হে বৃষভানুনন্দিনী ৰাধিকে—! নবঞ্চিবা আয়ানক, ইয়াতেই নিৰন্তৰ— জ্বলি উঠি মাৰ যক— দৃপ্ত তৃষা আয়ানৰ ক্ষিপ্ত অন্তৰৰ।
( প্ৰস্থান )
[ আয়ান প্ৰস্থান কৰাৰ পিছতো কিছুপৰ মৌন হৈ থাকি ] ক'ত তুমি? ক'ত তুমি ৰাধানাথ? হে সুন্দৰ! হৃদয় ৰঞ্জন! তুমি জ্ঞান! তুমি ধ্যান— তুমি মোৰ মণি নয়নৰ তুমি অবিহনে— অন্ধকাৰ—ৰাধাৰ সংসাৰ। ৰাধানাথ! ভাবিছানে এটিবাৰো— কেনে আছে ৰাধা বিৰহিনী—? পৰেনে মনত প্ৰভো! তুমিও এদিন— আত্মহাৰা হইছিলা—ৰাধা বিৰহত! ৰাধা ৰাধা বুলি— ৰাধা নাম জপি হৃদয়ত — ৰাধা বুলি বজাই বাঁহীত—