সমললৈ যাওক

পৃষ্ঠা:অৱসান.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯০
[ ২য় অঙ্ক
অৱসান

 নন্দ—আমাক খেদি দিছা তোমালোকে! কানায়ে শুনিলে তোমালোকক কেতিয়াও ক্ষমা নকৰে! ব’লা যশোমতী! আমি বৰ দুৰ্ভগীয়া! আমি কানাইৰ দৰ্শন পাবৰ যোগ্য নহঁও! ব'লা যশোমতী! ব'লা ফিৰি যাঁও!

 যশোদা—কলৈ গলি বাছা কানাই?

 ১ম প্ৰহৰী—তোমালোকে কথা নুশুনা! আকৌ ইয়াত চিঞৰ বাখৰ কৰিছা!

 নন্দ—কানাইৰ নামলৈ কান্দিবলৈকো আমাক নিদিবা নে? কানাইক আমাৰ মাতিবলৈকো নিদিবা নে? আমি কান্দিম—কানাইৰ নাম ধৰি চিঞৰি চিঞৰি কান্দিম—কানাইয়ে শুনিলে লৰি আহিব! তোমালোকক ইয়াৰ বাবে শাস্তি হে দিব! কানাই! কলৈ গলি বাছা কানাই? ক'ত লুকালি কানাই?

 ২য় প্ৰহৰী—ভালেৰে কলে ইহঁতে কথা নুশুনে। ধৰ তেনে ইয়াক বান্ধি থওঁ।

[ প্ৰহৰী দুটাই নন্দক বান্ধে ]

 নন্দ—কানাইক মাতিলত—কানাইৰ নামলৈ কান্দিলত তোমালোকে—আমাক বান্ধিছা! বান্ধা, টানি বান্ধা—বান্ধোনত যেন কান্দোনৰ সাগৰ নামি আহে! বান্ধা—এনেদৰে! এনেদৰে বান্ধা! কানাই! কানাই!

 যশোদা—কানাই! তোৰ নামলৈ কান্দিবৰো আমাৰ—স্বাধীনতা নাই! চাই যা বাছা! তোৰ কাৰণে আজি চকুলো টুকিবৰো আমাৰ স্বাধীনতা নাই! আহ বাছা! আহ