এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭ম গৰ্ভাঙ্ক ]
৯৫
অৱসান
| ৰাধা— | বিদায়! বিদায়! সখি— |
| সখিবোৰ— | বিদায়—বিদায়—বি—দা—য় |
[ ৰাধাৰ প্ৰস্থান আৰু চকুলো টুকি টুকি সখি বিলাকৰোঁ প্ৰস্থান। ]
⸻
অষ্টম গৰ্ভাঙ্ক।
[ প্ৰভাসত সৰস্বতী তীৰ। আকাশ ধুঁৱলি কুঁৱলি, প্ৰকৃতিৰ গাত ধুঁৱলি কুঁৱলি বৰণ। সেই ধুঁৱলি কুঁৱলি বৰণৰ মাজত মুকলী-ধাৰী বালক কৃষ্ণৰ আবিৰ্ভাব। ]
| কুষ্ণ— | উল্লাসী অন্তৰ মোৰ! |
[মুৰুলীত 'ৰাধা' সুৰ বজায় আৰু ৰাধা প্ৰবেশ কৰি কৃষ্ণৰ কাষলৈ দুয়ো হাত মেলি আহে।]
| ৰাধা— | দিয়া নাথ! দিয়া আলিঙ্গন! |