পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৭৬


যোনিৰ ভেঁকুৰজনিত সংক্ৰমণ

ডাঃ ৰেইনী দেৱী (আয়ুৰ্বেদিক চিকিৎসক)

 যোনিৰ ভেঁকুৰজনিত সংক্ৰমণ :- প্ৰায়বোৰ মহিলাই ভুগি থকা বিভিন্ন প্ৰকাৰৰ স্ত্ৰীৰোগৰ ভিতৰত এবিধ ৰোগ হৈছে যোনিৰ সংক্ৰমণ বা ভেজাইনেল ইনফেক্সন (vaginal inefection)। যোনিৰ এই সংক্ৰমণজনীত ৰোগৰ কথা জনাৰ আগতে যোনিৰ বিষয়ে অকণমান জানিব লাগিব। ইষ্ট্ৰ’জন হৰম’নৰ প্ৰভাৱত যোনিৰ পৰা নিৰ্গত হোৱা যোনিৰসে যোনিক আৰ্দ্ৰ কৰি ৰাখে আৰু সুৰক্ষা প্ৰদান কৰে। স্বাভাৱিক অৱস্থাত মহিলাসকলৰ যোনিত কিছুমান উপকাৰী বেক্টেৰিয়া আৰু ন্যূনতম মাত্ৰাত ইষ্টনামৰ ভেঁকুৰ আদি অন্য কিছু অণুজীৱ থাকে। যোনিৰ স্বাভাৱিক pH আম্লিক বা এচিডিক হয় যাৰ বাবে অণুজীৱসমূহৰ বৃদ্ধি হ’ব নোৱাৰে। সাধাৰণ অৱস্থাত এইবোৰ অণুজীৱই যোনিৰ কোনো অনিষ্ট নকৰে। কিন্তু কিছুমান বিশেষ কাৰণত যোনিত থকা অণুজীৱসমূহৰ ভাৰসাম্য হেৰাই যায় তেতিয়া যোনিত থকা উপকাৰী বেক্টেৰিয়াৰ কাৰ্যক্ষমতা কমি যায় আৰু অন্য অণুজীৱ সমূহৰ সংখ্যা বৃদ্ধি হৈ যোনিৰ ক্ষতিসাধন কৰে। তেতিয়াই যোনিত বিভিন্ন প্ৰকাৰৰ সংক্ৰমণ জনীত ৰোগ হয়। যোনিৰ তেনে এবিধ সংক্ৰমণ হৈছে ভেঁকুৰজনীত সংক্ৰমণ। কেণ্ডিডা এলবিকান্স (candida albicans) নামৰ ভেঁকুৰজনীত এইবিধ যোনিৰ সংক্ৰমণক ভেজাইনেল কেণ্ডিডায়েছিচ (vaginal candidiasis) বুলি কোৱা হয়। বিভিন্ন কাৰণত এই ভেঁকুৰজনীত সংক্ৰমণ হয় যেনে :

 কোনো এন্টিবায়তিক সেৱনৰ ফলত যোনিত থকা উপকাৰী বেক্টেৰিয়াৰ সংখ্যা হ্ৰাস হ’লে

 মাহেকীয়া বা গৰ্ভাৱস্থাত হোৱা হৰমনৰ তাৰতম্যৰ বাবে।

 ষ্টেৰয়ড ঔষধি সেৱনৰ বাবে নাইবা গৰ্ভনিৰোধক পিল সেৱনৰ বাবে।

 ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত নাথাকিলে (unc ontrolled diabetes)।

 উগ্ৰ গোন্ধযুক্ত চাবোনেৰে সঘনাই যোনি প্ৰক্ষালন কৰিলে।

 পুষ্টিকৰ খাদ্য গ্ৰহণ নকৰা বা অত্যধিক পৰিমানে মিঠা সেৱন কৰিলে।

 শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি গলে।

 ষ্ট্ৰেছ, নিদ্ৰাহীনতা আদিৰ বাবে।

 এই ৰোগৰ লক্ষণসমূহ হৈছে :-

 যোনিৰ পৰা পনীয়া বা ফটা গাখীৰ বা পনীৰৰ দৰে ডাঠ বগাস্ৰাৱ হোৱা।

 যোনি আৰু যোনিদ্বাৰ ফুলি যোৱা, ৰঙাপৰা, যোনিৰ ভিতৰত আৰু যোনিদ্বাৰত খজুৱতি,জ্বলন, বিষ আদি হোৱা।

 প্ৰসাৱ কৰোঁতে বা সংগমৰ সময়ত জ্বলন, বিষ অনুভৱ হোৱা আদি।

 যোনিৰ ভেঁকুৰজনীত সংক্ৰমণত ভোগা ৰোগীয়ে কেতবোৰ সাৱধানতা আৰু নীতি নিয়ম পালন কৰা উচিত। তেনে কেইটিমান তলত উল্লেখ কৰা হৈছে :-

 সুষম আৰু পুষ্টিকৰ আহাৰ গ্ৰহণ কৰক।

 দৈৰ সেৱন কৰক যিহেতু ইয়াত শৰীৰৰ বাবে উপকাৰী লেক্তবেছিলাছ বেক্টেৰিয়া আছে।

 কটনৰ অন্তৰ্বাস পৰিধান কৰক। বেছি টাইট বা চেপামৰা পেন্টি, লেগিং আদি পৰিধান নকৰিব।

 যোনি প্ৰক্ষালনৰ বাবে উগ্ৰ গোন্ধযুক্ত চাবোন ব্যৱহাৰ নকৰি কোমল চাবোন বা ভেষজ চাবোনৰ ব্যৱহাৰ কৰক।

 সঘনাই গৰম পানীৰে বাথ তাবত গা নুধূব।

 এই ৰোগৰ চিকিৎসাত এন্টিবায়তিক আৰু ঔষধি মলম প্ৰয়োগ কৰিবলৈ দিয়া হয়। যোনিৰ ভেঁকুৰজনীত সংক্ৰমনত

অর্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড