পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৪৭২

অস্তিত্বৰ সংকটত অসম আৰু অসমীয়া জাতি

 

লিপিকা গগৈ

 

 অসম বুলিলেই সকলোৰে মানসপটত ৰৈ যায় এক সুদৃশ্য বিনন্দীয়া অসমতল ভূখণ্ড। যি ভূখণ্ডত মিহলি হৈ আছে। সহজ সৰল জীৱনৰ সেউজীয়া ছবি। বিভিন্ন জাতি-জনগোষ্ঠীৰে ভৰপূৰ, প্ৰাকৃতিক সম্পদেৰে চহকী অসমৰ বুকুত বৈ আছে। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ স্বৰধ্বনি। যি স্বৰধ্বনিয়ে সময়ে সময়ে অসমৰ বিশৃংখল সময়বোৰ শৃংখলিত কৰি তুলিছিল। কিন্তু বৰ্তমান এই দুই উপত্যকাত বাজিছে অস্তিত্বৰ সংকটৰ ধ্বনি। সেউজীয়াৰ মাজেৰে বলিছে গৰম বতাহ। যি বতাহত নিচিহ্ন হ’ব পাৰে প্ৰজন্মৰ পাছত প্ৰজন্ম।
 আমাৰ পূৰ্বজ চাওলুং চুকাফাই ১২২৮ খ্ৰীষ্টাব্দত সুদূৰ মুংৰিমুৰাংৰ পৰা পাটকাইৰ সুউচ্চ পাহাৰ অতিক্ৰম কৰি সৌমাৰখণ্ডত ভৰি থোৱাৰ পাছৰেই পৰাই অসম আৰু অসমীয়াৰ জাতি গঠনৰ বুনিয়াদ আৰম্ভ হৈছিল বুলি কব পাৰি। কিয়নো আহোমসকলেই এই অসমতল ভূখণ্ডক অসম নামেৰে নামাকৰণ কৰিছিল। পূৰ্বতে এই ভূখণ্ড কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ নামেৰে জনাজাত আছিল। তেওঁলোকে যুদ্ধ জয়েৰে হওক বা মিত্ৰতাৰ ডোলেৰেই হওক এই ভূখণ্ডত পূৰ্বৰে পৰা বসবাস কৰি থকা মৰাণ, মটক, চুতীয়া, কছাৰী, জয়ন্তীয়া, ডফলা, মিছিমি, আবৰ আদি সৰু বৰ জনগোষ্ঠীসমূহক একত্ৰিত কৰি বৰ অসম গঢ়ি এক বৃহৎ অসমীয়া জাতি গঠন কৰিছিল। এটা নতুন সভ্যতা সংস্কৃতিৰ বাট মুকলি কৰিছিল। কিন্তু চুকাফাই কোনো দিনেই নিজৰ ধৰ্মীয় কলা সংস্কৃতি আন জনগোষ্ঠীসমূহৰ মাজত জাপি দিব খোজা নাছিল বৰঞ্চ নতুন সংস্কৃতিৰে সকলোকে একত্ৰিত কৰি এখন বৰ অসম গঢ়িছিল। যিটো আজি পৰ্যন্ত পৃথিৱীৰ ইতিহাসত বিৰল।
 কিন্তু সময়ৰ সোঁতত চুকাফাই গঢ়ি যোৱা বৰ অসমৰ ভেঁটি খণ্ডিত হৈ ৰ'ল মাথোঁ গোষ্ঠীগত, ভাষাগত পাৰ্থক্যৰ বাবে। নিজস্বতাৰে হৈ পৰিল সাতভনী। বৰ্তমানৰ এই ক্ষুদ্ৰ অসম ভূমিও বিভাজিত হোৱাৰ পথত সেই গোষ্ঠীগত, ভাষাগত পাৰ্থক্যৰ বাবেই। সুকীয়া সুকীয়া ভূমিৰ দাবীদাৰেৰে অগ্নিৰ স্ফুলিংগ ছটিয়াই নিৰীহৰ তেজেৰে ৰাঙলী কৰি তোলে ৰাজপথ।
 দৰাচলতে অসম ভূমি বুলি কলেই ভাষাৰ ক্ষেত্ৰত পোনপটীয়াকৈ আহি পৰে অসমীয়া ভাষাটো। অসমীয়া এক সুপ্ৰাচীন ভাষা। যিটো ইন্দো আৰ্যজাতিৰ ক্ৰমবিকাশৰ মাজেৰে আহি লোৱা এক পৰিশোধিত ৰূপ। যি ভাষাই পৰাণ জুৰায়, যি ভাষা অসমৰ প্ৰকৃত পৰিচয় সেই ভাষাই হ'ল অসমীয়া ভাষা। ভাৰতীয় আৰ্যভাষাৰ এক বিশেষ ক্ৰম বিৱৰ্তনৰ মাজেৰে আহি খ্ৰীষ্টীয় দশম, একাদশ শতিকামানত অসমীয়া ৰূপ লবলৈ আৰম্ভ কৰে।পূৰ্বতে বসবাস কৰা যাক আমি অনাৰ্য বুলি পৰিচয় দিও সেই তিব্ৰতবৰ্মী আৰু অষ্টিকসকলৰ ভাষাৰ প্ৰভাৱো অসমীয়া ভাষাৰ ওপৰত পৰিছে। অসমীয়া ভাষাটো বিভিন্ন স্তৰৰ মাজেৰে আহি উপনীত হৈছে যদিও পোনপটীয়াকৈ কবলৈ গলে, ভাৰতীয় আৰ্য্যগোষ্ঠীৰ তিনিটা ভাগ প্ৰাচীন ভাৰতীয়, মধ্য ভাৰতীয় আৰু নবীন ভাৰতীয় আৰ্য ভাষা হিচাপে বিভক্ত হৈছে। সেই প্ৰাচীন ভাৰতীয় আৰ্যভাষাই ধ্বনিগত আৰু ব্যাকৰণগত পৰিৱৰ্তন লাভ কৰি পুনৰ প্ৰাকৃত আৰু অপভ্ৰংশৰ মাজেদি আধুনিক ভাৰতীয় আৰ্যভাষাত প্ৰৱেশ কৰি বৈদিক সংস্কৃত আৰু প্ৰাকৃত ভাষালৈ পৰিণত হয়। পুনৰ প্ৰাকৃত ভাষাৰ আঞ্চলিক ৰূপ প্ৰাচ্য অপভ্ৰংশৰ পৰা উৎপত্তি হোৱা কামৰূপী প্ৰাচ্য অপভ্ৰংশৰ পৰাই অসমীয়া ভাষাই খ্ৰীষ্টীয় দশম শতিকাত স্বকীয় ৰূপ ধাৰণ কৰিছিল।
 কিন্তু দুখৰ বিষয় যে অসমীয়া ভাষাৰ গঢ় আৰু ধ্বনিগত বৈশিষ্ট্যবোৰ সংস্কৃত মূলীয় হলেও স্বকীয় মহিমাৰে থিয় দি উঠা ভাষাটোৰ বাবেই সংগ্ৰাম কৰিব লগা হৈছে এচাম অসমীয়াই। অসমৰ অধিকাংশ লোকৰ মুখতেই এতিয়া এটাই প্ৰশ্ন অসমীয়া কোন? অপ্ৰিয় হলেও এটা কথাই সত্য যে অসমত বসবাস কৰা সমূহ জাতি জনগোষ্ঠীৰ সংমিশ্ৰণই যদি অসমীয়া হয়। তেন্তে আমি সাম্প্ৰদায়িক বা গোষ্ঠীগত ভাষাৰ গইনা লৈ কিয় বিভাজিত হব বিচাৰিছো? কিয় লাগে আমাক সুকীয়া সুকীয়াকৈ একো একোটা লেণ্ড। এইখিনিতে আহি পৰে অসমৰ প্ৰান্তৰে প্ৰান্তৰে বিচাৰি থকা সুকীয়া ভূখণ্ডৰ কথা, অসমীয়া হব নোখোজাৰ

 

⸻⸻⸻অর্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড⸻⸻⸻