এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৪
[ ২য় অঙ্ক
অৱসান
| বৃন্দা— | সখি তাই! অন্তৰ্য্যামী তুমি— |
| ৰাধা— | শুনা সখি, কিয় তেনে লাগিছে আশঙ্কা! |
গীত
বিদায়! বিদায়! নাই—সান্তনা।
প্ৰেম—প্ৰীতি—চকুলোৰ শেষ কামনা।
তোমাকে সাবটি ধৰি—
আজিও আছোঁ নমৰি—
তুমি সখি জীৱনৰ—জীৱ—জৰণা।
মনে পতা আলাসৰ—
ভাগিলে বালিৰ ঘৰ—
শেষ হল সপোনৰ—মায়া-ভাৱনা।