পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৪৭৪


ফুকনে অসমীয়া ভাষাৰ প্ৰাসংগিকতা আৰু ভাষাৰ সৰল ৰূপক হৃদয়ংগম কৰি ভাষাটোৰ পূৰ্ণ ৰূপৰো প্ৰমাণ দিছিল। গতিকে অসম প্ৰদেশত তেনে এটা সুসংহত ভাষা থাকোতেই বাংলা ভাষাক ইংৰাজ প্ৰশাসনে জাপি দিয়াত ব্ৰহ্মপুত্ৰ উপত্যকাত এক জাতীয় আন্দোলনৰ সৃষ্টি হৈছিল। অসমীয়া ভাষাক বঞ্চনাৰ প্ৰতিবাদত এক বৌদ্ধিক আন্দোলনৰ লগতে আৰম্ভ হৈছিল অসমীয়া ভাষিক জাতীয়তাবাদৰ।
 অসমীয়া ভাষাক প্ৰতিষ্ঠাৰ বাবে সংগ্ৰাম চলিছিল ১৮৩৬ চনৰ পৰা ১৮৭৩ লৈকে। সেই সময়ছোৱাত ভাষাটোৱে যোগ্য স্থান দখল কৰিবলৈ সক্ষম হৈছিল। আনন্দৰাম ঢেকিয়াল ফুকন, গুনাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱাৰ নেতৃত্বত ভাষা স্থাপনৰ ধাৰাটো সুদৃঢ় হৈছিল। আৰু অসমীয়া ভাষাৰ এই সুদৃঢ় ভেটিৰ গুৰি ধৰিছিল আনন্দৰাম ঢেকিয়াল ফুকনে। তেওঁলোকে প্ৰশাসনীয় ব্যৱস্থাক আবেদন নিবেদনেৰে বাধ্য কৰিছিল ভাষাৰ সম্প্ৰচাৰৰ বাবে। তাৰ পাছতে ১৮৩৯ চনত প্ৰশাসনীয় স্বাৰ্থত ৰবিন্সন চাহাবে অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ “A Grammar of Assamese Language, ৰ লগতে নিজ ধৰ্ম প্ৰচাৰৰ সুবিধাৰ্থে ১৮৪৬ চনৰ জানুৱাৰী মাহৰ পৰা শিৱসাগৰৰ পৰা অৰুনোদয় সংবাদ প্ৰকাশৰ সুবিধা কৰিছিল।
 সেই ত্ৰিমূৰ্তি ব্যক্তিত্বৰ বাবে ১৮৭৩ চনৰ এপ্ৰিলৰ পৰা ইংৰাজ প্ৰশাসনে অসমৰ প্ৰশাসনীয় তথা শিক্ষাব্যৱস্থাত অসমীয়া ভাষাক পুনৰ প্ৰচলন কৰিছিল। অসমীয়া জাতিপ্ৰেমৰ নিভাজ প্ৰচেষ্টাত তেওঁলোক সফল হৈছিল। অসমীয়া ভাষাৰ এই সফলতাৰ দিশে আগুৱাই যাওঁতে সৰল ব্যক্তিত্বৰ তিনিওগৰাকী ব্যক্তিয়ে কিন্তু কোনোদিনেই বাংলা ভাষা বা বঙালী জাতিৰ বিৰুদ্ধে কোনো বেয়া মন্তব্য দিয়া নাছিল।
 ক্ৰমশঃ ১৮৭৪ চনৰ পৰা অসমীয়া ভাষা সম্পূৰ্ণৰূপে সংকটমুক্ত হৈছিল যদিও ঊনবিংশ শতিকাৰ শেষৰ ফাললৈ পুনৰ সংকটৰ গৰাহত পৰিছিল অসমীয়া ভাষা। চৰকাৰী আমোলাৰ চক্ৰান্তৰ ফলত অসমীয়া ভাষাটোৱে প্ৰতিষ্ঠা লাভ কৰিছিল। বোলা উৰা বাতৰিয়ে পুনৰ সংকট নমাই আনিছিল অসমীয়া ভাষালৈ। ফলত ১৯০৩ চনত সংগঠিত “আসাম এছচিয়েচনে” আনন্দৰামৰ পথকেই অনুসৰণ কৰিছিল যদিও কুৰি শতিকাৰ আৰম্ভণীৰে পৰা অসমলৈ অবাধ গতিত বাংলা ভাষীৰ প্ৰব্ৰজন ঘটাত ফলপ্ৰসূ হব পৰা নাছিল। অসমৰ বিস্তৃন কৃষি ভূমিত কৃষক হিচাপে বা জনবসতি শূন্য স্থানবোৰত ৰাজহ বৃদ্ধিৰ বাবে প্ৰশাসনে সংস্থাপিত কৰাৰ ফলত, প্ৰব্ৰজনৰ তীব্ৰ সোঁতত অসমীয়া জাতীয় ধাৰালৈ অশনি সংকেত কঢ়িয়াই আনিছিল। ফলশ্ৰুতিতে জন্ম হৈছিল ১৯৩৬ চনত অসম ছাত্ৰ সন্মিলন আৰু ১৯১৭ চনত অসম সাহিত্য সভা।এই দুটা শক্তিশালী ভাৱধাৰাৰে অসমীয়া জাতি আৰু ভাষাক সবল কৰি তুলিছিল। কিন্তু দেশ স্বাধীন হোৱা তথা ১৯৪৭ চনলৈকে অসমত বঙালী লোকসকল আছিল সংখ্যাগৰিষ্ঠ। কিয়নো ঘন জনবসতিপূৰ্ণ জিলা শ্ৰীহট্ৰ যি বংগ বিভাজনৰ পাছত বাংলাদেশত চিলেট নামেৰে জনাজাত হৈছিল সেই অঞ্চলৰ পৰা অধিকাংশ বাংলাভাষীয়ে অসমৰ চৰ চাপৰিসমূহ দখল কৰিছিল। লাহে লাহে ধৰ্মৰ ভিত্তিত ভাঙিবলৈ ধৰিছিল বৰ অসম। চৰ চাপৰি অঞ্চল বোৰত মুছলমান সম্প্ৰদায়ৰ লোকো থকাৰ বাবে ক্ৰমশ ভাষা, ধৰ্ম, গোষ্ঠীৰ ভিত্তিত খণ্ডিত হৈ ভগ্নীৰ ৰূপেৰে বিভাজিত হল অসম।
 ১৯৬০চনত অসমত পুনৰ মাতৃভাষাক লৈ এক বৃহৎ আন্দোলনে গা কৰি উঠিল। উমি উমি জ্বলা এই আন্দোলনৰ পৰিনতি অতি ভয়ানক আছিল। শ শ ছাত্ৰ-ছাত্ৰী এই আন্দোলনত জপিয়াই পৰিছিল এই আন্দোলনতে ১৯৬০ চনত ৰঞ্জিত বৰপূজাৰীক কটন কলেজৰ হোষ্টেলৰ সন্মুখতে গুলিয়াই মাৰিছিল। তেঁৱেই আছিল অসমীয়া ভাষা আন্দোলনৰ প্ৰথম শহীদ। ইয়াৰ পাছতো বহু অসমীয়া যুৱকে প্ৰান আহুতি দিছিল। ইয়াৰ সমান্তৰালভাৱে বৰাক উপত্যকাটো আৰম্ভ হয় বাংলা ভাষা ৰক্ষাৰ আন্দোলন। এই আন্দোলনতো অনেক নৰ নাৰীয়ে প্ৰাণ আহুতি দিছিল। ফলত ১৯৬০ চনৰ পৰা১৯৭২ চনলৈকে চলা এই আন্দোলনৰ অন্ত পৰিছিল আৰু অসম হৈ পৰিছিল দ্বিভাষীক। অৰ্থাৎ একেখন ৰাজ্যতে ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া আৰু বৰাক উপত্যকাত বাংলা ভাষাটো প্ৰচলন হৈছিল। ১৯৬০ চনৰ এই ভাষা আন্দোলনতেই অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰ মৰ্য্যদা লাভ কৰিছিল। ১৯৬৩ চনত ভাষা আইন গ্ৰহণ আৰু ১৯৭২ চনত মাধ্যম আন্দোলন মানি শিক্ষাৰ মাধ্যম অসমীয়া হৈ পৰিল।
 কিন্তু অতি দুখৰ বিষয় যে ইমানৰ পাছতো অসমৰ চৰকাৰী কাৰ্যালয়, অফিচ, কছাৰী আৰু অনুষ্ঠান প্ৰতিষ্ঠানত আজিও অসমীয়া ভাষাই পূৰ্ণ ৰূপ ধাৰণ কৰিব নোৱাৰিলে। যিবিলাকত ব্যৱহৃত হৈছে তাতো বানানৰ অত্যধিক ভুলেৰে ভাষাৰ

 

⸻⸻⸻অর্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড⸻⸻⸻