সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০০
[ ৩য় অঙ্ক
অৱসান

হে কৃষ্ণ কৰুণাসিন্ধু দীনবন্ধো জগৎপতে।
গোপেশ গোপিকাকান্ত ৰাধাকান্ত নমোস্তুতে॥

[ প্ৰণাম কৰি বিপ্ৰসকলৰ প্ৰস্থান। ]

দ্বিতীয় গৰ্ভাঙ্ক।

 [ সৰস্বতী তীৰ। শাম্ব, সুভানু, সাত্যকী, কৃতবৰ্ম্মী, বৃহদ্ভানু, কামদেব আদি যদুবালক বিলাকে সৰস্বতীৰ বালিত ধেমালি কৰি থাকে। ]

 বৃহদ্ভানু—আজিতো প্ৰভাসৰ যজ্ঞ শেষ হল। ব্ৰাহ্মণ সকল এই ফালেদিয়েই যাবহি। আৰু আহিবৰো সময় হৈছেহি। আহাঁ ভাইহঁত আমি ইয়াৰ পৰা আতৰি যাও। আমাক ইয়াত দেখা পালে তেওঁলোকে মনত বেয়া পাব পাৰে।

 কামদেব—বেয়া পাব পালেই বা বেয়া—আমাক নো বেয়া পাই কৰিব কি? যোৱা মানুহ তেওঁলোক বাটে বাটে গৈ থাকিব—ধেমালি কৰা মানুহ আমি ধেমালি কৰি থাকিম। অ' সৌৱা ধূলি উৰা যেন দেখিছোঁ—আহিছেই হবলা বামুণ বিলাক—। আহক—কলৈ আৰু আঁতৰি যাম গৈ। ইয়াৰে মানুহ ইয়াতে থাকিম।

 সুভানু—মানুহে কয় বোলে এই বামুণ বিলাক হেনো ত্ৰিকালজ্ঞ। ইহঁতে বোলে ভূত-ভবিষ্যতৰ কথা কব পাৰে। আহা ভাইহঁত আজি ইহঁতৰ প্ৰমাণকে চাওঁছোন! শাম্ব