ভিকহু—এনেয়ে নো কঁও নে ৰেৱতী। কালি তই মোৰ লগত ওলাই নহা হলে শুদামুখে ঘৰলৈ উভটিব লাগিল হেতেন! ৰাঘবৰালীও জালত নুঠে আৰু এই ডোখৰো তাৰ পেটত নোলায়।
ৰেৱতী—মইনো তোৰ লগত কেতিয়া নহাকৈ থাকোঁ। তই নহলে মই দেখোন ঘৰতে থাকিব নোৱাৰোঁ। কেনেবা কেনেবা লাগে। আহ এতিয়৷ বাঁওগৈ।
ভিকহু—যাঁওতো—পিছে ঘৰত নো আজি খাম গৈ কি? বেছি কিনি চাউল পাত নিমখ তেল একণ নিবলৈ তো আৰু এটা মাছো জালত নুঠিল। কিনো পিছে খাম গৈ।
ৰেৱতী—সদায়ে নো ৰাজ ভোগকে খাই আছো নে? নাই—নাই৷ আজি এসাজ নোখোৱাকৈয়ে পৰি থাকিম।
ভিকহু—ৰাজভোগ খাইছ ৰেৱতী। পাতত কেতিয়াবা এজেবা নিমখ, কেতিয়াবা এটা পোৰা মাছ, কেতিয়াবা সিও নাই। এইয়া ৰাজভোগ।
ৰেৱতী—ওঁতো আমালৈ সেয়ে ৰাজভোগ!
[ গীত গাই গাই জৰা ব্যাধৰ প্ৰবেশ। ]
নিচিনিলি লগৰী তোৰ—
অঘৰী তোৰ ঘৰ!
নুগুনিলি তাৰ খণিকৰ—
আপোন নে তোৰ পৰ!
ইপাৰৰ এই ভৰানদী,—
পাৰি দি পাৰ হয় যদি—
সিপাৰে পাৰ হৰি কিদি—
তপত বালিচৰ!