পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৮০


লাহি-পাহি আৰু সুস্বাস্থ্যৰ অধিকাৰী হোৱাৰ

সহজ উপায়সমূহ

হেপি গগৈ (বৰ্ষা)

 বৰ্তমানৰ দ্ৰুত সামাজিক পৰিৱৰ্তনৰ লগে লগে মানুহৰ জীৱন শৈলীৰো পৰিৱৰ্তন হ’ব ধৰিছে, সময়ৰ গতিত নিজকে মিলাবলৈ গৈ বহুতে নিজৰ খাদ্য তালিকাৰ ওপৰত গুৰুত্ব নিদিয়াৰ ফলত মেদবহুলতাই গা কৰি উঠিছে। ইয়াৰ পৰাই আকৌ হতাশা, মধুমেহ, উচ্চ ৰক্তচাপ, সন্তানহীনতা, গেছৰ সমস্যা, গাঁঠিৰ বিষ আদিৰ দৰে সমস্যাৰ সৃষ্টি হয়গৈ, সকলো বস্তু টকাৰে কিনিব পাৰিলেও সুখ আৰু স্বাস্থ্য আমি টকাৰে কেতিয়াও কিনিব নোৱাৰো। গতিকে সময় থাকোতেই নিজকে সুস্থ আৰু সৱল কৰি আমি যত্নকৰ হোৱা উচিত। গতিকে আহক আমি জানিবলৈ চেষ্টা কৰো কিহৰ বাবে মেদবহুলতাৰ সৃষ্টি হয় আৰু ইয়াৰ পৰা মুক্ত হ’ব পৰা আটাইতকৈ সহজ উপায়সমূহ কি কি?

মেদবহুলতাৰ মুখ্য কাৰণসমূহ :

 ১। মেদবহুলতাৰ মুখ্য কাৰণটোৱেই হৈছে চেনীযুক্ত আৰু অত্যাধিক তেলযুক্ত, ভজা-পোৰা খাদ্যৰ অত্যাধিক সেৱন।

 ২। দিনটোত অতি কমেও ভৰ্তি ভৰ্তি কৈ ৭/৮ গ্লাছ পানী নোখাৱাকৈ থাকিলে, কাৰণ পানীয়ে আমাৰ শৰীৰটো সুস্থ কৰি ৰখাৰ লগতে মেদ কম কৰাটো সহায় কৰে।

 ৩। অত্যাধিক পৰিমাণে ৰাতি টোপনি খতি কৰিলে।

 ৪। এলেহুৱা আৰু আৰামপ্ৰিয় জীৱনক লগৰী কৰি ল’লে।

 ৫। কিমান কেলৰি শৰীৰটোয়ে পাব লাগে তাৰ সঠিক জ্ঞান নহ’লে, যদি শৰীৰটোয়ে পাব লগা কেলৰিতকৈ বেছি। কেলৰি পায় তেন্তে সেই অতিৰিক্ত কেলৰি মেদলৈহে ৰূপান্তৰিত হয়।

 ৬। খাদ্যৰ তালিকাত প্ৰ’টিনৰ সংযোগ নকৰিলে, কাৰণ প্ৰ’টিনে মাংসপেশী বৃদ্ধি কৰাত আৰু চৰ্বী কমোৱাত সহায় কৰে।

 ৭। নিজৰ প্ৰকৃত আদৰ্শগত ওজন নাজানি এনেয়ে দেখাক দেখি ব্যায়ামসমূহ কৰা, শৰীৰৰ আদৰ্শগত ওজন সদায় শৰীৰৰ উচ্চতা আৰু বয়স অনুপাতে হ’ব লাগে।

 ৮। বংশগত কাৰণত, জেনেটিক বা বংশগত কাৰণটো কেতিয়াবা মেদবহুলতাই দেখা দিয়ে।

 ৯। কিছুমান শাৰীৰিক ৰোগৰ বাবেও মেদবহুলতাই দেখা দিয়ে, যেনে থাইৰডৰ সমস্যা বা ভিটামিন ডি’ৰ অভাৱ ইত্যাদি।

 ১০। শেষত তথা আটাইতকৈ ডাঙৰ কাৰণটোৱেই হ’ল নিজৰ এটা ধনাত্মক মন নথকাটো।

 এইখিনিতেই মই মোৰ নিজৰ ব্যক্তিগত অভিজ্ঞতা অলপ ক’ব লৈছোঁ। বিৱাহৰ পূৰ্বে মোৰ শাৰীৰিক ওজন আছিল ৫৮ কে.জি., কিন্তু মোৰ প্ৰথম সন্তানটি গাত হওঁতে এজনে ৭৯/৮০ ৰ সীমা অতিক্ৰম কৰে, সন্তান জন্ম হোৱাৰ পিচতেই ওজন হয় ৭২ কেজি, তাৰ পিচৰ পৰা এক দীঘলীয়া যাত্ৰা আৰম্ভ হয় য’ত মই মোৰ শাৰীৰিক উচ্চতা অনুসৰি ওজন অত্যাধিক থকাৰ বাবে নানান সমস্যাৰ সন্মুখীন হওঁ। অতি সোনকালে ভাগৰ লগা, গাঁঠিৰ বিষ, গেছৰ সমস্যা আৰু হতাশাই ইয়াৰ ভিতৰত মুল আছিল। দেখিবলৈ বেয়া লগাটো বাৰু দূৰতেই থাকিল। সমস্যাসমূহে এনেদৰে গা কৰি উঠিছিল যে দুই-তিনিদিনৰ অন্তৰে-অন্তৰে মোৰ গা-বেয়া হ’বলৈ ধৰে। ইফালে অকণমাণিজনীৰ দায়িত্বটো আছেই। তেনেদৰেই এক বছৰ মান গ’ল। ওজন আহি আহি যেনিবা ৬৯ হ’লহি। তেতিয়ালৈকে মই কিন্তু একো শাৰীৰিক ব্যায়াম বা এখন সুৰুচিপূৰ্ণ স্বাস্থ্যকৰ খাদ্য তালিকাৰ

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড