পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৩০


এটি চিগাৰেট আৰু...

ডা: শিখা শৰ্মা

 ৰাতিপুৱা সদায় মোৰ হস্পিতাল যাবলৈ ওলাওতে দৌৰাদৌৰি লাগে। আজিও কোনোমতে ঘৰৰ কামবোৰ সামৰি ওলালো। আজিকালি প্ৰায় প্ৰতিখন চৰকাৰী হস্পিটালতে বায়মেত্ৰিক মেচিনৰ ব্যৱহাৰ হৈছে। মোৰ হসপিটাল পাওতে পুৱা ৯.২০ হ’ল। ৯.৩০ ৰ আগতে বায়’মেট্ৰিক মেচিনত আঙুলিৰ চিহ্ন ৰাখিব লাগিব। আউটড’ৰৰ পিনে চাই দেখিলো ৰোগীৰ দীঘলীয়া শাৰী।মনত পৰিল আজি সোমবাৰ। ল’ৰালৰিকৈ বায়মেট্ৰিক মেচিনত নিজৰ উপস্থিতি জাহিৰ কৰি আউটড’ৰৰ পিনে ঢপলিয়ালোঁ। মেডিচিন বিভাগৰ সমুখত দেখিলো ৰোগীৰ শাৰীয়ে এল পেটাৰ্ণ এৰি ইউ ৰ ৰূপ ল’বলৈ গৈ আছে। কিছুসময় পিচত ই জিলাপীৰ পাক ল’ব। ৰোগীৰ মাজেৰেই গৈ মই অ.পি.ডি.ত সোমালো। ইতিমধ্যে আন দুজন চিকিৎসকো আহি নিজৰ নিজৰ চকীত বহিছে।

 তিনিজন চিকিৎসক আৰু বাহিৰত ৰোগীৰ ভিৰ। লাহে লাহে ৰোগী চালে নিৰ্দিষ্ট সময়ৰ ভিতৰত এই ভিৰ শেষ কৰা সম্ভৱ নহয়। গতিকে ল’ৰালৰিকৈ ৰোগী চোৱা আৰম্ভ কৰি দিলোঁ। এজন দুজনকৈ ৰোগী আহি আছে গৈ আছে। এইবাৰ এজন ৰোগী আহিল হাতত লাখুটী এডাল লৈ। মই মন কৰিলোঁ মানুহজনক। খুউব লাহে লাহে কঁপি কঁপি মানুহজনে খোজ কাঢ়িছে। তেওঁৰ আনখন হাতত ধৰি এগৰাকী মহিলা। তেওঁৰ সহধৰ্মিনীয়ে হ’ব। মানুহজনক মই বহিব ক’লো। কি হৈছে সুধিলোঁ। মানুহজনে কোনো ধৰণৰ পাতনি নেমেলাকৈ তেওঁৰ পুৰণা কাগজ সমূহ উলিয়াই ক’লে মই ষ্ট্ৰোক হোৱা ৰোগী। এই বিলাক দৰৱ খাই আছোঁ। এতিয়া শেষ হ’বৰ হৈছে। গতিকে আকৌ লিখি দিব লাগে। মানুহজনে কথা কওতে গোন্ধ এটা মোৰ নাকত লাগিল। যিটো গোন্ধে মোৰ মূৰত ধৰিলেগৈ। মই একো নকৈ কাগজ পত্ৰবোৰ চালোঁ। উচ্চ ৰক্তচাপ থকা মানুহ। মাজতে ষ্ট্ৰোক এটাও হৈ গৈছে। তাৰ পিচতো এনে এটা গোন্ধ! ইতিমধ্যে গোন্ধটোৱে মোৰ মূৰত বেয়াকৈ প্ৰতিক্ৰিয়া আৰম্ভ কৰিব ধৰিছে। বিশেষকৈ গোন্ধটো এনে এজন ৰোগীৰ মুখৰ পৰা নিৰ্গত হোৱা বাবে। মই মানুহজনলৈ চাই সুধিলো-আপুনি ইয়ালৈ অহাৰ আগতে কি খাই আহিছে? মানুহজনে ক’লে গাখীৰৰ সৈতে কৰ্ণফ্লেক্স আৰু চাহ একাপ।

 মই ক’লো-নহয়, মই ঘৰত খাই অহাৰ কথা সোধা নাই। এই কোঠাটোত সোমোৱাৰ আগতে কি খাই আহিছে।

 মানুহজনে থতমত খালে। লাহেকৈ ক’লে - চিগাৰেট এটা।

 মই সুধিলোঁ - কিয় খালে? এইখন হস্পিটাল আপুনি কথাটো ভালদৰে জানে। তথাপিও কিয় খালে?

 মানুহজনে দোষী দোষী ভাবেৰে ক’লে শাৰী পাতি আমনি লাগিল বাবে এটা খালোঁ।

 এইবাৰ মই মোৰ খঙ দমাই ৰাখিব নোৱাৰিলোঁ। ক'লোঁ - তেনেহলে ইমান ঔষধ কিয় খাই আছে আপুনি? অকল চিগাৰেটেই খাই থাকক। যদি চিগাৰেট এৰিবই নোৱাৰে এই দৰববোৰ খাই কিবা লাভ হ’ব জানো? তাতকৈ দৰৱবোৰ পেলাই দিয়ক। অকল চিগাৰেটেই খাই থাকক। মোৰ কাষত বহা চিকিৎসক দুগৰাকীয়ে মোলৈ চাই পঠিয়ালে। মোৰ মাতটো হয়তো ৰুক্ষ হৈ ওলাইছিল। এইবাৰ তেখেতৰ পত্নীয়ে ক’লে – বাইদেউ, আমি বহুত বুজালোঁ। বহুত ডাক্টৰেও তেখেতক চিগাৰেট এৰিবলৈ কৈছে। কিন্তু তেওঁ কাৰো কথাই নুশুনে। ইমান বেমাৰ হৈ গ’ল। তথাপিও এই অভ্যাসটো নেৰিলে। মই কৈ কৈ ভাগৰি পৰিছোঁ।

 দিনত কেইপেকেট শেষ কৰে আপুনি?

 চাৰি-পাঁচ পেকেটমান হ’ব। নিৰুদ্বেগ চিত্তে ক'লে মানুহজনে

 মোৰ বুজিবলৈ বাকী নেথাকিল চিগাৰেটে মানুহজনক ভালদৰেই আকোঁৱালি লৈছে। কিন্তু এনেদৰে চিগাৰেট খাই থাকিলে তেওঁৰ বেমাৰ কেনেকৈ ভাল পাব। মই তেখেতৰ ৰক্তচাপ পৰীক্ষা কৰিলোঁ। বেচি পালোঁ। স্বাভাৱিক কথা। এইবাৰ মই তেওঁক মাতত কোমলতা সানি ক’লোঁ -চাওক আপোনাৰ ৰক্তচাপ আজিও বেচি পাইছো। যদি আপুনি চিগাৰেট বাদ

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড