সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৮
[ ৩য় অঙ্ক
অৱসান
উগ্ৰসেন—

কোনে কব কিবা প্ৰতিকাৰ—!
বিপদ কালত—বুদ্ধিহত হয় পুৰুষৰ—
কোৱাছোঁ উদ্ধৱ!
প্ৰিয় ভক্ত তুমি মাধবৰ—
কোৱা বন্ধু—
কি কৰিলে খণ্ডিব প্ৰলয়?
প্ৰায়শ্চিত্ত হব ইপাপৰ?

উদ্ধৱ—

মূৰ্খ মই!
কি বুজিম—
অসীম অনন্ত এই লীলা ঈশ্বৰৰ!
পূণ্যশীলা দ্বাবাৱতী মহা নগৰীত—
ৰোগ ব্যাধি জবা মৰণৰ —
চিৰকাল নিষিদ্ধ প্ৰবেশ—
কোনে জানে কাৰ দোষে—
কোন মহাপাপৰ ফলত—
পবিত্ৰ পুৰীৰ আজি এনে পৰিণাম!
কোনে পাৰ আদি অন্ত—
লীলাময় শ্ৰীনাথৰ অপাৰ লীলাৰ?

[ শ্ৰীকৃষ্ণৰ প্ৰবেশ আৰু উগ্ৰসেন বসুদেৱক প্ৰণাম জনায়। ]

উগ্ৰসেন—

আহা আহা যাদব প্ৰধান,
উদ্বিগ্ন অন্তৰে সবে—
অপেক্ষিছে তযু আগমন।