ভিকহু—দেখিলি ৰেৱতি, সৌ এজন আহিছে মোৰে—দৰে ভিকহু। ব'ল যাঁওগৈ। আজি তোৰ কথাই কথা। এসাজ নোখোৱাকৈয়ে পৰি থাকিম।
[ ভিকহু আৰু ৰেৱতী যাব খোজে ]
জৰা—ৰবা এখন্তক—নেযাবা। নোখোৱাকৈ থাকিবা কিয়? লোৱা এইটো চৰাই। তোমালোক দুয়োলৈ এসাজ হব। হোঁৱা—নিয়া।
ৰেৱতী—তুমি দিছা হয় কিন্তু আমাৰ যে কিনিবৰ সামৰ্থ্য নাই।
জৰা—মই বেছা নাই। মোক দাম নেলাগে। তোমালোকে নোখোৱা কৈ থাকিবা বুলি শুনিয়ে দিছোঁ। নিয়া—
ৰেৱতী—তুমি তো দেখিছোঁ সুন্দৰ দানী, তোমাৰ অবস্থাও যে আমাৰে নিচিনা তোমাৰ মুখ দেখিয়েই বুজিব পাৰি। ইয়াৰ ওপৰতে আকৌ একেটা চৰাই—আমাক দিবলৈ ওলাইছা? হাটত বেছিলে ইয়াৰে তোমাৰ কেবা দিনৰো খোৰাকী ওলাব।
জৰা—মোৰ খোৰাকীৰ কাৰণে তুমি মূৰ ঘূৰাব নেলাগে। মোৰ খোৰাকী নোখোজাকৈয়ে গৰাকী জনে দিয়ে। কোনোবাই খাবলৈ পোৱা নাই বুলি শুনিলে মই তেওঁক খোৱাৰ জোগাৰ কৰি দিব নোৱাৰোঁ মানে নিজে নেখাঁও। এইটো মোৰ ব্ৰত। মই সেই ব্ৰত পালন কৰিব নোৱাৰোঁ মানে পানী এটোপাকে খাব নোৱাৰোঁ। চৰাইটো নিয়া নিনিয়া