সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৪
[ ৩য় অঙ্ক
অৱসান

দৈহিক ঐহিক এই দুয়োৰ মাজত
কোন সুখ বেছি বাঞ্ছনাৰ?
ৰাখা নাথ মিনতি দাসৰ—!
বিকল অন্তৰ—
হাহাঁকাৰ ধ্বনি মাত্ৰ বাজিছে হৃদিত!
কিবা যেন নাই নাই আশঙ্কা মনত!
অন্তৰ্যামী তুমিতো মাধৱ!
তুমিয়েই—দৰিদ্ৰ বান্ধৱ! চোৱা নাথ!
পশি এই দগ্ধ অন্তস্থল—!
বন্ধু তুমি, ত্ৰাতা তুমি,
পিতৃৰূপে জগত পালক
তুমি হৰ্ত্তা তুমি কৰ্ত্তা তুমিয়ে বিধাতা।
আশঙ্কা অগনি হন্তে
কৰা মোক কৰা পৰিত্ৰাণ।

শ্ৰীকৃষ্ণ—

শুনা সখা,—ভক্তাধীন সদা ম‍ই
সেই হেতু ভক্তৰ কাষত
অব্যক্ত অভেদ্য জানা একো নাই মোৰ।
আশঙ্কা তোমাৰ বন্ধু নোহে অমূলক।
এক প্ৰাণ এক আত্মা ভক্ত আৰু মই
সেই হেতু, অবিকল মনোভাব মোৰ—
খেলে মোৰো ভক্ত হৃদয়ত,
শুনা বন্ধু, অতি প্ৰিয় ভক্ত বুলি মোৰ—
নিবেদোঁ তোমাক আজি জ্ঞান যোগ কথা।