পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৪৭৩

 

কথা।
 ভাষাবিদ, বুৰঞ্জীবিদ সাহিত্যিক লীলা গগৈয়ে কৈছে যে - অসমত যাৰ জন্ম, যি অসমত স্থায়ীভাৱে বসবাস কৰিছে, যি অসমীয়া ভাষা কয়, যি অসমীয়া জনজীৱনৰ সৈতে নিৰৱচ্ছিন্ন সম্পৰ্ক গঢ়ি তুলিছে আৰু অসমৰ স্বাৰ্থস্বৰ্ত সংৰক্ষণৰ অৰ্থে আন্তৰিকতাৰে সৈতে বৰঙনি যোগাইছে তেৱেই অসমীয়া”।
 পুনৰ এই সম্পৰ্কে জনগোষ্ঠীয় কিছুমান সাহিত্য অনুষ্ঠানতো আলোচিত হৈছে যে- যি সকলৰ মাতৃভাষা অসমীয়া আৰু যিসকলে নিজস্ব অসমীয়া কৃষ্টি সংস্কৃতি, পৰম্পৰা বজাই ৰাখিছে আৰু স্বকীয় ইতিহাস ভৰপূৰ সেইসকলেই অসমীয়া। যিসকলে অসমীয়া জাতীয়তাত লীন হৈ নিজৰ জাতীয় সত্তা সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছে তেওঁলোকো অসমীয়া। কিন্তু কাৰ্বি, বড়ো, মিচিং, ৰাভা, ডিমাছা, তিৱা আদি জনগোষ্ঠীসমূহ ভাষা, সংস্কৃতি, পৰম্পৰা আৰু ইতিহাসেৰে ঐতিহ্যমণ্ডিত। তেওঁলোক অসমৰ ভূমিপুত্ৰহে অসমীয়া নহয়। “
 এই কথাটো যদি মানি লোৱা হয় তেন্তে সেই অতীজতে পাঠ্যপুথিত সন্নিবিষ্ট ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অসমীয়া ডেকাৰ উক্তি নামৰ কবিতাটোত নাছিল নে -

“ময়ে অসমীয়া
ময়ে জয়ন্তীয়া
উফলা, আবৰ অকাঁ
ময়ে চিংফৌ ভৈয়ামৰ মিৰি
সোৱণশিৰীয়া ডেকা।
সাম্য মৈত্ৰীৰ ময়েই বনুৱা
ন-অসমীয়া মৈমনশিঙীয়া...।


 পুনৰ অসমৰ বীৰ যোদ্ধা লাচিত বৰফুকনে নৰীয়া শৰীৰে মোগলৰ লগত যুদ্ধ কৰি কৈছিল-“শৰীৰত শেষ বিন্দু তেজ থকালৈকে অসমীয়াৰ হকে যুঁজ কৰি যাম”। ইয়াত অসমীয়া বুলি কাক বুজোৱা হৈছে? নিজা ভাষা সংস্কৃতি সাজপাৰ থকাসকল যদি অসমীয়া নহয় তেন্তে লাচিত বৰফুকনে কিয় নিজকে অসমীয়া বুলি পৰিচয় দিছিল? আহোম সকলৰো তো নিজস্ব ভাষা-সংস্কৃতি আৰু জীৱন ধাৰণ শৈলী আছিল!!
 এই সকলোবোৰৰ পৰা এটা কথাই স্পষ্ট হয় যে অসমৰ মাটি পানী সেৱন কৰি অসমৰ ভাষা সংস্কৃতিক জীয়াই ৰাখি অসমৰ হকে ঐক্যবদ্ধ ভাৱে কাম কৰি যোৱা প্ৰতিজন ব্যক্তিয়েই অসমীয়া। তেন্তে এজন অসমীয়া হিচাপে অসমীয়া ভাষাটোৰ অস্তিত্ব ৰাখিবলৈ আমি কিয় অৱহেলা কৰিছোঁ? ভাষা সংস্কৃতিৰ সংকটৰ কালত আমি ঐক্যবদ্ধ হব পৰা নাই কিয়? এইয়াও বৰ্তমান সময়ত এক বিৰাট প্ৰশ্ন। যি ভাষাই আমাক এক পৰিচয়েৰে বিশ্বমানসত ধৰিছে সেই ভাষা, সেই জাতিৰ অস্তিত্ব থাকিবগৈ নে? অসম নামৰ এই ক্ষুদ্ৰ ভূমিতে আমি কিয় বিচাৰি আছোঁ গোষ্ঠীগত এক সুকীয়া ভেঁটি!!
 সংকটে নেৰে অসমীয়া জাতিক। সন্মুখীন হবলৈ সাহস আছে বাবেই হয়তো সংঘাতো সঘনে আহে। সেয়ে বোধহয় সময়ৰ সোঁতে সোঁতে আহি পুনৰ সংকটৰ গৰাহত পৰিছে অসমীয়া ভাষাটো। পূৰ্বতে বাংলা আৰু অসমীয়া ভাষাৰ যি ভাষিক আন্দোলনৰ শিপা বিস্তাৰিত হৈছিল সেই শিপাই পুনৰ খামুচিব বিচাৰিছে মাটি। মাগধী অপভ্ৰংশৰ শিপাত জন্ম লোৱা অসমীয়া, বঙলা, মৈথেলী, মগহী আৰু উড়ীয়া ভাষাৰ ভিতৰত অসমীয়া ভাষাটোক লুপ্তপ্ৰায় কৰাৰ ষড়যন্ত্ৰ চলিছে। অসমীয়া ভাষাক দমন নীতিৰে ৰূদ্ধ কৰি বাংলা ভাষাৰ আধিপত্য বিস্তাৰ কৰিব বিচাৰিছে যিটো অসম আৰু অসমীয়াৰ বাবে অতি বিপদজনক। ইতিহাসেও সোঁৱৰাই দিব অসম আৰু অসমীয়াৰ স্বাভিমানৰ কথা। কিদৰে আৰম্ভ হৈছিল অসমৰ ভাষিক আন্দোলন।
 ১৮৩৬ চনত হোৱা এটা জাতীয় বঞ্চনাৰ পৰাই আৰম্ভ হৈছিল অসমীয়াৰ ভাষা আন্দোলন। ইংৰাজ সাম্ৰাজ্যবাদী প্ৰশাসনে নিজ প্ৰশাসনীয় সুবিধাৰ বাবে অসমৰ প্ৰশাসন আৰু শিক্ষা ব্যৱস্থাত বাংলা ভাষাৰ প্ৰচলন কৰিছিল। যি অসমৰ বাবে চুড়ান্ত জাতীয় বঞ্চনা আছিল। কাৰণ ১৮২৬ চনতেই প্ৰকাশ হোৱা প্ৰথম অসমীয়া সংবাদপত্ৰ “অৰুনোদই“ আলোচনীয়ে অসমীয়া ভাষাৰ সুসংহত ৰূপ আৰু উন্নত সাহিত্য শৈলীৰ প্ৰমাণ দিছিল। আলোচনী প্ৰকাশৰ পাছতেই আনন্দৰাম ঢেকিয়াল

 

⸻⸻⸻অর্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড⸻⸻⸻