পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫

 পাকঘৰৰ পৰা ভাঁহি আহিছে কাহী বাটিৰ টুং টাং শব্দ।

 কোঠাটোত বহি ৰৈছে অমৃতা আৰু অনুৰাগ।

 অনুৰাগৰ মুখেৰে সকলোবোৰ কথা শুনিবলৈ পাই তন্ময় হৈ চাই ৰৈছে তাই তাৰ দুচকুলৈ।

 বিস্ময়াবিভূত হৈ তাই শুনি ৰৈছে অনুৰাগৰ সন্ত্ৰাসবাদৰ যাত্ৰা... অৰণ্যৰ জীৱন ... আকৌ ,মাথো এমুঠি সেন্দূৰৰ ওচৰত হাৰ মানি যোৱা নিশাটো ... জেইলত অনুশোচনাত কটোৱা সময়বোৰ, তাৰ পিছত আকৌ তাৰ অনিৰুদ্ধ বৰুৱালৈ কষ্টকৰ পৰিৱৰ্তনৰ যাত্ৰা।

 প্ৰজ্বলিত মমৰ শিখাৰ সোণোৱালী পোহৰত উজ্জ্বলি উঠিছে অমৃতাৰ মুখৰ কেঁচা সোণ বৰণীয়া মুখ আৰু অনুৰাগৰ গভীৰ চকুযুৰ।

 দুয়ো দুয়োলৈ একেথৰে চাই ৰৈছে বহু সময়। এসোপা মৰম জাগি উঠিছে দুয়োৰে অন্তৰত।

 অব্যক্ত প্ৰেমে প্ৰকাশ পাইছে সৰ্বস্বতে... মৌন ওঁঠ , মৌন মুখ... দুচকুৰ চাৱনিত।

 আৱেগবোৰ পাৰ ভাঙি আহিব খুজিছে...কিন্তু বাস্তৱৰ কঠিন বুকুত খুন্দা খাই মুখ ঠেকেচা খাই পৰি ৰৈছে। অনুভূতিবোৰ নিয়ন্ত্ৰণৰ হেঁচাত উন্মাদ হৈ পৰিছে।

 এজুলুকা অশ্ৰুকণা চকুৰ কোণত জমা হৈছে... মমৰ পোহৰত প্ৰতিফলিত হৈ তিৰবিৰাই উঠিছে সেই অশ্ৰুকণা ... বুকুখন বিষাই উঠিছে তাৰ।

 সহ্য হোৱা নাই তাৰ।

 সহ্য হোৱা নাই এই ধুনীয়া চকুযুৰীত এই অশ্ৰুকণা।

 সোঁহাতখনেৰে তাইৰ ঠুঁতৰিত ধৰি মুখখন তুলি ধৰিলে সি....

 : অনু.....

 অনুৰাগে প্ৰত্যুত্তৰত একো নকলে। তাইক চুপ থাকিবলৈ ইংগিত দি সি ৰুমাল এখনেৰে মচি দিলে চকুহাল।

 : তোৰ চকুত চকুপানী মোৰ সহ্য নহয় অ। কিয় দুখ দিয় মোক?

 অমৃতাই কিছুপৰ স্থিৰ দৃষ্টিৰে, বহল দুচকুৰে চাই ৰ’ল অনুৰাগৰ মুখলৈ। অনুৰাগৰ চকুহালত পৃথিৱীৰ সমস্ত মৰম আৰু আৱেগবোৰ আহি গোট খাইছেহি যেন ...।

 : দুখ কোনে কাক দিছে অনু? জাননে তোৰ কাৰণে চবেই কিমান চিন্তা কৰি আছে?

 : চবেই মানে?

 : অদিতি, শ্যামলী,... এবাৰটো ফোন কৰি জনাই দিব পাৰ??

 : অদিতি আৰু শ্যামলীয়েই হবলা তোক জোৰ কৰি পঠাই দিছে মোৰ ওচৰলৈ। হয়নে?

 কৌতুক জিলিকি উঠিছে অনুৰাগৰ গম্ভীৰ চকুহালত।

 গাঁওখনত নেটৱৰ্ক ভালকৈ নাপায়...ইণ্টাৰনেট দূৰৰ কথা। ইফালে ভয়তে মাকে তাক ক’লৈকো যাব নিদিয়ে। আজি কোনোমতে সি মাকক বুজাই ওলাই গৈছিল টাউনলৈ...টাউনৰ এজন উকিল বন্ধুৰ ঘৰলৈ। তাৰপৰাই সি ফোন কৰিছিল অমৃতালৈ। নত ৰিচ্ছেবল পোৱাত শ্যামলীলৈ ফোন কৰিছিল। শ্যামলীয়ে তাক জনাইছিল কেনেকৈ তাৰ বাবে উদ্বিগ্ন হৈ কাৰো বাধা নমনাকৈ অমৃতা অকলেই গুচি গৈছিল।

 অনুৰাগৰ কৌতুক ভৰা দৃষ্টিলৈ চাই ৰৈছে তাই। ক’ব নোৱাৰাকৈয়ে ৰক্তিম আভা বিয়পি পৰিছে তাইৰ দুয়ো গালত।

 : অনু এইবোৰ উলতা পুলতা কথা নকবি মোৰ আগত। মোৰ তোৰ ওপৰত এনেও বহুত খং উঠি আছে।

 :কিয়?

 : এবাৰো ফোন কৰা নাছিলি কিয়?

 : মই ফোন কৰা হলে আহিলিহেঁতেন নে এনেকৈ মোক বিচাৰি গাঁৱলৈ??

 : অনু....

 : মিছা কথা ক’বলৈ শিকি গ’লি। সঁচা কবলৈ সাহস নোহোৱা হ’ল তোৰ ..

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড