সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৪
[ ২য় অঙ্ক
অৱসান
বৃন্দা—

সখি তাই! অন্তৰ্য্যামী তুমি—
কোৱা মোক কোৱা আজি—
কিয় মোৰ থাকি থাকি কঁপিছে অন্তৰ!
কিবা যেন নাই নাই—
থাকি থাকি বাজিছে হিয়াত!

ৰাধা—

শুনা সখি, কিয় তেনে লাগিছে আশঙ্কা!
আয়ুকাল আজি মোৰ পূৰ্ণ পৃথিবীত!
আজি ৰাতি সখি—
গোলোকধামত গাই
কৃষ্ণ সতে মিলিম পুনৰ।
তোমালোকো লগে লগে হবা অনুগামী—
প্ৰাণসমা প্ৰিয়তমা অষ্টসখী মোৰ!
বিদায়—বিদায়—দিয়া হিয়া উদঙ্গাই!
 [ সখি বিলাকে ৰাধাক বেঢ়ি লই গীত গায়। ]

গীত

বিদায়! বিদায়! নাই—সান্তনা।
প্ৰেম—প্ৰীতি—চকুলোৰ শেষ কামনা।
 তোমাকে সাবটি ধৰি—
 আজিও আছোঁ নমৰি—
তুমি সখি জীৱনৰ—জীৱ—জৰণা।
 মনে পতা আলাসৰ—
 ভাগিলে বালিৰ ঘৰ—
শেষ হল সপোনৰ—মায়া-ভাৱনা।