পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৫০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫০৩


ৰাণী।

 ভেনিছ ত এটাই মাথো মুখ্য আৰু দুটা কাষৰীয়া পথ। এশ সত্তৰ টা খাল এই পানীৰ চহৰৰ মাজত আছে, বাকীবোৰ সৰু সৰু দলং আৰু অতি ঠেক গলি।

 ভাবিলে আচৰিত লাগে যে পানীৰ ওপৰত থকা এই প্ৰকাণ্ড অট্টালিকা সমূহৰ মূল foundation হল একপ্ৰকাৰৰ কাঠ। ভেনিছৰ বুৰঞ্জী জানিবলৈ হ’লে বহু বছৰ পিছুৱাই যাব লাগিব। সৰু সৰু দ্বীপ ত বোকা, বালি আৰু কাঠৰ সংমিশ্ৰণ ত এই অট্টালিকা বোৰ সজা হৈছিল। কিন্তু প্ৰশ্ন আহে, যিহেতু কাঠ পঁচি যায়, কিদৰে ভেনেছিয়ান সকলে এই কাম কৰিবলৈ সাহ কৰিছিল? কাঠে অক্সিজেন লব নোৱাৰে কাৰণ এইবোৰ বোকা আৰু পানীৰ তলত, তদুপৰি অহৰহ mineral rich পানী সৰবৰাহ হৈ থকাৰ হেতুকে কথাবোৰ আজিও মজবুট, শিলৰ দৰেই। কি যে কাৰিকৰী আৰু স্থাপত্য বিদ্যাৰ উদাহৰণ এই ভেনিছ!!

 ভেনিছৰ পুৰণি আৰু বিখ্যাত খাদ্য হল Risi Bisi, মানুহৰ ঘৰত আৰু সৰহভাগ ৰেস্তোৰাঁ তে এই খাদ্য পোৱা যায়। অতি সাধাৰণ আৰু মুখৰোচক এই খাদ্য চাউল আৰু সেউজীয়া মটৰ ৰ সংমিশ্ৰণ, লগতে ডাঠ কৈ কটা ইটালীয়ান বেকণ।

 যদিও ভেনিছ সুৰক্ষিত ,তথাপি পিক পকেট কৰা লোকৰ অভাৱ নাই যিহেতু ঠাইখন ভ্ৰমণকাৰীৰ স্বৰ্গ। ভেনিছ ক পুৰাকৈ উপভোগ কৰিবলৈ হলে ত্ৰিছ মিনিটৰ Gondola ride লোৱাটো আন এক আকৰ্ষণ।

পানীৰ চহৰৰ মুখ্য যাতায়ত শশ চৰকাৰী বেচৰকাৰী ফেৰী, যাক metro বুলি কোৱা হয়। Rialto bridge খনে সমগ্ৰ ভেনিছ খন কিদৰে সাঙুৰি লৈছে,নেদেখিলে বৰ্ণাব নোৱাৰি। আকৌ এবাৰ পাৰিলে এই চহৰলৈ আহিব লাগিব বুলি বিদায় বেলিকা মনটো গধুৰ হৈ পৰিছিল।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড