পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৫০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০৪

বিশেষ সংযোজন

অৰ্দ্ধ-আকাশলৈ একলম

 

 বৰ্তমান সময়ৰ শক্তিশালী মাধ্যম ফেচবুকৰ মজিয়াত জন্ম হোৱা “অৰ্দ্ধ আকাশ” নামৰ গ্ৰুপটোৰ লগত প্ৰথম দিনৰ পৰাই মই জড়িত হৈ আছোঁ। এইখন যেন মহিলাৰ এখন সুকীয়া পৃথিৱী। য’ত বিনা সংকোচে মনৰ সকলো ভাব মুকলিকৈ আদান-প্ৰদান কৰিব পাৰিছোঁ। “অৰ্দ্ধ আকাশ”ৰ বুকুত সৃষ্টি হৈছে বহু লেখিকা। যি সময়ত অসমীয়া ভাষাৰ প্ৰতি আগ্ৰহ কমা বুলি আলোচনা হৈছে, আজি কিন্তু এই মজিয়াত অসমীয়া ভাষাৰ প্ৰতি হাজাৰ গৰাকীৰ আগ্ৰহ বঢ়া দেখিছোঁ। বৰ্তমান সময়ত এইয়া এক বৃহৎ সফলতা। সংসাৰৰ ব্যস্ততাত বহু বছৰ পঢ়িবলৈ আৰু লিখিবলৈ এৰিছিলোঁ। এতিয়া আগ্ৰহ বাঢ়িছে। “অৰ্দ্ধ আকাশৰ” মজিয়াত কলম ধৰিব শিকিছোঁ নতুনকৈ। মোৰ দৰে হয়তো বহুতেই কলম ধৰিছে আকৌ। বহুতৰ কলমৰ আগত হয়তো শব্দই খেলিছে এতিয়া। সৃষ্টি হৈছে কবিতা, গল্প, উপন্যাস আদি। আজি ফেচবুক মজিয়াৰ পৰা ছপাশাললৈ যাত্ৰা “অৰ্দ্ধ আকাশ”ৰ। আমাৰ লিখনী প্ৰকাশ হ’ব। এইয়া বহুত সুখৰ কথা। অন্তৰৰ পৰা “অৰ্দ্ধ আকাশ”ৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। আমাক নতুনকৈ পঢ়িবলৈ, লিখিবলৈ আৰু মনৰ সকলো কথা আলোচনা কৰিবলৈ এইখন মজিয়া দিয়াৰ বাবে জয়শ্ৰী মেছ গগৈ, কৰবী চৌধুৰী প্ৰধান আৰু এডমিন সকলক আন্তৰিক ধন্যবাদ জনালোঁ।

বেবীৰাণী দেৱী
গুৱাহাটী

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড