
প্ৰত্যক্ষ দেখিবা বন্ধু মোৰেই কায়াত
ক্ষিত্যপ্‌ তেজ মঞ্চৎ ব্যোম্‌
বিশ্ব চৰাচৰ!
চৰ্ম্ম চক্ষু চৰ্ম্ম আবৰণে
ঢাকি থোৱা নশ্বৰ দেহেৰে