পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮

 : তুমি যেতিয়াই কোৱা। এতিয়া কলে এতিয়াই যাম।

 অবাক হৈ চাই ৰল শ্যামলীয়ে সেমেকা হাঁহি এটি মাৰি বেগটো হাতত লৈ ওলাই যোৱা অদিতিলৈ।

০০ ০০ ০০

 টৰ্চ মাৰি ভালকৈ ভিতৰখন চাই ললে সি। পাহাৰীয়া টঙি ঘৰ। বাঁহৰ কামি ... ওপৰত টকৌ পাতৰ চালি। বাঁহৰ পাতল উৱলি যাব ধৰা বেৰ।

 ভালকৈ ওপৰে তলে তন্নতন্নকৈ চাইছে অনুৰাগে।

 পুৰণি যদিও ৰাতিটোৰ কাৰণে থকাৰ ব্যৱস্থা কৰিব পৰা যাব।

 : সাপ থাকিবও পাৰে।

 অনুৰাগৰ মুখত সাপৰ নাম শুনিয়েই গা জিকাৰ খাই উঠিল অমৃতাৰ। একে জাপে অনুৰাগৰ ওচৰ পালেহি তাই।

 : আছে নেকি সাপ সঁচাকৈ?

 সন্দেহী দৃষ্টিৰে ভয়ে ভয়ে ওপৰে তলে চাইছে তাই।

 : পালে দেখুৱাই দিম নহয়। চিন্তা নকৰিবি। পাগলীজনী।

 অমৃতাৰ সৰল প্ৰশ্নটো শুনি দুশ্চিন্তাৰ মাজতো হাঁহি বিৰিঙি উঠিছে অনুৰাগৰ মুখত। কৃত্ৰিম খং দেখুৱাই ভ্ৰূ কোঁচাই অনুৰাগলৈ ঘোপাকৈ চাইছে তাই। হাঁহি হাঁহি অনুৰাগে তক্তা তিনি ছটা পাৰিব ধৰিছে।

 : ৰাতিটো ইয়াতেই থাকিব লাগিব...পাৰিবিনে?

 : কিয় নোৱাৰিম?

 অনুৰাগে মৰমৰ চাৱনীৰে চাই ৰৈছে অমৃতালৈ।

 অবিন্যস্ত শাৰী, অবিন্যস্ত মেঘৰ দৰে চুলিটাৰী। অৱসাদ ভৰা চকুযুৰী।

 : বহুত কষ্ট দিছে ন?

 : একো কষ্ট দিয়া নাই অনু। একেটা কথা কৈ কৈ মোৰ মূৰ গৰম কিয় কৰ? মই স্ব-ইচ্ছাই আহিছোঁ তোৰ লগত মই এয়াই বিচাৰোঁ...

 হঠাৎ ৰৈ গ’ল তাই।

 কথাষাৰ আধা কৈ ৰৈ যোৱাত বিৰক্তিত অনুৰাগে ভ্ৰূ কোচাইছে। একেথৰে চাই ৰৈছে তাইৰ মুখলৈ ... সম্পূৰ্ণ বাক্য শুনাৰ আশাত।

 : পিছৰখিনি নকৱ কিয়?

 : কি ক’ব লাগে?

 : এই যে কলি... মই এয়াই বিচাৰোঁ....

 : অ’ ..মই এয়াই বিচাৰোঁ। আৰু কি কম? ক’লোৱেই দেখোন। কিমান বাৰ কম?

 : কেলেই? কোৱাত অসুবিধা কি? মই এতিয়াও ক’ব পাৰোঁ। হাজাৰবাৰ ক’ব পাৰোঁ।

 : .......

 : এতিয়া কওঁ নে??

 : উফফ অনুৰাগ।

 লজ্জাত আৰক্তিম হৈ উঠিছে তাইৰ দুয়োগাল।

 অনুৰাগলৈ নোচোৱাকৈ বেগখন খুচৰি ব্যস্ততাৰ ভাও ধৰিছে তাই। তথাপিও উৎকৰ্ণ হৈ ৰৈছে অমৃতা। ক’ব নেকি অনুৰাগে কিবা!!

 তাইৰো দেখোন শুনিবলৈ মন গৈছে অনুৰাগৰ মুখৰ পৰা নিৰ্গত সেই চিৰ আকাংক্ষিত বাক্য... এবাৰ নহয়, দুবাৰ নহয়, ....... হাজাৰবাৰ।

 : বেগত কি বিচাৰিছ? তাত একো নাই নহয়। তই বিচৰা সকলো বস্তু ইয়াতহে আছে ...

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড