পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬

দেখিছে কিদৰে অনুৰাগে দিনে নিশাই লাগি থাকি শুশ্রূষা কৰিছে অমৃতাৰ । এইকেইটা দিনত যেন অনুৰাগে নিজৰ বিষয়ে সম্পূর্ণ পাহৰিয়েই পেলাইছিল ।

 অমৃতা সুস্থ হৈ উঠা দেখি শ্যামলীও সমানে আনন্দ অনুভৱ কৰিছে। অনুৰাগৰ ম্লান হৈ পৰা দুচকু তিৰবিৰাই উঠিছে। সেই দুচকুৰ অপূর্ব উজ্জ্বলতা দেখি শ্যামলীয়ে মনত অনুভৱ কৰিছে অপাৰ আনন্দ। তাই বুজি উঠিছে নিজৰ প্রেমাস্পদৰ সুখত সুখ অনুভৱ কৰা...সেয়াই হয়তাে প্রেম।

 নিজৰ মনৰ বাসনা পূৰ কৰিবলৈ তাই ইচ্ছা কৰিও যে স্বার্থপৰ হ’ব নােৱাৰিলে।

 কাৰণ তাই জানে, তাইৰ হৃদয়, অন্তৰাত্মাই জানে, তাইৰ প্ৰেম সত্য...ঠিক যেনেকৈ সত্য এই পৃথিৱী, ইয়াৰ বায়ু, আকাশ, পানী, মাটি।

 প্রথম এসপ্তাহ তাই কান্দিছিল, খােৱা বােৱা বন্ধ কৰি দিছিল কথাবােৰ জানিব পাৰি। আচৰিত হৈছিল তাই, বিশ্বাস হােৱা নাছিল,...প্রচণ্ড অভিমান জাগি উঠিছিল, ... মনত প্রশ্ন উদয় হৈছিল, কেনেকৈ অনিৰুদ্ধ বৰুৱা, অনুৰাগ বৰুৱা হব পাৰে! !

 এসপ্তাহৰ মূৰত তাই নিজেই ৰব নােৱাৰি হস্পিটেলত পুনৰ উপস্থিত হৈছিল অনুৰাগৰ সন্মুখত। অনুৰাগৰ কষ্ট, দুখ, ম্লান অনুজ্জল মুখ দেখি হতভম্ব হৈ গৈছিল তাই৷

 অনুৰাগৰ কষ্ট দেখি বুকুখন মুচৰ খাই গৈছিল তাইৰ ... আৰু নিজে নিজেই বুজি উঠিছিল কিমান গভীৰ আৰু নিষ্পাপ অনুৰাগ আৰু অমৃতাৰ মাজৰ সম্বন্ধ।

 হৃদয়ৰ একোণত মিহি বিষ এটা এতিয়াও অনুভৱ কৰে তাই প্রায়ে।

 আৰু তেতিয়াই তাই নিজক বুজায়, তাই যাক ভাল পাইছিল সেয়া আছিল অনিৰুদ্ধ বৰুৱা, বিজিনেছমেন অনিৰুদ্ধ বৰুৱা।

 আৰু তাইৰ সন্মুখত এয়া অনিৰুদ্ধ বৰুৱা নহয়... মাথো অনুৰাগ বৰুৱা। আৰু এই অনুৰাগৰ মন, মগজু, হৃদয়ৰ ওপৰত অধিকাৰ মাথাে অমৃতাৰ ...।

 অমৃতা আৰু অনুৰাগৰ হৃদয় আৰু আত্মাৰ সেই পৱিত্ৰ বন্ধনৰ মাজত কোনাে অন্য নাৰীৰ বাবে অনুৰাগৰ অন্তৰলৈ প্রবেশদ্বাৰ নাই।

 সেয়ে অনুৰাগৰ অন্তৰত, তাৰ জীৱনত শ্যামলিমাৰ প্ৰৱেশ নিষিদ্ধ। সেয়া তাই বুজি উঠিছে... আৰু মানি লৈছে হৃদয়ৰ গভীৰৰ পৰা সেই সত্যক।

 “ইউ আৰ ভেৰি লাকি ইউ ন’। অনুৰাগে মাথাে তােমাক ভাল পায়। মাথাে তােমাক অমৃতা।

 কিমান মানুহৰ কপালত নাে সঁচা প্রেম আহে কোৱাচোন ? অনুৰাগ এণ্ড অমৃতা ..জাষ্ট মেদ ফৰ ইছ আদাৰ। এতিয়া তুমি জীৱন জিয়াবই লাগিব ... অনুৰাগৰ বাবে।”

 অদিতিয়ে ভেজিটেবল চুপ যতনাই দি অমৃতাৰ কাণে কাণে কৈছিল স্পষ্টকৈ।

 অদিতিৰ কথাত কোনাে ন যৌৱনা গাভৰুৰ দৰেই লাজত ৰক্তিম হৈ আহিছে তাইৰ দুয়াে গাল।

 তাই লুকাই লুকাই হেঁপাহ পলুৱাই চাব ধৰিছে ইটো সিটো কৰি ব্যস্ত হৈ থকা অনুৰাগলৈ।

 অমৃতাৰ দুচকুত জ্বলমলাই উঠিছে দুটোপাল চকুলাে। অনুৰাগ, অদিতি, শ্যামলীৰ আদৰ সাদৰত তাই অভিভূত হৈ পৰিছে। ধন্যবাদ দিবলৈও ধন্যবাদ যেন এটা তেনেই সৰু শব্দ।

 প্রথমবাৰ তাই অনুভৱ কৰিছে ইমান কেইটা বছৰৰ পিছত ..

 ... হয় তাইক ভাল পােৱা মানুহ এতিয়াও আছে এই পৃথিৱীত, যাৰ বাবে তাইৰ জীৱনটো মূল্যবান।

 নিজকে ভাস্কৰ দত্তৰ কবলৰ পৰা মুক্ত অনুভৱ কৰিছে তাই। তথাপিও মনত অহৰহ এটা ভয় লাগিয়েই আছে ..এই যেন ভাস্কৰ দত্ত এতিয়াই সােমাই আহিব আৰু .....অপদস্থ কৰিব তাইক..

 কথাষাৰ ভাবিলেই সর্ব শৰীৰ জিকাৰ খাই ঘামি উঠে তাইৰ।

 অনুৰাগৰ মৰম আৰু সাহসত, অদিতিৰ ধমকত লেডী পুলিচ গৰাকীৰ আগত ভয়ে ভয়ে অমৃতাই নিজৰ ষ্টেটমেন্ট

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড