: ইফালৰ পৰা ৰূপমে আগ্ৰহেৰে তিৰ খবৰ সুধি গচল। সৌৰভে থাপ মাৰি কাঢ়ি আনিল ম’বাইলটো শ্ৰুতিচৰ হাতৰ পৰা৷
: কোন তুমি শ্ৰুতিৰ ইমান খবৰ ৰাখিবলৈ? শেষবাৰৰ বাবে কৈছো তোমাক, আজিৰ পৰা যেন ফোন নকৰা।
বিচনালৈ ফোনটো দলি মাৰি দি উগ্ৰ মুৰ্তি ধৰি শ্ৰতিমালাৰ চুলিত ধৰি টানি আনিলে সৌৰভে।
: এইখন ঘৰৰ সৈতে আজিৰ পৰা তোমাৰ কোনো সম্পৰ্ক নাই। ওলাই যোৱা এই মুহূৰ্ততে ইয়াৰ পৰা।
শ্ৰুতিমালাৰ চুলিত ধৰি বাহিৰলৈ টানি আনিব চেষ্টা কৰিলে সৌৰভে। শ্ৰুতিমালাই চিঞৰি উঠিল শহুৱেক শাহুৱেকক উদ্যেশ্যি—
: মই কোনো ভুল কৰা নাই৷ মোৰ কথা এবাৰ বুজিবলৈ চেষ্টা কৰক। সৌৰভ, তোমালোকে ভবাৰ দৰে মই একো কৰা নাই, এৰি দিয়া মোক প্লিজ।
শ্ৰতিমালাক ঠেলা মাৰি এৰি দিলে সৌৰভে।
: অ’ এৰি দিম! একেবাৰেই মুক্ত কৰি এৰি দিম তোমাক মোৰ জীৱনৰ পৰা..
কোঠাৰ দৰ্জাখন সশব্দে বন্ধ কৰি কোঠাৰ পৰা উলাই গ’ল সৌৰভ। উচুপি উচুপি বিচনাতে পৰি ৰ’ল শ্ৰুতি।
পিছদিনা স্কুললৈ নগ’ল শ্ৰুতিমালা। দুদিন অনাহাৰে অনিদ্ৰাৰে থকাৰ ফলত বিধ্বস্ত হৈ পৰিল তাই। বিচনাখনেই এতিয়া যেন তাইৰ শেষ আশ্ৰয়। দুপৰীয়া হাতত কৰ্টৰ পেপাৰ এখিনি লৈ ৰূমলৈ সোমাই আহিল সৌৰভ।
: এয়া ডিভোৰ্চ পেপাৰ, চহী কৰা ইয়াত আৰু একেবাৰে মুক্ত হৈ যোৱাগৈ ইয়াৰ পৰা। স্নেহাকো লগত লৈ যাবা।
তোমাৰ কোনো চিনে মই ৰাখিব নিবিচাৰোঁ।
কঁপি উঠিল শ্ৰুতিমালা। এনেকৈয়ে ঠানবান হৈ যাব খুজিছে তাইৰ সংসাৰখন! ক’ত দোষ কৰিলে তাই? কিমানবাৰ চেষ্টা কৰিছে সৌৰভক বুজাবলৈ, তাই নিৰ্দোষী বুলি সকলো মিছা। হোমৰ জুইক সাক্ষী কৰি যিজন মানুহে আজীৱন সংগ দিয়াৰ শপত লৈ পত্নীৰ স্বীকৃতি দি আনিছিল, আজি সেইজনেই আনৰ কথা শুনি একেবাৰেই জীৱনৰ পৰাই আঁতৰাই পঠিয়াই দিব খুজিছে। সৌৰভৰ অনুপস্থিতিতে প্ৰতিপলে শিৰৰ সেন্দুৰকণে তাইক সোঁৱৰাই থাকে তাৰ অৱস্থিতিৰ কথা। এই সকলোবিলাক এৰি যাব লাগিব তাই।
: কি ভাবি আছা? চহী কৰা ইয়াত।
: সৌৰভ, প্লিজ এনে সিদ্ধান্ত নল’বা। এবাৰ এবাৰলে বিশ্বাস কৰা মোক!
: অসম্ভৱ, চকুৰ আগতে ইমানবিলাক প্ৰমাণ পোৱাৰ পিছতো তোমাক বিশ্বাস কৰিবলৈ কোৱা?
সলনি নহয় সৌৰভৰ সিদ্ধান্ত। ঠিক আছে, চহী কৰিব তাই ডিভোৰ্চৰ দলিলত। এনে সন্দেহবাদী আৰু নিষ্ঠুৰ মানুহ এজনৰ লগত নেথাকে তাই। ইমান বছৰে একেলগে সংসাৰ তৰা মানুহজনীক সি বুজিয়েই নাপালে। কান্দি কান্দি কৰ্টৰ কাগজ কেইখনত চহী কৰি দিলে শ্ৰুতিমালাই।
: মা, সদায়নো এনেদৰে গধুলি গধুলি বাৰান্দাত বহি কিনো কৰা তুমি! ঠাণ্ডা পৰিছে বাহিৰত, ভিতৰলৈ আহা।
স্নেহাৰ মাতত বাস্তৱলৈ ঘূৰি আহিল শ্ৰুতিমালা। সৌৰভৰ ঘৰখনৰ পৰা গুচি অহাৰ পিছত একেখন চহৰৰে এটা আচুতীয়া ঘৰ ভাড়া কৰি আছে তাই স্নেহাক লৈ। বয়সত সৰু হ’লেও বহুত কথাই বুজি পোৱা হৈছে স্নেহাই। বাৰান্দাৰ লাইটটো অফ কৰি গধুৰ মন এটা লৈ ভিতৰলৈ সোমাই গ’ল শ্ৰুতিমালা। নাই, তাই আৰু আগৰ কথাবোৰ ভাবি নাথাকে। স্নেহাক মাক-দেউতাকৰ সকলোবিলাক মৰম অকলে দি ডাঙৰ কৰিব লাগিব।