পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৪৭১

 

প্ৰয়োজন। বৰ্তমান সময়ত অধিকাংশ শিশোৱে ম'বাইল,কম্পিউটাৰ,দূৰদৰ্শন আদিৰ মাজতে সময় অতিবাহিত কৰে। খেলিবলৈ মুকলি ঠাই, লগ সংগৰ অভাৱ যদিওঁ স্বাস্থ্য ৰক্ষাৰ বাবে খেলাধূলাৰ গুৰুত্ব অপৰিসীম। সেয়েহে শিশুৰ বাবে এই সকলোবোৰৰ সু-বন্দোৱস্ত কৰাৰ দায়িত্ব মাতৃসকলৰ বেছি। প্ৰত্যেক শিশুৰ মাজত অন্তৰ্নিহিত যোগ্যতাৰ মাজেৰে শিশুক আগবঢ়াই নি প্ৰকৃত মানুহ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মাতৃগৰাকীৰ ভূমিকা লেখত ল'বলগীয়া। আনৰ ল'ৰাই পৰীক্ষাত ইমান নম্বৰ পাইছে, অমুকৰ জীয়েকে গানে, নাচে আগবঢ়া, অমুক, তমুক...' বুলি নিজৰ সন্তানক গালি শপনি দিয়াতকৈ মাতৃসকলে সদায় বুজিব লাগিব যে শিশুৰ বুদ্ধিমত্তাৰ ভিন্নতাৰ বাবে কাম কাজ, পঢ়-শুনা আদিত পাৰ্থক্য থকাটো স্বাভাৱিক। তাকে নুবুজি যদি মাতৃ বা ঘৰখনৰ আন সদস্যসকলে ওলোটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, তেন্তে শিশুটোৰ বিকাশ স্বাভাৱিকতেই বাধাগ্ৰস্ত হ'ব। আকৌ এইটোও লক্ষ্য কৰিব লাগিব যাতে শিশুটো বিপথে পৰিচালিত নহয়। এই ক্ষেত্ৰত মাতৃগৰাকীয়ে গঠনমূলক নিৰ্দেশনা, উচিত উপদেশেৰে শিশুক আগুৱাই নিব লাগিব। সমাজত দেখা দিয়া বিশৃংখলতা, দুৰ্নীতি, অশান্তি, অসূয়াসমূহক আঁতৰ কৰিব পৰাৰ উচিত পন্থা হৈছে মূল্যবোধ জাগ্ৰতকৰণ। সেয়ে মাতৃসকলে শিশুক সৰুৰে পৰা সজ জ্ঞান প্ৰদানৰ জৰিয়তে উচিত মূল্যবোধৰ বীজ ৰোপণ কৰি সমাজ আৰু জীৱনৰ মাজত ভাৰসাম্যতা ৰক্ষা কৰিবলৈ যত্নপৰ হ'ব লাগিব। প্ৰতিগৰাকী মাতৃয়ে নিজ নিজ সন্তানক এইদৰে আগুৱাই নিব পাৰিলে ক্ষয়িঞ্চু সমাজখন পুনৰ সবল আৰু সজীৱ হৈ উঠিব বুলি আশা কৰিব পাৰি।
 মাতৃসকল হ'ল সহনশীলা, আনন্দময়ী, ধৈৰ্যশীলা, মংগলময়ী, মমতাময়ী। স্বভাৱসুলভভাৱেই প্ৰতিগৰাকী নাৰীৰে সকলো দুখ-যন্ত্ৰণা শুহি লৈ নিজক সবল ৰূপত দাঙি ধৰাৰ শক্তি আছে। মাত্ৰ প্ৰয়োজন নিজৰ আৱেগ-অনুভূতি, আশা-আকাংক্ষাবোৰক উচিত, শুদ্ধ আৰু স্বাৰ্থহীন কৰি তোলা। পৰচৰ্চা, পৰনিন্দাৰ পৰা আঁতৰি থাকি প্ৰতিগৰাকী মাতৃয়ে নিজৰ সন্তানৰ উত্তৰ্ষ সাধনৰ বাবেহে যত্নপৰ হ'ব লাগে। আনৰ ভালখিনি আহৰণ কৰাৰ -পৰামৰ্শ মাতৃসকলে তেওঁলোকৰ সন্তানসকলক দিব লাগিব। মাতৃসকল যিদৰে মৰমীয়াল, ঠিক সেইদৰে প্ৰয়োজন সাপেক্ষে কঠোৰো হ'ব লাগিব। সন্তানৰ দাবীসমূহ বিনা বিচাৰেৰে মোহান্ধ হৈ মানি ল'লে সন্তান বিপথগামী হোৱাৰ পথ মুকলি হ'ব পাৰে। বহু মাতৃয়ে তেওঁলোকৰ সন্তানসকলৰ মাজেৰে নিজৰ সপোনবোৰ পূৰণৰ বাবেই সন্তানসকলক হেঁচা প্ৰয়োগ কৰে। এনে কৰিলে সন্তানসকলৰ নিজস্ব সপোনবোৰ কলিতে মৰহি যায় আৰু হীনমন্যতাত ভূগি শিশুৰ মানসিক স্বাস্থ্য ৰোগগ্ৰস্ত হৈ পৰিব পাৰে। সন্তানসকলৰ সুৰক্ষা, অনুশাসন আদিৰ দায়িত্ব মাতৃগৰাকীৰ ওপৰতে ন্যস্ত। সেয়েহে মাতৃগৰাকীয়ে বন্ধুত্বসুলভ আচৰণেৰে সন্তানসকলৰ লগত কথা-বাৰ্তা পাতিব লাগে, খেলা ধূলা কৰিব লাগে। সন্তানটিক আনৰ লগত তুলনা নকৰি তেওঁৰ ভিতৰত অন্তৰ্নিহিত প্ৰতিভাসমূহৰ বৰ্হি প্ৰকাশৰ বাবে উদগনি যোগাব লাগে। অভিভাৱকসকলৰ অৱহেলাই শিশুক দায়িত্বজ্ঞানহীন আৰু জেদী স্বভাৱৰ কৰি তোলে। আমি অৰ্থাৎ মাতৃসকলে সময়ৰ দোহাই দি আমাৰ সন্তানক যুগৰ লগত খাপ খাবলৈ সহজতে প্ৰস্তুত কৰিব পৰা ফাষ্টফুডজাতীয় খাদ্য যোগান ধৰোঁ তেনে খাদ্য স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক। মাতৃসকল সৰ্বদিশত সচেতন হ'লেহে তেওঁলোকৰ সন্তানসকলক মানৱ সম্পদ হিচাপে গঢ় দিয়াত সহায়ক হ'ব।
 শেষত ক'ব বিচাৰোঁ যে, মাতৃসকলে তেওঁলোকৰ সন্তানসকলক সু-সংস্কাৰ দিয়ক যাতে নাৰী আৰু পুৰুষৰ সম মৰ্যদাৰ কৰ্ষণত এখন সৰ্বাংগসুন্দৰ সমাজৰ বাস্তৱ ছবিয়ে সকলোকে আলোকিত কৰি তোলে।

 

⸻⸻⸻অর্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড⸻⸻⸻