পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৯৮


মোৰ সপোনপুৰীৰ ভ্ৰমণ

ভেলী অৱ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যান

মমী চৈয়দ

 ভেলী অৱ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যত অৱস্থিত এক সপোনপুৰী। সুউচ্চ হিমালয়ৰ বুকুত থকা এই ৰাষ্ট্ৰীয় উদ্যানখনি ইউনেস্কো বিশ্ব ঐতিয্যবাহী স্থানসমূহৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে। সমগ্ৰ উপত্যকাজুৰি বনৰীয়া ফুলৰ মনোৰম সমাহাৰ দেখা পোৱা যায়। তাৰে কিছু ফুল অতি দুৰ্লভ প্ৰজাতি তথা বছৰত এবাৰহে দেখা পোৱা যায়। মোৰ বহুদিনিয়া এক সপোন এই সুন্দৰ উদ্যানখনি চোৱাৰ যেন দিঠকলৈ পৰিণত হোৱাৰ দিন আহি পৰিছিল। অতি দুৰ্গম তথা বিপদসংকুল পথ অতিক্ৰম কৰি যাব লগাৰ হেতুকেই এই অভিনৱ উদ্যানখনি চোৱাৰ হেঁপাহ থকাৰ স্বত্বেও বাৰে বাৰে থমকি ৰ’ব লগা হৈছিল। অৱশেষত ২০১১ চনৰ মোৰ এই সপোনপুৰীলৈ যাম বুলি মে’ মাহৰ পৰা প্ৰস্তুতি আৰম্ভ কৰি আগস্ট মাহত ওলালোঁ। লগত স্বামী, দহ-মহীয়া ছোৱালীজনী আৰু দুজন দাদা সদৃশ্য বন্ধু, বিৱেক আৰু ৰাহুল ভাইয়া। ভেলী অৱ ফ্লাৱাৰ্ছৰ যাত্ৰাক দৰাচলতে এটা কঠিন ট্ৰেকিং বুলি ক’লেহে শুদ্ধ হ’ৱ। এই ট্ৰেকিংৰ বাবে শাৰীৰিক ফিটনেচ অতিকৈ জৰুৰি। মই দহ-মহীয়া কেঁচুৱা লৈ অলপ চিন্তাত পৰিছিলো, কিন্তু স্বামীয়ে সাহস দিয়াত যাবলৈ ওলালোঁ। আগতেই উল্লেখ কৰিলোঁ যে ভেলী অৱ ফ্লাৱাৰ্ছৰ পথ অতি দুৰ্গম হোৱাৰ লগতে বিপদসংকুলো, প্ৰতি বছৰৰ আগস্টমাহৰ পৰা অক্টোবৰ মাহলৈকে এই উদ্যানখনি পয্যটকৰ বাবে মুকলি থাকে আৰু সেইসময়তে মনচুনৰ প্ৰভাৱত সমগ্ৰ উপত্যকা ফুলৰ এক দলিছা সদৃশ্য হৈ পৰে কিন্তু বৰষুনৰ বাবে ঠায়ে ঠায়ে হোৱা ভূমিস্খলনে ভেলী অৱ ফ্লাৱাৰ্ছৰ পথ অতি দুৰ্গম কৰি তোলে। ২০১১ চনত আমি দিল্লীত থাকো, ১৩ আগষ্টত অনাগত স্বাধীনতা দিৱসৰ বন্ধ মিলাই আমি ভেলী অৱ ফ্লাৱাছলৈ যাবলৈ প্ৰস্তুত হ’লোঁ।

 ভেলী অৱ ফ্লাৱাৰ্ছ উদ্যান যাবলৈ প্ৰথমে আমি দিল্লী পৰা ডেৰাড়ুন আৰু তাৰপাছত উত্তৰাখণ্ডৰ হৃষীকেশ হৈ, অতি পাহাৰীয়া আৰু বিপদসংকুল পথেৰে পঞ্চ-প্ৰয়াগৰ দেৱপ্ৰয়াগ, ৰুদ্ৰপ্ৰয়াগ, কৰ্ণপ্ৰয়াগ আৰু নন্দপ্ৰয়াগ অতিক্ৰম কৰি যাব লাগিব। প্ৰকৃতিৰ মনোমোহা সুন্দৰতাৰ মাজেৰে আহি পুৱা ৯ মান বজাত আমি ডেৰাডুন পালোঁহি। ডেৰাডুন পাছৰ যাত্ৰা অলপ দীঘলীয়া। এইবাৰ আমি যাম হৃষীকেশ হৈ দেৱপ্ৰয়াগ, পৌড়ীৰ শ্ৰীনগৰ, ৰুদ্ৰপ্ৰয়াগ, কৰ্ণপ্ৰয়াগ, নন্দপ্ৰয়াগ, চামৌলী আদি পাৰ কৰি ভেলী অৱ ফ্লাৱাৰ্ছৰ নিকটৱৰ্তী প্ৰধান চহৰ গড়ৱালৰ যোশীমঠলৈ। দুৰত্ব ডেৰাডুনৰ পৰা প্ৰায় ৩০০ কি.মি।

 যোশীমঠয়ে হ’ব আজিৰ আমাৰ যাত্ৰাৰ গন্তব্যস্থান। যাহওক, ডেৰাডুন এৰি হৃষীকেশ পাৰ হোৱাৰ লগে লগে, পাহাৰীয়া একে বেকা আৰু ঘুৰণীয়া ৰাস্তা আৰম্ভ হৈ গ’ল। এনেদৰে আহি আমি দেৱপ্ৰয়াগ পালোঁহি। পঞ্চপ্ৰয়াগৰ অন্যতম দেৱপ্ৰয়াগ, অলকনন্দা আৰু ভাগীৰথী দুই নদীৰ সঙ্গমস্থল। এই দুই নদী দেৱপ্ৰয়াগতে এখন নদী গংগাৰ ৰূপ পাইছে। অলকনন্দাৰ কাষে কাষে, পাহাৰীয়া পথৰে গৈ, আমি পৌড়ীৰ শ্ৰীনগৰ অতিক্ৰম কৰিলোঁ। পৌড়ীৰ শ্ৰীনগৰ পাৰ হোৱাৰ লগে লগে পথটি অলপ ঠেক হবলৈ ধৰিলে। অতি বেছি ঘূৰণীয়া এই পথটি যেন অলপ বেছিকৈয়ে বিপদসংকুল, কিন্তু অপূৰ্ব মনোৰম। তেনেকৈয়ে অতি সাবধানে আহি আমি ৰুদ্ৰপ্ৰয়াগ পালোঁহি৷ ৰুদ্ৰপ্ৰয়াগ এৰি প্ৰায় এঘন্টা মান গৈছে, সময় প্ৰায়। সন্ধিয়াৰ পাঁচ মান বাজিছে, কৰ্ণপ্ৰয়াগ পাৰহৈ আহিলোঁ কিন্তু এতিয়াও নন্দপ্ৰয়াগ পোৱাগৈ নাই, এনেতে দেখো আকাশখনি গোমা হৈ আহিছে। অলপপৰ পাছত বৰষুন পৰিবলৈ ধৰিলে। ছয়মান বজাত নন্দপ্ৰয়াগ পাৰ হওঁ মানে, ধাৰাষাৰে বৰষুন দিবলৈ

আৰম্ভ কৰিলে। ইফালে আন্ধাৰে ভালেমান হ'লগৈ। যোশীমঠলৈ ঐতিয়াও ৬০ কি.মি.। কি কৰিমনকৰিম গুনাগুথা কৰি কৰিয়েই আমি চামৌলী পাৰ হ’লোঁ। বৰষুন আগতকেও বাঢ়িল, সমগ্ৰ পথচোৱাত আমাৰ বাহিৰে বেলেগ এখনো যানবাহন আমাৰ দৃষ্টিগোচৰ নহ’ল। ৰষুণৰ মাত্ৰা ইমানেই বেছি যে, গাড়ীৰ আগত ৰাস্তা প্ৰায় চকুৰে মনিব নোৱাৰৰ দৰে। নিশা প্ৰায়

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড