পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪২৯

 ক্ৰছ বেল্ট, পি- কেপ পিন্ধি স্মিত হাঁহি মাৰি থকা বহ্নিমানৰ ফটোখনলৈ অপলক নেত্ৰে চাই থকা ভৈৰৱীয়ে জানে উদ্ধৰ্তন কৰ্তৃপক্ষক আগতীয়াকৈ অৱগত নকৰাকৈ এই পদক্ষেপ লোৱা বাবে তাই বিভাগীয় জেৰাৰ সন্মুখীন হ’ব, যাৰ বাবে তাই আৰম্ভণিৰেপৰা নিজক সাজু কৰি ৰাখিছে। ভৈৰৱীয়ে জানে ইয়াৰ পৰিনাম ভূগি তাই হয়তো বদলি হ’ব লাগিব। কিন্তু আজি ভৈৰৱীয়ে যিকোনো ত্যাগৰ বিনিময়ত এই যুদ্ধত জয়ী হ’বলৈ প্ৰতিজ্ঞাবদ্ধ হৈ ৰৈছে। নাৰীৰ এই ৰূপেই যে অনাদি কালৰে পৰা সময়কো প্ৰত্যাহ্বান জনাই আহিছে, কালৰ আন্ধৰুৱা গহ্বৰৰো সুউচ্চ দেৱালত খান্দি খান্দি খোদিত কৰা এই ভাস্কৰ্যই যে সময়ে সময়ে বিকিৰিত কৰি থাকে অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ জয়গানৰ আভা।

 ঠিক এই সময়তে সুকুমাৰ কলিতাৰ ঘৰৰ থাপনাৰ সমুখত এগছি বন্তি জ্বলি উঠিল, কৰযোৰে গোঁসাই থাপনাৰ সমুখত চকু মুদি অঞ্জলিয়ে আজি কাকূটি কৰিছে তাইৰ দৰেই অন্য এক নাৰীয়ে জীৱন যুঁজত জয়ী হোৱাৰ , অন্তঃকৰণে আজলি পাতি ভিক্ষা কৰিছে সুকুমাৰ আৰু হাজাৰ জনে চলাই অহা প্ৰচেষ্টাৰ সাৰ্থকতাক। নাৰীৰ এই ত্যাগ আৰু কৰুণাৰ ভাৱে বোৱতী সুঁতিৰ ধাৰাত যুগৰ পাছত যুগ বৈ আহিছে, আজিও তাৰ ব্যতিক্ৰম হোৱা নাই।

 আৰু কাজৰী!

 পুৰণি এলবামৰ মাজৰ পৰা মাকৰ ফটোখন উলিয়াই একান্তমনে চাই আছে তাই; ভাবিছে, দুৰ্বিসহ আন্ধাৰবোৰ হয়তো এইবাৰ চিৰদিনৰ কাৰণে আঁতৰি যাব, উদাসীনতা আৰু একাকীত্বৰ অটল গহ্বৰৰপৰা এইবাৰ তাই ওলাই আহিব। উৱলি যোৱা ইতিহাসক কাজৰীয়ে নিজৰ জীৱনত আকৌ দোহাৰিবলৈ নিদিয়ে। নিদিয়ে কাজৰীয়ে আন কাৰোবাক সোণখচিত ঐশ্বৰ্যৰ বৰপেৰাৰ জোখ-মাপত আকৌ আন এগৰাকী নাৰীৰ উশাহ নিশাহবোৰ অথবা অব্যক্ত অনুভৱৰ উঠা-নমাবোৰ বন্ধকত থ’বলৈ।

 প্ৰায় দুশ বছৰ আগৰ হালধীয়া পৰি যোৱা ইতিহাসৰ পাতৰ নাৰী চৰিত্ৰ কেইটামানে প্ৰাণ পাই উঠিল, হেঁচা ঠেলা কৰি মূৰ দাঙি উঠিল মূলা গাভৰু, জয়মতী আৰু ৰমণী হতে। জীৱনৰ তিনিটা ভিন্ন বিন্দুত থিয় দিও ঘটনা প্ৰবাহৰ একেডাল জৰীৰে বান্ধ খাই পৰা ভৈৰৱী, অঞ্জলি আৰু কাজৰীৰ মূৰৰ ওপৰৰ আকাশ কেইখনত তেজেধোৱা বেলিটো লহপহকৈ বাঢ়ি আহিল।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড