মোৰ লগজনে মোক সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰি থাকে। মোক লগ নেলাগে। তোমালোক যোৱাগৈ এতিয়া। তোমালোকৰ এই উপহাৰটি মোৰ বৰ উপকাৰত লাগিব। ইয়াক সামান্য নুবুলিবা। মই ইয়াক ধেনুৰ কাড়ৰ আগত লগাই লম আৰু সাক্ষাৎ লক্ষ্মীৰ হাতৰ উপহাৰ বুলি ইয়াৰ পৰা মোৰ লক্ষ্য অব্যৰ্থ হব। যোৱা এতিয়া, মোক বিদায় দিয়া।
ভিকহু—কোন জন আপোনাৰ লগ এবাৰ মোক—দেখুৱাই যাওক! চাই লওঁ এবাৰ কেনেনো আপোনাৰ সেই জন লগ।
জৰা—মোৰ জন লগ মোৰ চিৰ জীৱনৰ—চিৰ মৰণৰ। তেওঁ মোৰ দিঠকৰ লগ সপোনৰ লগ। তেওঁক এই চৰ্ম্ম চকুৰে দেখা নেপায়। তেঁওক দেখা পায় অন্তৰ চকুৰে!
ভিকহু—মোকো তেনে এজন লগ বিচাৰি দিয়ক। আপুনি সচাকৈয়ে দেৱতা। দিয়ক দেৱতা—আপোনাৰ নিচিনা এজন লগ মোকো দিয়ক। আহ ৰেৱতী আহ আজি হাততে দেৱতাক পাইছোঁ। আহ আমাৰ লগ বিচাৰি লও।
ৰেৱতী—নেলাগে মোক লগ। মোব তেঁওতকৈও ভাল লগ আছে। মোৰ সেই লগব ওপৰত আৰু লগ হব নোৱাৰে। তেঁওৰ লগ দেখা নেপায়, মোৰ লগ দেখা পায়। তেওঁৰ লগ জনক হাতেৰে ধৰিব নোৱাৰি মোৰ লগ হাতেৰে