পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪

 পুলিচ দেখি ভয়ত ঘামি উঠিল ভাস্কৰ। আকৌ কিয় বা মাতিছে ? তাৰ বিৰুদ্ধে কিবা প্রমাণ পােৱা নাইতাে?? চুইছাইড নােট লিখি থােৱা নাই অমৃতাই। কিন্তু প্রমাণ অইন কৰবাত এৰি গৈছে নেকি তাই?? এই... এই অনিৰুদ্ধ বৰুৱাৰ হাতত৷

 :কলৈ ?

 কম্পিত কণ্ঠৰে সেপ ঢুকি সুধিলে সি। তীক্ষ দৃষ্টিৰে চাই ৰল অনুৰাগে।

 : প্রশ্ন বেছি নুসুধিব। প্রশ্ন সােধা পুলিচৰ কাম। আপুনি যাওকচোন এওঁলােকৰ লগত ।

 ভাস্কৰ দত্তই এবাৰ অনিৰুদ্ধ বৰুৱালৈ, আনবাৰ পুলিচ দুজনৰ মুখলৈ সন্দেহৰ দৃষ্টিৰে চাইছে। অনিৰুদ্ধ বৰুৱাৰ গহীন মুখখনত যেন স্পষ্ট হৈ উঠিছে বিষাদ পূর্ণ কটাক্ষ ভৰা হাঁহি।

 কিবা যেন গভীৰ ষড়যন্ত্র কৰিছে অনিৰুদ্ধ বৰুৱাই।

 পুলিচ দুজনে ভাস্কৰক একো কথা কোৱাৰ অৱকাশ নিদিয়াকৈ অইন এটা কোঠালৈ লৈ গল । সেই কোঠাত ইতিমধ্যে ডক্তৰ চেতন মিশ্র, অদিতি শইকীয়া আৰু এগৰাকী নাৰ্ছ উপস্থিত আছিল।

 অমৃতাৰ স্বামী ভাস্কৰ দত্তক পুলিচে এৰেষ্ট কৰি লৈ গৈছিল।

 তেওঁৰ ওপৰত গুৰুতৰ আৰােপ দিয়া হৈছিল ... বহু বছৰ ধৰি নিজৰ পত্নীক শাৰীৰিক পীড়া আৰু মানসিক অত্যাচাৰ কৰি আত্মহত্যা কৰিবলৈ বাধ্য কৰােৱা, লগতে নিজৰ পত্নীক ধর্ষণ কৰা যাক কোৱা হয় “মেৰাইটেল ৰেপ”।

 অমৃতাই পুলিচৰ আগত ষ্টেটমেন্ট দিব নােৱাৰিলেও ভাস্কৰ দত্তৰ বিৰুদ্ধে সাক্ষ্য দিছিল অমৃতাৰ ঘনিষ্ঠ বান্ধৱী অদিতিয়ে।

 ডক্তৰ চেতন মিশ্ৰ আৰু ৰেছিডেন্ট ফিজিছিয়ান ডক্তৰ অবন্তিকাই দিয়া ফিজিকেল একজামিনেছন ৰিপাের্ট টোও এই ক্ষেত্ৰত যথেষ্ট সহায়ক হ’ল।

 ফিজিকেল একজামিনেছনত ধৰা পৰা অমৃতাৰ শৰীৰৰ গােপন অংগবােৰত লগা অসংখ্য সৰু বৰ দাঁতৰ দাগবােৰ ভাস্কৰে দিয়া শাৰীৰিক অত্যাচাৰৰ স্বাক্ষৰ স্বৰূপ আছিল। খং, দুখ, যন্ত্রনাত অনুৰাগে সকলাে পাহৰি ভাস্কৰ দত্তৰ ডিঙিত খামুচি ৱালত ঠেকেচি ধৰি এখন হাতেৰে উপর্যপূৰি প্রচণ্ড ঘােচা মাৰিছিল নাকে মুখে । পুলিচ, সুৰক্ষা গার্ড, সকলাে মিলি কোনােমতে ভাস্কৰ দত্তক অনুৰাগৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছিল।

 অনুৰাগৰ সেই জ্বলন্ত ৰূপ দেখি নির্বাক হৈ পৰিছিল শ্যামলী আৰু অদিতি।

 ভাস্কৰ দত্ত এৰেষ্ট হােৱাৰ পিছত অনুৰাগে দিনে নিশাই হস্পিটেলত থাকি অমৃতাৰ লগত লাগি থাকিছিল । অমৃতাৰ সকলাে দায়িত্ব সি মূৰ পাতি লৈছিল। অমৃতা আৰু শ্যামলী ও অনুৰাগক পূর্ণ সহযােগ কৰিছিল।

 চেতনাহীন অমৃতাৰ চেঁচা হাত দুখন নিজৰ হাতৰ মুঠিৰ উমত আৱদ্ধ কৰি বহু সময় ধৰি কথা পাতে সি... ক্ষমা খােজে শৈশৱৰ স্মৃতি ৰােমন্থন কৰে।

 অনুৰাগে অকলে অকলে আত্মবিভােৰ হৈ কৈ যায় ... আধুনিকতাৰ প্ৰভাৱ ভালকৈ নপৰা এৰি অহা গাঁৱখনৰ কথা ..গাঁৱখনৰ পৰা দেখা পােৱা দূৰৈৰ সেউজীয়া পাহাৰ, পাহাৰৰ বুকুত ডুব যােৱা পশ্চিমৰ সােণােৱালী বেলি ,গাঁৱৰ সেউজীয়া পথাৰ, পথাৰৰ বােকা, বৰষুণ, শাওনত বাঢ়ি অহা মৰমৰ নদীখনৰ কথা, দীঘলীয়া উকি দি যােৱা ৰেলগাড়ীখনৰ পিছে পিছে দৌৰি যােৱা অতীতৰ সুমধুৰ স্মৃতি... শৈশৱৰ সেই খেল ধেমালি...সকলাে।

 মােহাচ্ছন্ন হৈ অদিতি আৰু শ্যামলী দুয়াে শুনি ৰয়, অপলক নেত্রে চাই ৰয়...অনুৰাগৰ গহীন মুখখনলৈ , গম্ভীৰ চকুহাললৈ।

 স্বপ্নাছন্ন হৈ নিজৰ নিজৰ কল্পনাৰ দৃষ্টিৰে দুয়ােজনীয়ে বিচৰণ কৰে অনুৰাগ আৰু অমৃতাৰ সেউজীয়া গাঁওখনত, সেই গাঁৱৰ বােকা, পথাৰ, গছ বিৰিখৰ লগত ... কল্পনাৰ নদীখন যেন দুচকুৰ আগত বৈ যায় নিৰৱচ্ছিন্নভাৱে . .আৰু কল্পনাতে দেখা পায় সেই নদীৰ গৰাত বহি থকা অকৃত্রিম এহাল কিশােৰ কিশােৰী... অনুৰাগ আৰু অমৃতা।

 জীৱনত যে পােৱাতকৈ নােপােৱাহে বেছি, অনুভৱ কৰে দুয়ােজনীয়ে।

 অনুভৱ কৰে অমৃতা আৰু অনুৰাগ যে সঁচাই ভাগ্যশালী ... কিমান জনৰ জীৱনত নাে প্রকৃত প্রেম আহে!! অমৃতা আৰু অনুৰাগৰ দৰে প্ৰকৃত গভীৰ প্ৰেমৰ অমিয় মৌ ৰস পান কৰা সৌভাগ্য কিমান জনৰ কপালতনাে থাকে ??

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড