সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১২
৩য় অঙ্ক
অৱসান

 জৰা—নকবা,—প্ৰতিদান বুলি নকবা। তেনেহলে মোৰ ব্ৰত পালন কৰা নহব—মোৰ মাতৃৰ আজ্ঞা আওহেলা কৰা হব। তোমাৰ উপহাৰো লোৱা নহব!

 বেৱতী—তুমি সচাকৈয়ে দেৱতা! বাৰু প্ৰতিদান নোবোলোঁ, লোৱা এটি অতি সামান্য উপহাৰ।

 ভিকহু—বৰ বস্তুটো দিলি! তোক পেটৰ ভাত দি প্ৰাণ ৰাখি দিলে আৰু তই দিলি জাল বাওঁতে পোৱা এডোখৰ মামৰে ধৰা লোহা! উপকাৰীক তোৰ জীৱটো দিব নোৱাৰিলি?

 ৰেৱতী—ওহোঁ মোৰ জীৱ দুটা নহয়—বিলাই ফুৰিবলৈ!

 ভিকহু—আপুনি সচাকৈয়ে দেৱতা। আমাৰ দায় দোষ নধৰিব। আপুনি আজি আমাৰ যি উপকাৰ কৰিলে তাৰ জন্মে জন্মে ধাৰ সুজিব নোৱাৰোঁ। মোকে আপোনাৰ লগত লৈ যাওক দেৱতা। ম‍ই হাবিয়ে বনে আপোনাৰ লগে লগে ফুৰিম। কেতিয়াবা এদিন আপোনাৰ উপকাৰত আহিম। যা ৰেৱতী তই ঘৰলৈ উভটি যা—মই—এই দেৱতাৰ লগত যাওঁ।

 জৰা—মই তোমালোকৰ এনে একো উপকাৰ কৰা নাই যাৰ বাবে মোক তোমালোকে দেৱতা দেৱতা বুলি ইমান ওপৰলৈ তুলিছা? মোক লগো নেলাগে। মোৰ লগ হৈ পৰ্ব্বতে পাষণ্ডে ঘূৰি ঘূৰি তুমি মোক উপকাৰ কৰিবৰ সুযোগ বিচাৰিব নেলাগে। মোৰ লগ আছে। মোৰ সেই জন লগে মোক এক মুহূৰ্ত্তৰ বাবেও অকলশৰীয়া কৈ এৰি নিদিয়ে।