সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

প্ৰথম অঙ্ক।
প্ৰথম গৰ্ভাঙ্ক

 [ ব্ৰজধামত শ্ৰীৰাধাৰ কক্ষ। আউলী বাউলী কেশ আক বেশভূষাৰে শয্যাত শ্ৰীৰাধা। দূৰৈত আয়ানে ঠিয় হৈ গায়। ]

আয়ানৰ গীত

কালী! কৰালী! কালিকে!
ভীমা ভয়ঙ্কৰা—সঙ্কট ভয় হবা—
 ত্ৰিভূবন পালিকে!
অমলা কমলা কৃষ্ণ!—
মোহ পাপ তৃষ্ণা—
 দুস্তৰ ভব ভয় বাবিকে—!
বৃষভানু নন্দিনী—ৰাধিকে—।

আয়ান—

এই তব দৰশন প্ৰতি দিনান্তৰ—
আয়ানৰ দৃপ্ত তৃষা যুগ যুগান্তৰ।
এই তব কক্ষ অভ্যন্তৰ—
আয়ানৰ চিৰ দীপ্ত হৃদয় প্ৰান্তৰ—
চিৰ দৃপ্ত দেব প্ৰতিমাৰ —
স্বৰচিত কণক মন্দিৰ—।