পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৮৫


 ৪। মহিলা উদ্যমিতাৰ বিকাশৰ ক্ষেত্ৰত চৰকাৰী পদক্ষেপ।

 ৫। মহিলাসকলৰ হাতৰ কাম বা তেওঁলোকৰ দ্বাৰা নিৰ্মিত সামগ্ৰীৰ উচিত মূল্যংকনৰ বাবে বাণিজ্য মেলা অনুষ্ঠিত কৰা।

 সংহাৰ : মহিলা বা নাৰীসত্ত্বা বৰ সবল। নাৰীসকলে কৰোঁ বুলি কৰিব নোৱাৰা কাম একোৱেই নাই; নাৰী উদ্যমিতাৰ বিকাশে এই সত্ত্বাৰ বহিঃপ্ৰকাশকে সূচায়। ক্ৰমান্বয়ে নাৰী উদ্যমিতাৰ বিকাশ ঘটিছে আৰু নাৰী উদ্যমিতাৰ বিকাশ ঘটিছে আৰু নাৰী উদ্যমিতাৰ ভৱিষ্যত বৰ উজ্জ্বল। মাথো নাৰীসকলে নিজৰ সত্ত্বা তথা শক্তিক চিনি পাব লাগিব আৰু এক উদ্যোগ বা ব্যৱসায় গঢ়াৰ ক্ষেত্ৰত সকলো বাধা নেওচিব পাৰিব লাগিব। চৰকাৰে নাৰী সবলীকৰণ তথা নাৰী উদ্যমিতাৰ ক্ষেত্ৰত বহু আঁচনিৰ সৃষ্টি কৰিছে। তথাপি চৰকাৰে এই আগবাঢ়ি যাব খোজা মহিলাসকলৰ আৰ্থিক সাহাৰ্য তথা তেওঁলোকৰ ব্যৱসায় বহলোৱাৰ ক্ষেত্ৰত সবল ভূমিকা পালন কৰিব লাগিব।

 উদ্যমী, আগবাঢ়ি যাব খোজা মহিলাসকল আগবাঢ়ি যোৱাৰ ক্ষেতত প্ৰেৰণা দিয়া উচিত। স্বনিয়োজনৰ ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰিব খোজা মহিলাসকলক উৎসাহ তথা সাহস দিয়া উচিত। সুপ্ত হৈ থকা ন-প্ৰতিভা বিকাশত যদি গুৰুত্ব দি ন-প্ৰতিভা চিনাক্তকৰণ কৰি তাক জাগ্ৰত কৰাৰ ক্ষেত্ৰত সবল ভূমিকা পালন কৰিব পাৰিলে মহিলা উদ্যমিতা বহু আগবাঢ়িব বুলি আশা কৰিব পাৰি।

 “এখন সমাজৰ পূৰ্ণাঙ্গ বিকাশ তেতিয়াহে সম্ভৱ যেতিয়া নাৰী বিকাশ তথা নাৰী উত্থান সম্ভৱ হ’ব।”


এটি নতুন পৰিৱৰ্তনৰ দিশত

প্ৰেৰণা শইকীয়া

 অৰ্দ্ধ আকাশৰ সহযোগত পোৱা এই মজিয়াক প্ৰণাম জনাই এটি বাৰ্তাৰে মোৰ এই কলম আৰম্ভ কৰিছোঁ। আজিকালি প্ৰযুক্তি বিদ্যাৰ যুগত আমি প্ৰত্যেকেই ইণ্টাৰনেটত উপলব্ধ বিভিন্ন মাধ্যমৰ যোগে নাৰী জীৱন শৈলী উন্নত আৰু স্বাস্থ্যকৰ কৰাৰ বিষয়ে বিভিন্ন তথ্য জানিবলৈ সক্ষম হৈছো যদিও আমাৰ মাজৰ একাংশই এই সুবিধাৰ পৰা এতিয়াও বঞ্চিত হৈ ৰৈছে। তেনেস্থলত, মই শিকা কিছু কথা আৰু কিছু সুখকৰ অভিজ্ঞতা এওঁলোকক অৱগত কৰাৰ প্ৰতি থকা মোৰ দায়িত্ববোধেই , এই বাৰ্তা তথা মোৰ লিখনিৰ মূল উদ্দেশ্য। গতিকে আহক , আমি সকলোৱেই ,আপোনাৰ মোৰ আৰু আমাৰ অৰ্দ্ধ আকাশৰ সংস্পৰ্শলৈ অহা প্ৰতিগৰাকী নাৰীক আমাৰ সেইকেইটা দিনত কামত অহা এটা বৰ দৰকাৰী সমল, ইয়াৰ ব্যৱহাৰ তথা ব্যৱহাৰৰ প্ৰয়োজনীয়তা আৰু অন্য কিছু সামগ্ৰিক জ্ঞানৰ বিষয়ে কিছু কথা জনাও আৰু সাধ্য অনুসাৰে কেতিয়াবা উপহাৰ দি, এক নতুন পৰিৱৰ্তনৰ দিশে এখোজ একেলগে আগবাঢ়োঁ।

 পৰিচয়ঃ ইয়াৰ নাম মেনস্ট্ৰোল কাপ (Menstrual Cup), নামটোৰ পৰা নিশ্চয় অকণমান উমান পাইছে যে ইয়াৰ আকাৰ কাপৰ নিচিনা আৰু ইয়াক মাহৰ সেইকেইটা দিনত অৰ্থাৎ মাহেকীয়া হোৱাৰ সময়ত কাপোৰ বা পেদৰ সলনি ব্যৱহাৰ কৰা হয়। ই এটা ছিলিকন বা লেটে’ৰাবাৰে নিৰ্মিত ফটোত দেখুৱাৰ দৰে এটা ফ্লেকচিবল কাপ ছবি -1। ইয়াৰ দাম 175 ৰ পৰা 600 বা তাতকৈ অধিক 2000 টকাৰ ভিতৰত। ই বিভিন্ন চাইজত উপলব্ধ (Small, Medium, Large)। বিয়া হোৱা নোহোৱাৰ কথা নাই, প্ৰত্যেকেই ইয়াক ব্যৱহাৰ কৰিব পাৰে। মাতৃহোৱাৰ পিছত বা 30 বছৰৰ উৰ্ধ মহিলাৰ বাবে উচিত চাইজ হ’ব Large। ইয়াক এটা নিৰ্দিষ্ট পদ্ধতি আৰু কৌশলেৰে দেহৰ ভিতৰত (যোনীত) স্থাপন কৰা হয়। ছবি -2 (ভয় নাখাব, নিজেই পাৰিব, অভ্যাস হলে তেনেই সহজ হৈ পৰিব)। মাহেকীয়া হওঁতে যি ৰাস্তাৰে আমাৰ শৰীৰৰ পৰা তৰল নিঃসৰিত হয়, সেই ৰাস্তাৰেই মেনস্ট্ৰোল কাপ স্থাপিত কৰিব লাগে। ই ভিতৰত ভালদৰে ফি’ হলে, নিঃসৰণ আহি তাত জমা

হয় আৰু নিৰ্দিষ্ট সময়ত আপুনি তাক উলিয়াই পেলাই, ভালদৰে গৰম পানীৰে ধুই পুনৰ স্থাপিত কৰিব পাৰে। একেটা কাপকে

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড