পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৫৮


সুখৰ সন্ধান

বর্ণালী নেওগ

 সঁচাই তাৰাে যে এটা জীয়া কাহিনী থাকিব পাৰে ভবাই নাছিলোঁ—প্রথমদিনাই তাইৰ ঘৰখনলৈ গৈ মই অভিভূত হৈ পৰিছিলোঁ। ইমান পৰিপাতিকৈ ঘৰখন সজাই ৰাখিছে। ড্রইং ৰূমৰ প্রতিটো কোণতে তাইৰ কর্মনিপূণ হাতৰ কোমল পৰশ...

 আজি বন্দিতাই সিহঁতৰ স্কুলৰ সন্মুখত থকা মণিকাৰ কথা ভাৱি আছে। দুপৰীয়া এগিলাচ পানী খােৱাৰ বাবে বন্দিতা মণিকাহঁতৰ ঘৰলৈ গৈছিল। বহুতদিন মণিকাকো দেখা নাই। খবৰ এটাও কৰা হ’ব বুলি বন্দিতা মণিকাহঁতৰ ঘৰত সােমাল।

 ‘মণিকা আছানে?’ আছো বাইদেউ আহক বুলি কৈ মণিকা ওলাই আহিল। ঘৰত সেই সময়ত কোনাে নাছিল। নিস্তব্ধ, নিমাও মাও পৰিৱেশ..। মণিকাই পানী এগিলাচ আনি বন্দিতাৰ হাতত তুলি দিলে। বন্দিতাই লক্ষ্য কৰিলে মণিকাই কিবা গভীৰ চিন্তাত মনে মনে আছে। “তােমাৰ কিবা এটা হৈছেন মণিকা..? ইমান মন মাৰি আছা যে? তুমিতাে কাহানিও এনেকৈ নাথাকা? হঠাৎ মণিকা উচুপি উঠিল... ইমান হাঁহি ফুর্টি কৰি থকা ছােৱালীজনীক আজি কন্দা দেখা পাই বন্দিতা আচৰিতেই হ’ল...।

 সকলাে থুপ খাই থকা দুখ যেন একে কোৱেই হৃদয় ফাটি-চিটি ওলাই আহিব... ! বাইদেউ আপােনাক মােৰ এটা সঁচা কাহিনী কম..। মােৰ জীৱনৰ জীয়া কাহিনী.. যিটো কাহিনীয়ে মােক সদায় পিছে পিছে খেদি লৈ ফুৰে। মােৰ জীৱনৰ এটা দুঃস্বপ্ন! এই স্বপ্ন মই সদায় দেখি থাকো যেতিয়া মই অকলে থাকোঁ..!

 বন্দিতাই আচৰিত হৈ গৈছিল। জানিবলৈ মনটো উৎসূকতাৰে ভৰি পৰিল।

 “কোৱাচোন মণিকা, তােমাকতাে দেখিলে কেতিয়াও দুৰ্ভগীয়া যেন নালাগে। আজি হঠাৎ তােমাৰ কি হ’লনাে? কোৱাচোন মােক কিজানি মই কিবা সহায় কৰিব পাৰোঁৱেই...

 “জানে বাইদেউ মই যিখন ঘৰৰ পৰা বিয়া হৈ আছাে সেইখন মােৰ নিজা ঘৰ নহয়। মই তেওঁলােকৰ তােলনীয়া জী আছিলোঁ। মােৰ এতিয়াৰ যিজনী বাইদেউ তেওঁ মােক গুৱাহাটীৰ পৰা আনি মাৰ হাতত চমজাই দিছিল। মায়ে মােক স্কুলত নাম লগাই দিছিল, বহুত কাম শিকাইছিল, তাতশালৰ পৰা উল গুঠা, হাতৰ চিলাইলৈকে বিভিন্ন কাম। মায়ে মােক নিজৰ ছােৱালীৰ দৰে মৰম কৰিছিল।

 বন্দিতা হতভম্ব.! কি কোৱা মণিকা, তেওঁলােকে তােমাক ইমান মৰম কৰে। তােমাৰ বিয়াও ইমান ডাঙৰকৈ পাতিছিল। তােমাৰ বাইদেউৱে তােমাক ইমান বস্তু দি থাকে। কি সঁচাকৈ তুমি তেওঁলােকৰ ছােৱালী নাছিলা...?

 “হয় বন্দিতা বাইদেউ...! মােক দেউতাই সৰুতে গুৱাহাটীৰ এটা ছােৱালী হােষ্টেলত দি দিছিল। প্রায় ৮/৯ মান বছৰ বয়সতে। দেউতা খুউব মদপী আছিল। গােলাঘাটৰ এখন বাগানত দেউতা চকীদাৰী কাম কৰিছিল। মােৰ মা সেই বাগানৰে বাগানীয়া ছােৱালী আছিল। দেউতাই মদ খাই মাক সদায় অত্যাচাৰ কৰিছিল। মোৰ দুটা দাদা আৰু এটা ভাইটি আছিল। দেউতাই মােৰ দৰে দাদাহঁতকো ক’ৰবাত ক’ৰবাত দি দিলে।

 “কিয় মণিকা তােমাৰ মা নাছিল ?”

 “মায়ে দেউতাৰ অত্যাচাৰ সহিব নােৱাৰি বেলগলৈ পলাই গ'ল।” মােৰ ভাইটিৰ বয়স তেতিয়া তিনি বছৰমান হৈছিল। ভাইটিক লগত নিবলৈ বিচাৰিছিল মায়ে, কিন্তু দেউতাই নিদিলে। মণিকা উচুপি উঠিল... জানে বাইদেউ মই হােষ্টেলত গুচি অহাৰ পিছত ভাইটি জ্বৰ হৈ ঢুকাই থাকিল। বহুত দিনৰ পিছতহে মই এই কথাটো গম পালাে। মণিকা উচুপিয়েই থাকিল।

 বন্দিতাৰ ভাষা নাই মণিকাক বুজাবলৈ। কেনে নির্দয় মাক! দলনীত পােনা মেলাদি মেলি নিজৰে ল’ৰা-ছােৱালী কেইটাৰ জীৱন ধ্বংস কৰি গ’ল...!

 উচুপি-উচুপি মণিকাই আকৌ ক’বলৈ ধৰিলে। “জানে বাইদেউ মােক হােষ্টেলত দিয়া পৰা দেউতাই এদিনাে খবৰ ল’বলৈ নাহিল। মােৰ ইমান ভাইটিক চাবলৈ মন যায়। মাক চাবলৈ মন যায়। মই কান্দি থাকো। হােষ্টেলৰ আণ্টিয়ে মােক খুউব

অর্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড