পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৯৭

 ৩। লোকাপাৰঃ অসমীয়া জনসমাজৰ অতি পৰিচিত পাৰ চৰাইৰ আৰ্হিৰে তৈয়াৰ কৰা এইবিধ গহণা হৈছে লোকাপাৰ। পিঠিয়া-পিঠিকে থকা দুযোৰা পাৰ চৰাইক লৈ তৈয়াৰী এইবিধ গহণা পূৰ্বতে আহোম স্বৰ্গদেউ তথা উচ্চ পুৰুষ বিষয়াসকলৰ শোভাবৰ্ধক আছিল।

 ৪। শেনপতা : শেন চৰাইৰ আৰ্হিৰে গঢ় লোৱা এইবিধ গহণা হৈছে শেনপতা। পূৰ্বতে ইয়াক আঙুঠি হিচাপে পৰিধান কৰা হৈছিল যদিও বৰ্তমান ডিঙিৰ অলংকাৰ হিচাপে ইয়াক পৰিধান কৰা হয়।

 ৫৷ ডুগডুগি : বহুলভাৱে প্ৰচলিত এই গহণাবিধ আহত পাতৰ গঢ় লৈ তৈয়াৰ কৰা হৈছে। মানুহৰ হৃদয়ৰ আকৃতিৰ পৰা ডুগডুগিৰ নাম তথা আকাৰৰ চানেকি লোৱা হৈছে বুলি ক’ব পাৰি।

 এইসমূহৰ উপৰিও ডিঙিৰ অলংকাৰৰ ভিতৰত জেঠীপতা, গলপতা, গগৰী, মতামণি, বৰপেটীয়া, কেৰু, জাপি, পেঁপা, ধানসিৰা, ময়ুৰ ইত্যাদিয়ে প্ৰধান। উল্লেখযোগ্য যে প্ৰত্যেকটো গহণাৰ আকাৰৰ ভিত্তিতেই গহণাকেইবিধৰ নামকৰণ হোৱা দেখা যায়।

 হাতৰ অলংকাৰসমূহৰ ভিতৰত গামখাৰু, মুঠিখাৰু, বালা, গোটা খাৰু, জেঠীনেজীয়া আঙুঠি, শালিয়া খাৰু, গোটা খাৰু, মগৰমুৰীয়া খাৰু, ধানসিৰা খাৰু, বাখৰোৱা আঙুঠি, শেনপতা, জাপি আঙঠি, ডুগডুগি আঙঠি, মৰা নেজীয়া আঙঠি ইত্যাদিয়ে প্ৰধান। ইয়াৰ উপৰি অসমীয়া গহণাসমূহক অন্য অংগ যেনে থোপা, হাতৰ বাহু, নাক, কাণ, ভৰি ইত্যাদিৰ বাবেও তৈয়াৰ কৰা হৈছিল।

 অসমীয়াৰ গৌৰৱ এই পৰম্পৰাগত গহণা মুনিহ, তিৰোতাৰ শৌৰ্য বৰ্ধন কৰাৰ উপৰিও অসমীয়া সংস্কৃতিৰো সৌন্দৰ্য বৰ্ধন কৰি আহিছে। বৰ্তমানে অসমীয়া সমাজত এই গহণাসমূহৰ জনপ্ৰিয়তাৰ উপৰিও অন্য সম্প্ৰদায়ৰ মাজতো সৃষ্টি হ’বলৈ লোৱা চাহিদা মন কৰিবলগীয়া। ই অসমীয়া কাৰিকৰসকলৰ লগতে অসমীয়া জাতিটোলৈও সুখবৰ। কিন্তু এই সমুখবৰৰ মাজতে অসমীয়া গহণাৰ কাৰিকৰসকলক বাৰুকৈয়ে চিন্তিত কৰা বিষয়টো হৈছে অসমীয়া গহণাৰ আৰ্হিত বহিৰাগত সামগ্ৰীৰ বজাৰ দখল। ই কেৱল কাৰিকৰসকলৰ মূৰত টাঙোন মৰাই নহয় ই অসমীয়া সংস্কৃতিক অপভংগ কৰাৰ গভীৰ ষড়যন্ত্ৰ।

 সেয়েহে কেৱল সুলভ মূল্যত উপলব্ধ বুলিয়েই এই বেপেৰুৱা গহণাসমূহ কিনোতে গ্ৰাহক সজাগ হোৱাতো খুবেই প্ৰয়োজন। এই ক্ষেত্ৰত চৰকাৰৰ কৰিবলগীয়া যথেষ্ট। বহিৰাগত বেপেৰুৱা সামগ্ৰীৰ পৰা অসমীয়া সংস্কৃতিক ৰক্ষা কৰাতো সকলোৰে কৰ্তব্য।

 লিখনিৰ শেষত অসমীয়া গহণাই যাতে নিজৰ নাম ডোপত ডোপে আগবঢ়াই বিশ্ব দৰবাৰত চিনাকি দি অসমীয়া সংস্কৃতিৰ গৌৰৱৰ ধ্বজা একেদৰেই বহন কৰি আগবাঢ়ি যায় তাৰেই কামনা কৰিলোঁ লগতে লিখনিটিত অনাকাংক্ষিত ভুলৰ বাবে ক্ষমা মাগিলোঁ।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড