পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৫৬

গেটখন খুলি সোমাই অহা শ্ৰুতিমালালৈ কেৰাহীকৈ চাই পঠিয়ালে তেওঁ। শ্ৰুতিমালা পোনে পোনে ৰূমলৈ গৈ কাপোৰ সলাই ফ্ৰেচ হৈ বিচনাত পৰিল। কেতিয়ানো তাইৰ টোপনি আহিল গমকে নাপালে শ্ৰুতিমালাই। স্নেহাই মা মা বুলি গাত ধৰি জোকাৰি দিলতহে সাৰ পালে তাই।

 : দেউতাই ফোন কৰিছিল মা। মই তুমি শুই আছা বুলি কলো। এতিয়া ভাত খাবৰে হ’ল। ককা-আইতা আৰু মই খালোঁৱেই। উঠা আৰু তুমিও ভাত খোৱাগৈ যোৱা।

 স্নেহাক পানী এগিলাচ আনিব ক’লে শ্ৰতিমালাই। ভাত খাব মন নগ’ল তাইৰ। স্নেহাক শুবলৈ দি সৌৰভলৈ ফোন লগালে শ্ৰুতিমালাই।

 : আজি দিনটোও চাগে তাৰ লগতে কটাল ন?

 ফোনটো ৰিচিভ কৰিয়ে সৌৰভে কোৱা কথআখিনি শুনি চিৰিং কৰি গ’ল তাইৰ বুকুখন। তাৰমানে শাহুৱেকে সৌৰভক ক’লেই আজি ৰূপমে তাইক গেটৰ সন্মুখত থৈ যোৱাৰ কথাতো। তাই শান্ত স্বৰেৰে সৌৰভক বুজাবলৈ চেষ্টা কৰিলে –

 : চোৱা সৌৰভ, আনৰ কথা শুনি মোক মিছাতে সন্দেহ নকৰিবা প্লিজ। স্কুলৰ পৰা আহোতে মোৰ মূৰ ঘূৰাই পৰি গৈছিলো। ওচৰৰ মানুহে ধৰি-মেলি উঠাই ৰূপমৰ লগত ঘৰলৈ পঠাই দিলে আৰু..

 শ্ৰুতিমালাৰ কথা শেষ হ'বলৈকে নাপালে। ফোনৰ সিটো মূৰৰ পৰা চিঞৰি উঠিল সৌৰভ –

 : বচ শ্ৰুতি, আৰু একো ক’ব নালাগে মোক। স্কুললৈ যোৱাৰ বাহানা কৰি দিনটো তাৰ লগত এনজয় কৰি এতিয়া মূৰ ঘূৰাইছে বুলি ফাকি দিব আহিছা? মই নথকাৰ বৰ সুবিধা হৈছে ন? ৰ’বা মই ঘৰলৈ গৈ আছো।

 ফোনটো কাটি দিলে সৌৰভে। একো ক’বই নিদিলে তাইক। জঠৰ এক মুৰ্তিৰ দৰে বিচনাত বহি পৰিল শ্ৰুতিমালা। চিঞৰি চিঞৰি কান্দিব মন গ’ল তাইৰ। তাই নিজৰ মানুহজনেই আজি বিশ্বাস নকৰে তাইৰ কথা। ওৰে ৰাতি চকুলোৰে গাৰু তিয়াই উজাগৰে বিচনাতে ইকাটি-সিকাটি কৰি কটালে শ্ৰতিমালাই।

 পিছদিনা স্কুলৰ পৰা আহিয়েই দেখিলে, বাহিৰৰ ৰূমটোত সৌৰভে মাক-দেউতাকৰ সৈতে উত্তেজিত হৈ কথা পাতি আছে। তাই সোমাই আহিলতো নামাতিল সি। তাইহে সৌৰভক মাত লগালে, কেতিয়া আহিলা বুলি। সৌৰভে একো নোকোৱা দেখি নিজৰ ৰূমলৈ সোমাই গ’ল শ্ৰুতিমালা। সৌৰভো তাইৰ পিছে পিছে ৰূমলৈ সোমাই আহিল। সৌৰভ সোমাই অহা দেখি তাই কাষ চাপি গৈ তাৰ হাতত ধৰিলে।

 : সৌৰভ, কি হৈছে এইবিলাক। মোক তুমি বিশ্বাস নকৰিলে কোনে কৰিব কোৱা?

 কাষ চাপি অহা শ্ৰুতিমালাৰ হাতখন আচাৰ মাৰি এৰোৱাই তাইক দূৰলৈ ঠেলি পঠালে সৌৰভে। কোনোমতে ভাৰসাম্য ৰাখি নপৰাকৈ থাকিল শ্ৰুতিমালা।

 : মাৰ মুখৰ পৰা মই সকলো শুনিছো শ্ৰুতি। মা-দেউতাৰ আগতে এনেদৰে বেলেগৰ পিছত উঠি গা-ঘেলাই ফুৰিবলৈ তোমাৰ অকনো লাজ নালাগিল? এয়াতো তেওঁলোকৰ চকুৰ আগত ঘটা ঘটনাহে, তেওঁলোকে নেদেখাকৈ আৰু বা কি কৰি ফুৰিছা চাৰ লগত! তোমাৰ মান-সম্মান নেথাকিব পাৰে, কিন্তু আমাৰ ঘৰখনৰ, মা-দেউতাৰতো এটা সন্মান আছে।

 : তুমি মাৰ কথা শুনি অবিশ্বাস কৰিলা। মোক একো ক’বই নিদিয়া তোমালোকে। বিশ্বাস কৰা সৌৰভ, ৰূপমৰ লগত তোমালোকে ভবাৰ দৰে তেনে কোনো সম্পৰ্ক নাই মোৰ। প্লিজ বিশ্বাস কৰা সৌৰভ, প্লিজ..!

 হাতযোৰ কৰি সৌৰভলৈ চাই কথাখিনি কৈ উচুপি উচুপি কঁপি উঠিল শ্ৰুতিমালা। বিশ্বাস কৰিব কোৱাৰ বাহিৰে আৰুনো কি কৰিব পাৰে তাই। সেই মুহূৰ্ততে বাজি উঠিল শ্ৰুতিৰ ফোনটো। শ্ৰুতিৰ বেগৰ পৰা ফোনটো উলিয়াই হাতত ল’লে সৌৰভে। ৰূপমে ফোন কৰিছে। তাচ্ছিল্যৰ হাঁহি এটা মাৰি ফোনটো শ্ৰুতিৰ হাতত জোৰকৈ গুজি দিলে সি।

 : মোক আৰু কি প্ৰমাণ লাগে শ্ৰুতি? এয়া লোৱা, তোমাৰ ৰূপমৰ ফোন। কাটি নিদিবা, ৰিচিভ কৰা আৰু লাউড স্পীকাৰ অন কৰা। ময়ো শুনো।

 কঁপা কঁপা হাতেৰে ফোনটো ৰিচিভ কৰি লাউড স্পীকাৰ অন কৰি দিলে শ্ৰুতিমালাই।

 : হেল্ল’ শ্ৰুতিমালা, আজি গাটো কেনে পাইছা? মোৰ কাম এটাত এফালে যাব লগা হ’ল, স্কুল যোৱা নহ’ল। সেইকাৰণে

ফোন কৰিলোঁ।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড