সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫ম গৰ্ভাঙ্ক ]
১১৯
অৱসান

পূণ্যশীলা দ্বাৰকাৰ দেখিছা বিপদ
শুনিছা বিপদবাৰ্ত্তা প্ৰজা সকলৰ—
কোৱাছোঁ মাধব,—
কি হব উপায় এই মহাসঙ্কটত!

শ্ৰীকৃষ্ণ—

হতবুদ্ধি মই মহাৰাজ—
কি দিম উপায়!
স্বইচ্ছায় জাঁপ দিলে জ্বলন্ত অগ্নিত
কোন আছে এনে বৈদ্য
পাৰে তাৰ দিব প্ৰতিকাৰ?
ব্ৰহ্মবাক্য নেযায় অথলে—
জানে তো ৰাজন!
ব্ৰহ্মকোপে পৰিলে এবাৰ—
ক'তো তাৰ নহয় নিস্তাৰ।
এতিয়াও ব্ৰহ্মশাপ নিশ্চয় ফলিব।

উদ্ধৱ—

কিয় প্ৰভো কৰিছা ছলনা—
কিনো তযু আছে অবিদিত?
বিপদ-কাণ্ডাৰী বোলে লোকে তোমাকেই—
তুমি জ্ঞান তুমি ধ্যান—
তুমি মান তুমি প্ৰাণ
তুমিয়েই ৰক্ষাকৰ্তা
দ্বাৰকাৰ প্ৰজা সমস্ত—
তুমি যদি এই সঙ্কটত—
দ্বাৰাবাসী আতুৰ প্ৰজাক—