পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৪৭৫

শৰাধৰ আয়োজন কৰা যেন হৈছে। উল্লেখনীয় যে অসমৰ সুপ্ৰাচীন ভাষাটোৰ বাবে যিদৰে আন্দোলন কৰিব লগা হৈছে সেয়া অন্য দেশৰ কোনো ৰাজ্যতে হোৱা নাই। মাগধী প্ৰাকৃতৰ পৰা বিভিন্ন হেঁচা-থেলা মাধ্যমেৰে অহা ভাষাটোৱে আজি স্বকীয়তা হেৰুৱাৰ উপক্ৰম হৈছে। এই সংকটৰ সময়ত ভাষাৰ সজাগতাৰ প্ৰসংগ পুনৰ আহি পৰিছে।
 বৰ্তমানৰ পেক্ষাপটতত সামাজিক মাধ্যমসমূহত অসমীয়া ভাষা ৰক্ষাৰ্থে সজাগতা বৃদ্ধিৰ লগতে অহোপুৰুষাৰ্থ চেষ্টা চলাইছে যদিও ই কিমানদূৰ ফলপ্ৰসূ হব ঠিৰাংকৈ কব নোৱাৰি কিয়নো আজি কিছুদিনৰ পৰা পুনৰ অসমীয়া ভাষা নিচিহ্ন কৰাৰ এক বৃহৎ ষড়যন্ত্ৰ আৰম্ভ হৈছে। ধৰ্মৰ ভিত্তিত অসমলৈ আমদানি কৰিব বিচৰা বৃহৎ সংখ্যক বিদেশী প্ৰব্ৰজনে অসমত অসমীয়া জাতিক সংখ্যালঘু কৰিব বুলি ও সৰ্বত্ৰে চৰ্চিত হৈছে। অসমীয়া জাতি, ভাষা-সংস্কৃতি লুপ্ত হৈ ভগ্নী ৰাজ্য ত্ৰিপুৰাৰ দৰে হ'ব বুলিও আশংকা কৰিছে। ভৱিষ্যতে যদি এনে হবলৈ যায় তেন্তে অসমত পুনৰ এক ভাষা আন্দোলনে গা কৰি উঠাতো ধ্ৰুৱ সত্য। এক বৌদ্ধিক আন্দোলনৰ দ্বাৰা ভাষা ৰক্ষাৰ চেষ্টা কৰিব লাগিব।
 অৱশ্যে ফেচবুককে ধৰি বিভিন্ন সামাজিক মাধ্যমত অসমীয়া ভাষা-সংস্কৃতি ৰক্ষাৰ আপ্ৰান প্ৰচেষ্টা কৰাটো এক লক্ষণীয় বিষয়। তাৰ দ্বাৰা অসমীয়া লিপিত শুদ্ধকৈ লিখাৰ চিন্তাচৰ্চাৰ লগতে বিভিন্ন গ্ৰন্থ আলোচনী প্ৰকাশ হৈছে। বিভিন্ন শিতানেৰে ভাষাটোক টনকিয়াল কৰি তোলাৰ আপ্ৰান চেষ্টাও কৰা হৈছে। এই গ্ৰন্থখনো এই আপ্তবাক্যৰ জ্বলন্ত উদাহৰণ। আমি আশাবাদী। অসমীয়া জনজীৱনলৈ এনে কোনো সংকট নাহক, ৰক্তাক্ত নহওক সেউজীয়া ভূমি। সম্প্ৰীতিৰে থাকক দুয়ো উপত্যকাৰ স্বৰধ্বনি।
 বিঃদ্ৰঃ- ইতিহাসৰ পৰা তথ্য সমৃদ্ধ এই লিখনিটো মোৰ সম্পূৰ্ণ নিজা শৈলীৰে নিৰ্মিত।

 
অর্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড