পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫

 নাই .. অন্তত অদিতিৰ নাই , শ্যামলিমাৰ নাই...।

 উৰন্ত সময় ... আৰু দুৰন্ত তাৰ গতি।

 আৰু তেনেকৈয়ে সময়ৰ গতিত ...প্ৰতিটো ক্ষণ, প্রতিটো পল, মুহূর্ত, পলকতে অতীতৰ বুকুত লীন হয় যায়।

 অমৃতা আই চি ইউ’ত এডমিট হােৱাৰ পিছৰপৰা এমাহ পূৰ হবলৈ মাজত আৰু দুটামান দিন বাকী মাত্র ।

 ঠিক সেই কেইটা দিনতে অনুৰাগ কাষত বহি থাকোতেই অমৃতাৰ দুচকুৰ পতা সঘনাই লৰি উঠিছিল, দুর্বল হাতৰ আঙুলিবােৰ লৰচৰ কৰিছিল, কঁপি উঠিছিল শেতা ওঁঠযুৰী ।

 অনুৰাগৰ যেন নিজৰ দুচকুৰ ওপৰতেই বিশ্বাস হােৱা নাছিল। লৱৰি গৈ সি মাতি আনিছিল কৰ্মৰত নাৰ্ছ, ডক্তৰসকলক।

 ডক্তৰে পৰীক্ষা কৰিছিল । ৰেছিডেন্ট লেডী ডঃ গৰাকীৰ মুখতাে বিয়পি উঠিছিল এটি আনন্দৰ হাঁহি। হয়... অমৃতা আৰু অজ্ঞান হৈ থকা নাই।

 আনন্দত উত্ৰাৱল হৈ উঠিছিল অনুৰাগ সৰু লৰাৰ দৰে।

 পেছেন্ট কেয়াৰ টিমটোৰ অহৰহ প্ৰচেষ্টাত অমৃতাই চেতনা ঘূৰাই পাইছিল যদিও শৰীৰ অত্যন্ত দুর্বল। মুখ ফুটাই একো কৈ উঠা নাই তাই ... কিন্তু দুচকুত বিষাদ স্পষ্ট।

 অত্যন্ত দুর্বল দৃষ্টিৰে তাই মাথাে আচৰিত হৈ চাই ৰৈছিল অনবৰতে তাইৰ আশে পাশে ঘূৰি তাইৰ লগত লাগি থকা অনুৰাগলৈ। সপােন সপােন যেন লাগিছিল তাইৰ সকলাে।

 সঁচাই অনুৰাগ নে?

 নিজকে দোষী দোষী অনুভৱ কৰিছিল তাই। অনুৰাগৰ ওচৰত লাজো লাগিছিল। অনুৰাগে হয়তাে তাইক এতিয়া পুতৌৰ দৃষ্টিৰে চাব।

 : মােক মৰিবলৈ এৰি নিদিলি কিয়?

 অস্পষ্ট ক্ষীণ কণ্ঠৰে আক্ষেপ কৰিছিল অমৃতাই।

 : লগতে মােকো মাৰি নিব পাৰিবিনে? যদি পাৰ তেতিয়াহলে মৰিবলৈ দিম। আমি দুয়াে একেলগে মৰিম। একেলগে মৰিলেহে একেলগে আকৌ জনম লম।

 :.....

 : অহা জনমত আৰু এই বাৰৰ দৰে ভুল নকৰাে মােৰ সােণ।”

 গভীৰ দৃষ্টিৰে তাইৰ দুচকুত নিজৰ চকু থৈ কৈছিল সি অত্যন্ত আৱেগেৰে। সজল দৃষ্টিৰে চাই ৰৈছিল তাই অনুৰাগৰ চকুহাললৈ। সেই চকুহালৰ পৰা নিগৰি অহা মৰমৰ উত্তাপ অনুভৱ কৰিছে তাই। অনুৰাগৰ দুচকুৰ সেই সুগভীৰ দৃষ্টি, গুৰুগম্ভীৰ আৱেগিক কণ্ঠস্বৰ, তাৰ দুহাতৰ মুঠিত আৱদ্ধ তাইৰ নিজৰ হাতখন.. সেই হাতখনেদি তাইৰ শৰীৰলৈ প্ৰৱেশ কৰা তাৰ কলিজাৰ উত্তাপে.. চুই গৈছিল তাইক।

 চুই গৈছিল তাইৰ অন্তৰাত্মা ।

 আৰু দুনাই অনুৰাগৰ আগত নিজৰ মৃত্যুইচ্ছাৰ কথা কবলৈ আৰু তাইৰ সাহস হােৱা নাছিল।

 অমৃতা ভালকৈ সুস্থ হৈ উঠাৰ পিছত তাইক ডীলাক্স কেবিন এটালৈ শ্বিফট কৰা হল। কেবিনলৈ শ্বিফট কৰাৰ দিনা অনুৰাগে হাঁহিমুখেৰে নিজহাতেৰে আই চি ইউ’ৰ সমূহ ষ্টাফক বিলালে কেইবাবিধাে মিঠাই। চকুৱে মুখে জিলিকি উঠিছে আনন্দৰ ৰেখা।

 অদিতি আৰু শ্যামলী, দুয়াে অপলক নেত্রে চাই ৰৈছে অনুৰাগলৈ। অনুৰাগৰ মনৰ স্ফূর্তি, উচ্চাহ বিয়পি পৰিছে সমগ্র মুখমণ্ডলত , ম্লান পৰি যােৱা মুখখন সতেজ হৈ পৰিছে আনন্দত।

 শ্যামলীয়ে মন কৰিছে এইকেইদিনত যথেষ্ট ক্ষিণাইছে অনুৰাগ। কিচকিচিয়া কলা কেঁকোৰা চুলিখিনিও বেছিকৈ অবিন্যস্ত হৈ পৰিছে ... অবিন্যস্ত দাড়ি।

 নহ’বনাে কিয় ?

 অদিতিয়ে দেখিছে, শ্যামলীয়ে দেখিছে, আই চি ইউ ৰ সমূহ নাৰ্ছ, ডক্তৰ, টেকনিছিয়ান, চিকিউৰীতি গার্ড সকলােৱেই

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড