তোৰ আত্মাক চুব খোজো।
অমৃতাৰ মুখখন নিজৰ দুয়োহাতেৰে তুলি ধৰি লৈ ক’লে সি ..।
বাকৰুদ্ধ হৈ চাই ৰল তাই অশ্ৰুসিক্ত দুচকুৰে অনুৰাগৰ গভীৰ দুচকুলৈ।
চাৰি চকুৰ সেই মিলনৰ উষ্মতাত ...
হিমালয় সম ওখ প্ৰাচীৰ নিঃশেষ হৈ আহিব ধৰিছে ....যেনেকৈ ৰ’দৰ উত্তাপত আত্মসমৰ্পণ কৰে বৰফৰ কঠিন পৃষ্ঠই।
কিমান সময়.. দুয়ো কব নোৱাৰে।
নিশা ক্ৰমাৎ গভীৰ হৈ আহিছে। দূৰৈৰ পৰা ভাঁহি অহা মটৰ চাইকেলৰ শব্দত সচকিত হৈ উঠিল দুয়ো।
অন্ধকাৰ কোঠাৰ ৱালতে আউজি নিস্তব্ধ হৈ ৰৈছে অমৃতা আৰু অনুৰাগ। উৎকৰ্ণ হৈ ৰৈছে সি।
সম্ভাৱ্য বিপদৰ আশংকাত ভয়ত বিৱৰ্ণ হৈ পৰিছে অমৃতা। ষষ্ঠ ইন্দ্ৰিয়ই যেন চিঞৰি চিঞৰি সজাগ কৰিছে ,
“বিপদ সমাগত” “ বিপদ সমাগত”
বুকুৰ ধপধপনীবোৰ দ্ৰুতৰ পৰা দ্ৰুততৰ হৈছে।
নিৰ্জন নিশাৰ নৈস্তব্ধতা ফালি মটৰ চাইকেলৰ কৰ্কশ শব্দ ভাঁহি আহি আছে.....
মটৰ চাইকেলৰ শব্দও ইমান বিকট....ইমান
ভয়ংকৰ হব পাৰেনে!!
অজান ভয়ত কঁপি উঠিছে অমৃতা।
কিছুপৰ পিছতে মটৰ চাইকেলৰ শব্দ নোহোৱা হৈছে।
মূৰটো ৱালতে আউজি স্বস্তিৰ নিশ্বাস এৰিলে অমৃতাই।
অনুৰাগে উঠি গৈ অন্ধকাৰতে আলমাৰীখন খুলি কিবা বস্তু উলিয়াই বেগত ভৰাব ধৰিছে।
সি জানে, সি নিজেই নিজক ৰক্ষা কৰিব লাগিব।
ইয়াত ফোন কৰিবলৈও নেটৱৰ্ক নাই।
আৰু নেটৱৰ্ক থাকিলেও যে কাৰোবাৰ পৰা সহায় পোৱা যাব, তাত সন্দেহ আছে।
সকলোৱে ভয়ত সন্ত্ৰাসবাদীৰ সৈতে তলে তলে মিলি থকাটোহে উচিত বুলি ভাবে।
অনুৰাগে জানে, গাঁৱৰ মানুহবোৰো পৰিচিত এই মাজনিশাৰ মটৰ চাইকেলৰ শব্দৰ সৈতে।
মাজনিশাৰ এই দৈত্যকায় গৰ্জন কৰ্ণপাত হলেই ভীতিগ্ৰস্ত গাঁৱলীয়া মানুহবোৰৰ ঘৰে ঘৰে অন্ধকাৰে বিৰাজ কৰে। নুমোৱাই দিয়া হয় সকলোৰে ঘৰৰ বিজুলী বাতি, চাকি, লেম্প।
অমৃতাৰ ওঁঠত নিজৰ তৰ্জনী আঙুলিটো থৈ সি তাইক মনে মনে থাকিবলৈ ইংগিত দিলে।
কিবা এটা সুধিব খুজিও ৰৈ গল তাই।
কি কৰিছে অনুৰাগে?
তাই ঠিক ধৰিব পৰা নাই। বুজিব পৰা নাই তাই অনুৰাগৰ গতি বিধি।
নিস্তব্ধতাৰ মাজত “কেৰেক” কৈ মূল দুৱাৰখনত এটি সৰু শব্দ হ’ল।
সতৰ্ক হৈ ৰৈছে অনুৰাগ।
অলপ পিছত ঘন হৈ আহিল সেই শব্দ।
কিবা তলকিব পৰাৰ আগতেই অনুৰাগে অমৃতাক অন্ধকাৰত টানি আনিলে নিজৰ ওচৰলৈ, দুৱাৰৰ চুকতে চেপি থিয় হৈ ৰল দুয়ো।
ভয়ত শৰীৰৰ ৰক্ত প্ৰৱাহ বন্ধ হৈ গোট মাৰি বৰফ হোৱাৰ উপক্ৰম হৈছে অমৃতাৰ।