তাৰ চাবলৈ সময় নাছিল নে ইচ্ছা নাছিল, তাই নাজানে। গতিকে শাহুয়ে জ্বলাই দিয়া কাপোৰখিনিক লৈ কোনো অনুকম্পাও
জাগা নাছিল। শিৰত ডাঠকৈ সেন্দুৰ লৈ ভালপোৱা মণিমালাই চুলিৰ ভাঁজত লাগি থকা সেন্দুৰ বহুদিনলৈকে টানকৈ মোহাৰিও।
নোহোৱা কৰিব পৰা নাছিল। সেয়ে শাহুৰ কটুকথাৰ বিপৰীতে তাই সেওতাৰ স্থানকে সলনি কৰি পেলাইছিল। ওলাওতে-
সোমাওতে শাহুয়েকৰ বাবে তাই হৈ পৰিছিল কেৱল কুলক্ষনী, গিৰিয়েকৰ মূৰ চোবোৱা তিৰোতা।
মনৰক যিজন শ্ৰমিকে দাৰে ঘপিয়াই হত্যা কৰিছিল সি বাৰে বাৰে স্বীকাৰোক্তি দিছিল মালিকে মোক কামৰ পৰা
উলিয়াই দিয়াৰ বাবেই মালিকক কাটিলো। যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছিল বিছা নামৰ শ্ৰমিকৰ্জনক। কিন্তু মানুহৰ
মুখে-মুখে অন্য কথা কিছুমানহে ওলাইছিল। মনবৰ চৰিত্ৰহীন আছিল। বিৰছাৰ ভনীয়েকৰ লগত অবৈধ সম্পৰ্ক আছিল, তাইৰ
গৰ্ভপাতো হৈছিল। সেয়ে বিৰছাই মদৰ ৰাগিত মনবৰক কাটিলে। কোনোৱে কয় ব্যৱসায়ৰ পাৰ্টনাৰছিপত থকা যোগেনৰ লগত
মনবৰৰ হিচাপ নিকাচক লৈ মনোমালিন্য ঘটিছিল। যোগেনে ৰাতি ৰাতি বস্তু বিক্ৰী কৰিছিল গোদামৰ পৰা। মনবৰে নিশা মনে
মনে আহি তাক ধৰা পেলোৱাৰ বাবেই বিছাক টকা-মদেৰে হাত কৰি মনৰক কটোৱালে। কোনোৱে কয় মানবৰে বিৰছাক
চুৰিকাৰ্যত ধকা পেলাই কামৰ পৰা উলিয়াই দিয়াৰ বাবেই সি প্ৰতিশোধ ল'লে। মণিমালাই কোনো এটা কথালৈ গভীৰভাৱে
কাণষাৰ নকৰিলে। কাৰণ তাই নিজে জীয়াই থকাৰ বাবে জীৱনৰ নতুন সংগ্ৰাম, নতুন অধ্যায় এটাৰ আৰম্ভণি ঘটিল। মনবৰৰ
বিধৱা পত্নীতকৈয়ো উদ্ধৰ্ত অধিৰাজৰ মাতৃ হিচাপে, ঘৰখনৰ দায়িত্বশীল অংশ হিচাপে। ঘৰখনৰ সমস্ত দায়িত্ব মূৰ পাতি লৈ
মণিমালাই প্ৰথমে দেওৰেকৰ বাবে চাকৰি এটাৰ যোগাৰ কৰিলে, তালৈ কইনাও আনি দি নতুন সংসাৰ আৰম্ভ কৰোৱালে।
আইনিৰ বাদে আটাইকেইজনীকে উপযুক্ত পাত্ৰলৈ বিয়াও দিলে। শাহুয়েকৰ প্ৰতিটো কটু কথাৰ উত্তৰো দিয়া আৰম্ভ কৰিলে।
স্কুললৈ প্ৰথমে স্কুটি চলাই যোৱা মণিমালাই ঘৰৰ বাবে ঋণ লৈ গাড়ী এখনো কিনিলে। অধিৰাজো লাহলাহে ডাঙৰ হৈ
আহিল। সকলোৰে বাবে মাথো দায়িত্ব পালন কৰি গ'ল তাই। কিন্তু এই কঠিন বাটছোৱাত তাইৰ বুকুৰ শূণ্যতাখিনি পূৰাবলৈ,
হুমুনিয়াহখিনি আঁতৰাবলৈ কোনেও এবাৰো নাভাৱিলে। অলকশৰে জীৱন যুঁজখন চলাই যোৱাৰ বাটত কোনো দুৰ্বল মুহূৰ্তত
বিচলিত হৈ পৰা মণিমালাজনীক সান্তনা দিলে তাই নিজেই, জীপাল কৰি ৰাখিব খুজিলে তাই নিজক। জীৱনৰ নতুন লগৰী
হ’বলৈ তাইৰ ফালে আগবঢ়োৱা হাতযোৰক তাই প্ৰত্যাখ্যান কৰিলে বিনাদ্বিধাই। কিন্তু তাৰ মাজতো পুলকেশক ভাল লগাৰ
কথাটো তাই অস্বীকাৰ কৰিব নোৱাৰে। মনবৰে এৰি থৈ যোৱা টকা-পইচা, ধন-সম্পত্তি, তাইৰ চাকৰিৰ প্ৰতি মোহ নৰখা
একমাত্ৰ ব্যক্তিজনেই আছিল পুলকেশ। বহুবাৰ কৈছিল পুলকেশে মণিমালা, তুমি ঘৰখনৰ সকলো দায়িত্বভাৰ গ্ৰহণ কৰিছা,
খুব ভাল কথা। কিন্তু তোমাৰ ব্যক্তিগত বুলিও জীৱন এটা নাই জানো? সেই জীৱনটোক কিয় বন্ধ বাকচত ভৰাই ৰাখিব
খুজিছা? তুমিও এবাৰ মনৰ ইচ্ছাৰে, হেঁপাহেৰে উশাহ লোৱাচোন। তুমি মাত্ৰ জীয়াইহে আছা, নিজকে সুধিবাচোন কেনেদৰে
জীয়াই আছা।
দুচকুৰে লোটক বাগৰি আহে মণিমালাৰ। ব্যক্তি হিচাপে দুৰ্বলতা প্ৰকা পায় কেৱল অলকেশৰ কাষত। উচ্চাকাংক্ষী
পত্নীয়ে বিয়াৰ ছমাহতে বিবাহবিচ্ছেদ কৰি প্ৰৱাসী অসমীয়া এজনলৈ বিয়া হৈ যোৱাৰ পিছৰপৰা পুলকেশো তেনেই অকলশৰীয়া।
কাৰোবাক অজানিতে অসুখী কৰি পেলোৱাৰ শঙ্কাতে মনৰ জপনা বন্ধ ৰাখিছিল বহুদিন ধৰি। কিন্তু মণিমালাৰ ব্যতিক্ৰমী
চাৰিত্ৰিক বৈশিষ্ট্যই তাক মনোমুগ্ধ কৰিলে, নাৰীৰ মাজৰ এনে এক ৰূপত সি বহু কিবাকিবিয়েই বিচাৰি পালে। জীৱনত কেৱল
ত্যাগ আৰু সহ্য কৰিবলৈ শিকা মণিমালাক বৰকৈ আপোন-আপোন লাগে তাৰ। কিন্তু মণিমালাই নিজৰ কথা ভাৱিলে স্বাৰ্থপৰ
হৈ যোৱাৰ ভয়ত অলকেশক হাড়ে-হিমজুৱে বুজি উঠাৰ পিছতো আগবাঢ়ি যোৱাৰ সাহস নকৰিলে। হয়তু অধিৰাজেই হৈ
পৰিল ইয়াৰ মুখ্য কাৰণ। বাইক স্টান্ট কৰি মানুহ খুন্দিয়াই ফুৰা, মদ-চিগাৰেটৰ নিচাগতাত সোমাই পৰা অধিৰাজৰ দৃষ্টিত
মাকৰ ত্যাগবোৰ যেন মূল্যহীন। ল'ৰাটো বিপথে গুছি গ'ল। মাকৰ ত্যাগ, আবেগ, মৰমে তাক সৎ মানুহ কৰি ৰাখিব নোৱাৰিলে।
বহু চেষ্টা কৰিলে তাই ল'ৰাটোক ভাল পথেৰে আনিবলৈ। মৰমেৰে, খঙেৰে, কান্দোনেৰে, ডাক্তৰী চিকিৎসাৰে, মানসিক ৰোগ
চিকিৎসকৰ পৰামৰ্শদানেৰে — কোনটো উপায়নো গ্ৰহণ কৰা নাছিল মণিমালাই। দুদিন ভালে থাকি সপ্তাহৰ পাঁচোটা দিনেই
অধিৰাজ হৈ পৰে নিজৰ ইচ্ছাৰ মালিক। সেই টনা-আজোৰাৰ মাজতেই ঘটিল ঘটনাটো। অলকেশৰ নতুন স্মাৰ্ট ফোনত যি দৃশ্য
দেখিলে মণিমালাই- এনে লাগিল যেন তাই জীৱনত প্ৰথমবাৰৰ বাবে হাৰ মানিলে অতি বেয়াকৈ। দুদিনৰ ভিতৰতে ৰাস্তাই-
ঘাটে তাইক দেখি মানুহে ফিচিঙা-ফিচিঙি কৰিব ধৰিলে। কিন্তু তাই ঠিকেই বুজি পালে মানুহৰ মোবাইলে মোবাইলে বিয়পি
অৰ্ধ-আকাশঃ ৰচনাসমগ্ৰ, প্ৰথম খণ্ড