এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩য় গৰ্ভাঙ্ক ]
১০৭
অৱসান
কাকো নুসুধিলেও নুপুছিলেও কলে বোলে এই ডাল শিলত ঘঁহি গুৰি কৰি পানীত পেলাই দেগৈহতঁ। যেনে বুধি তেনে কাম। পিছে এ ডোখৰ হেনো গুৰি নহল গৈ, সেই দেখি তেনেই পেলাই দিলে। সেই বোৰতে আৰু দেশত এইখন অমঙ্গল। মানুহ দুনুহ দেশ ভূঁই এৰি পলাইছে। উঠ অ' লৰাৰ মাক! লাহে লাহে যাওঁৱেই আৰু উঠ! নহলে আকৌ ৰাতি হব গৈ।
মানুহটো—আপোনালোক হবলা দ্বাৰকাৰে মানুহ?
বাটৰুৱা—এৰা দেও দ্বাৰকাৰে।
মানুহটো—দেখোন লাম্লকটু সুপিকে লৈ ওলাইছে?
বাটৰুৱা—এৰা কেনেকেই নো এনে অমঙ্গলৰ মাজত থাকা দেও! পিছে যাঁওহে আৰু।
বাটৰুৱা আৰু ঘৈনীয়েকৰ প্ৰস্থান।
মানুহটো—ভাল যক। ময়ো আৰু আপোনাসকলৰ বাটকেহে লম! ঘৰৰ মানুহজনীক গৈ কঁও গৈ। আমাৰো মটামাইকী হালহে তেঁও! বয়বস্তু কিটা হাতে পাতে লম গুচি যাম। এনেখন দেশত আৰু থাকিব নোৱাৰি—নোৱাৰি। [ প্ৰস্থান। ]
⸻