সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭ম গৰ্ভাঙ্ক ]
৯৫
অৱসান
ৰাধা—

বিদায়! বিদায়! সখি—
[ নেপথ্যত বংশীধ্বনি। ৰাধাই শুনি চমকিত হয়। ]
শুনা সখি বাজিছে মুৰুলী—
ৰাধা সুৰ শুনা মুৰুলীৰ—
যাওঁ সখি!
ৰই আছে ৰাধানাথ!
বিদায়—বিদায়—

সখিবোৰ— বিদায়—বিদায়—বি—দা—য়

[ ৰাধাৰ প্ৰস্থান আৰু চকুলো টুকি টুকি সখি বিলাকৰোঁ প্ৰস্থান। ]

অষ্টম গৰ্ভাঙ্ক।

 [ প্ৰভাসত সৰস্বতী তীৰ। আকাশ ধুঁৱলি কুঁৱলি, প্ৰকৃতিৰ গাত ধুঁৱলি কুঁৱলি বৰণ। সেই ধুঁৱলি কুঁৱলি বৰণৰ মাজত মুকলী-ধাৰী বালক কৃষ্ণৰ আবিৰ্ভাব। ]

কুষ্ণ—

উল্লাসী অন্তৰ মোৰ!
শত বৰ্ষ বিচ্ছেদ অন্তত—
আধা অঙ্গ আধা প্ৰাণ
ৰাধা সতে মিলিম পুনৰ।

 [মুৰুলীত 'ৰাধা' সুৰ বজায় আৰু ৰাধা প্ৰবেশ কৰি কৃষ্ণৰ কাষলৈ দুয়ো হাত মেলি আহে।]

ৰাধা— দিয়া নাথ! দিয়া আলিঙ্গন!