পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২

 পুলিচ, প্রশাসন সকলাে উগ্রপন্থীৰ ভয়ত নিজৰ জীৱনৰ মােহত তলে তলে মিলি থাকে, সিহঁতক পইচা দিয়ে ।

 গতিকে সিহঁতক জানাে বিশ্বাস কৰিব পাৰি !!

 আন্ধাৰ নামি আহিছে ধৰাৰ বক্ষলৈ--

 ৰঙীন সেউজীয়া পৃথিৱীক এতিয়া কলা বগা ছবি এখনৰ দৰে দেখা গৈছে ..।

 “পাৱে পৰি হৰি কৰহো কাতৰি....”

 ভিতৰৰ পূজা ঘৰৰ পৰা ভাহি আহিছে অনুৰাগৰ মাকৰ দৰদী কণ্ঠ।

 সেই কণ্ঠৰ পৰা যেন নিগৰিত হৈছে অজস্ৰ দুখ, আৱেগ, শংকা ...

 ঘৰৰ ভিতৰত ধুপৰ গােন্ধ মলমলাই উঠিছে, বিয়পি পৰিছে ঘিঁউ চাকিৰ গােন্ধ। টিলিঙাৰ পৱিত্র সুমধুৰ শব্দ ভাঁহি আহিছে...

 পৱিত্ৰ ভাৱত চকুযুৰী মুদি দিলে তাই , অস্ফুট স্বৰত বিৰবিৰাই উঠিল ..

 “হে প্রভু...অনুৰাগ ভালে কুশলে থাকক...বিপদ অনুৰাগৰ বুকুলৈ অহাৰ আগত, মােৰ বুকুলৈ আহক”

 দুধাৰী গৰম লােতকে তিয়াই গৈছে তাইৰ দুয়াে গাল।

 তেনেতে হীৰা সােমাই আহিল।

 হীৰাই আহি মম এটা জ্বলাই টেবুলত থৈ গল। মমৰ পােহৰত উজ্জ্বল হৈ উঠিল আন্ধাৰে গ্ৰাস কৰিব ধৰা কোঠাটো ।

 “আমাৰ ইয়াত বিদ্যুতৰ একো ভৰসা নাই অমৃতা বাইদেউ” বুলি কৈ ওলাই গল কোঠাটোৰ পৰা তাই।

 হঠাতে অমৃতা বহাৰ পৰা উঠিল।

 আৰু নােৱাৰে তাই এনেকৈ অনিশ্চয়তাত থাকিব।

 পাতল স্বল এখন গাত মেৰিয়াই খৰধৰকৈ ওলাই আহিল অমৃতা।

 দুৱাৰখন লাহেকৈ পিছফালে জপাই দি তাই খৰ খােজেৰে ওলাই আহিল ঘৰৰ পৰা।

 এই কানিমুনি আন্ধাৰত কোন দিশে যাব তাই ঠিক ধৰিব পৰা নাই।

 কিছুদূৰলৈ ইতিমধ্যে আহিছেই তাই।

 আগতে এই গাঁওখনৰ প্রতিটো অলি গলি, প্ৰতিটো চুক কোন ঘােৰ অমাৱশ্যাটো চিনি পাইছিল, এতিয়া সেই একেই গাঁওখন ভীষণ অপৰিচিত, আৰু ভয়ংকৰ যেন লাগিছে তাইৰ... চৌদিশে যেন মাথাে বিপদেই বিপদ।

 তাইৰ বাবে।

 অনুৰাগৰ বাবে।

 অকণমান ঠাইতে থিয় হৈ ৰৈ একো উৱাদিশ নাপায় তাই আন্ধাৰতে নির্জনােক্তি কৰি উঠিল।

 “ক’ত আছ অনুৰাগ? ক’ত?”

 দূৰৈৰ হাবিতলীয়া ঠাইডােখৰৰ পৰা শিয়ালৰ মাত আন্ধাৰতে ভাঁহি আহিছে।

 ভেকুলীৰ টোৰটোৰণী, জিলিৰ মাত সকলাে মিলি যেন ৰহস্যময় পৰিৱেশৰ সৃষ্টি হৈছে।

 ওখ ওখ গছবােৰক একো একোটা বিৰাট আকাৰৰ দৈত্য যেন লাগিছে।

 হুৰহুৰাই মাজে মাজে বলি অহা চেঁচা বতাহত ভৰিৰ পৰা মুৰলৈ কঁপি উঠিছে অমৃতা ।

 তথাপিও আগবাঢ়ি গৈছে তাই।

 হঠাতে কিহবাত উজুটি খাই শৰীৰৰ ভাৰসাম্য হেৰুৱাই পৰিব লওঁতেই এটা উষ্ম, বলিষ্ঠ বাহুবন্ধনৰ মাজত সােমাই পৰিল তাই তর্কিব পৰাৰ আগতেই।

 ভৰিৰ অসহ্য বিষাে অনুভৱ কৰা নাই তাই....

 অনুভৱ কৰিছে মাথাে সেই উষ্ম, সৰগীয় সান্নিধ্য।

 বুকুখন কোনাে ন-যৌৱনা গাভৰুৰ দৰেই ধপধপাই উঠিছে, এক গভীৰ প্রশান্তিত চকুযুৰী জাপ খাই আহিছে.. আৱেগত অভিমানত উদ্বেলিত হৈ দুচকুৰে সৰসৰাই চকুলাে বাগৰি আহিছে।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড