সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪ৰ্থ গৰ্ভাঙ্ক ]
১১১
অৱসান

অৱশ্যে তোমালোকৰ ইচ্ছাৰ কথা। কিন্তু নিনিয়া মানে মোক লঘোণে থোৱা!

 ৰেবতী—[স্বগতঃ] এই চাল বাকলি—ইয়াৰ তলত আকৌ ইমান কোমল এখন হিয়া।

 [প্ৰকাশে] মোক সচা কথা কোৱাছোন, তুমি মানুহ নে নাই কোনোবা দেৱতা ভেশছন্ কৰি আমাৰ দুখ দেখি সহিব নোৱাৰি দেখা দিছাহি।

 জৰা—মোক দেখিছাই গাত চাল বাকলি হাতত ধেনু কাঁড়! এতিয়াও চিনা নাইনে?

 ৰেৱতী—এই চাল বাকলিৰ তলত এনে বহুমূলীয়া বস্তু লুকাই আছে বুলিয়েই তো শুধিছোঁ। বাৰু, তোমাৰ ঘৰ ক'ত আৰু তোমাৰ নাম কি?

 জৰা—মোৰ নাম ধাম তোমাক কবলৈ একো আপত্তি নাই। কিন্তু তুমি যিস্থলত মোক আজি লঘোণ দিয়াবলৈকে ভাল পাইছা তেনে অৱস্থাত নো মোৰ নাম ধাম জানি কি কৰিবা?

 ৰেৱতী—তুমি দিয়া চৰাইটো লোৱা নাই দেখিয়েই তোমাৰ ইমান খেদ। বাৰু, দিয়া তেনে চৰাইটো।

[ চৰাইটো লয়। ]

 কিন্তু, তোমাৰ এই দানৰ প্ৰতিদান স্বৰূপে তুমিও আমাৰ এটি নিঃকিনৰ নিঃকিন বস্তু লব লাগিব। এটা বুঢ়া বৰালীৰ পেটত এই ডোখৰ ওলাইছিল। নিয়া ইয়াকে, তোমাৰ হয়তো কিবা কামত লাগিবও পাৰে।