সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫ম গৰ্ভাস্ক ]
১১৭
অৱসান

মহামাৰি দ্বাৰকাত হইছে বিস্তাৰ।
দিনে দিনে প্ৰজাক্ষয় হইছে বিস্তৰ!
সৰল উদাৰ এই দ্বাৰকা ৰজাৰ—
আতঙ্কত কণ্ঠাগত প্ৰাণ
কোনে জানে, কাৰ মহা পাপৰ ফলত—
নিৰ্দোষী প্ৰজাই এনে ভুঞ্জিছে যন্ত্ৰণা।
কোনোৱেবা সাৰোঁ বুলি বিপদৰ হাত—
ধনজন ভাই বন্ধু সকলো এৰিছে।
চতুৰ্দ্দিশে হাঁহাকাৰ!
কত মাতৃ পুত্ৰহাৰা—
কত নাৰী স্বামীহীনা
কত শিশু মাতৃহাৰা হই
পাষাণত আস্ফালন কৰিছে মস্তক।
বেদজ্ঞ জ্যোতিষী সবে—
গণণাৰে কৰে অনুমান—
প্ৰলয়ৰ অগ্ৰগামী এনে বিপৰ্য্যয়!
আৰু কয় কতোজনে—
অতিশীঘ্ৰে দ্বাৰাৱতী—
নিমজ্জিব সমুদ্ৰ গৰ্ভত।
নিৰ্দ্দোষী প্ৰজাৰ দেখি বিপদ যন্ত্ৰণা
ভগ্নপ্ৰাণ—বিকল অন্তৰ!
হে সভাসদ সব!
আছে যদি চিন্তা প্ৰতিকাৰ।