এজাক বৰষুণ জৰজৰাই খহি আহিব হয়তাে কিছু পৰ পিছতেই!!
বৰষুণ অহাৰ আগতেই হােটেল এখনত উঠিব লাগিব। মনতে ভাবিলে তাই। বৰষুণৰ কথা মনলৈ অহাৰ লগে লগেই অলপ খৰ গতিৰে খােজ আগবঢ়ালে অমৃতাই। তেনেতে মােবাইলটো বাজি উঠিল। অদিতি। কলটো তৎক্ষণাত ৰিছিভ কৰিলে তাই।
: অদিতি, এই জাষ্ট লেণ্ডিং হল। ওলাই আহিছাে মাত্র।
: অকে ডেটছ গুড দেট ইউ ৰিচ্ছ চেইফলি। আচ্ছা শুনা। আই হেভ বুকড এ হটেল ফৰ ইউ। বুকিং দিতেইলছখিনি তােমাৰ ই-মেইলত পঠিয়াই দিছো । এতিয়াই চোৱাচোন। তােমাৰ নাইট চুপাৰ কেইটা বজাৰ?
ৰাতি ন বজাত দিপাৰ্চাৰ । কিন্তু সেই কাম মই নিজেও কৰিব পাৰিলােহেঁতেন অদিতি।
: একো নহয় অ। মােৰ মনতেই অহা নাছিল। শ্যামলীয়ে কোৱাতহে লগে লগেই বুকিং কৰি দিলাে।
: ঠেংক ইউ ছ’ মাচ্ছ অদিতি। তােমাৰ আৰু শ্যামলীৰ ইমান মৰমৰ ধাৰবােৰ কেনেকৈ যে শুজিম নহয়!!
: সেইবােৰ তুমি এতিয়া নকবা ৷ মুঠতে ছয় ঘণ্টা মান ভালকৈ জিৰণি লবা হােটেলত। বহুত বেছি চিন্তা নকৰিবা।
: অনুৰাগে ফোন কৰিছে নেকি অদিতি?
: নাই কৰা। তথাপিও তুমি চিন্তা নকৰিবা। সি গাঁৱলৈ যাম বুলি কৈ যােৱা নাই জানাে??
মােৰ বিশ্বাস অনুৰাগক তুমি গাঁৱতেই লগ পাবা।
কিছুপৰ মৌনতাৰ পিছত কলে অদিতিয়ে।
: হুম।
অদিতিৰ বিশ্বাসেই সত্য হওঁক।
মনতে প্রার্থনা কৰিলে তাই।
: অকে দেন, বাই, টেক কেয়াৰ। বি ব্রেভ । এণ্ড আই ন’ ইউ আৰ ব্রেভ । পিছত কল কৰিম আকৌ।
: বাই।
মােবাইলটো হাতত লৈ অলপ খৰ গতিৰে ওলাই আহিল তাই। অদিতিৰ প্রতি এবুকু কৃতজ্ঞতা উথলি উঠিছে অমৃতাৰ মনত।
মুম্বাই মহানগৰীৰ কংক্রীটৰ সেই কৃত্রিম শ্বাসৰুদ্ধময় সময়বােৰৰ, তাইৰ একমাত্র অকৃত্রিম বান্ধৱী, ... অদিতি। কিমান নিঃস্বার্থ ভাবে যে তাইক ভাল পায়, তাইৰ বাবে চিন্তা কৰে, প্ৰতিটো খােজত সহায় কৰে আৰু শ্যামলীজনীও... !!
মৰমলগা, প্রাণশক্তিৰে ভৰপূৰ, মিঠা বৰণীয়া ছােৱালীজনী দুদিনতে নিজৰ ভনীয়েক যেন হৈ পৰিল।
সিহঁতৰ ভালপােৱাৰ প্রতিদান যে তাই একোৱেই দিব পৰা নাই.... দিবলৈ পাৰিবও নে তাই এই জনমত? শুজিব পাৰিবনে এই মৰমৰ ঋণবােৰ ??
কথাবােৰ মনতে ভাৱি ভাৱি আগুৱাই গৈ থাকিল তাই।
নিজৰ লাগেজ কালেক্ট কৰি, লাগেজ ট্রলি ঠেলি ওলাই আহিল তাই একজিত ৱে’ৰ পৰা।
হাতৰ ঘড়ীটোলৈ চাই পঠিয়ালে অমৃতাই। দুই বাজি গৈছে ইতিমধ্যে।
উবেৰৰ গাড়ী এখন বুক কৰি তাই হােটেলৰ দিশে ৰাওনা হল। হােটেলৰ এড্রেচতাে গুগল মেপত ট্রেক কৰি তাই যেতিয়া হােটেলত উঠিছিলগৈ সময় ইতিমধ্যে তিনি বাজি গৈছে ।
অদিতিয়ে শিকাই দিয়াৰ দৰেই প্ৰতিটো খােজত এটা সাৱধানতা অৱলম্বন কৰিছে তাই।
দুর্বল হলে নহ’ব।
নিজৰ মনটোক ডাঠ কৰি লৈছে অমৃতাই।
তাই সবল হব লাগিব, সাহসী হব লাগিব।
নির্দিষ্ট চিটি হােটেলখনত চেক ইন কৰি হােটেলৰ কোঠাত বহি তাই অদিতিলৈ ফোন কৰিলে।
: অদিতি, মই সঁচাকৈ অকলে আহিলোঁনে মুম্বাইৰ পৰা গুৱাহাটী? নিজৰেই বিশ্বাস হােৱা নাই জানানে!!