পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪২৮

সাঙোৰ খাই পৰিছিল জিলাখনৰ উপ-আৰক্ষী অধীক্ষক ভৈৰৱী, ‘লুইতপৰীয়া যুৱশক্তি’ৰ নেতা সুকুমাৰ কলিতাৰ পত্নী অঞ্জলি আৰু জনাৰ্দন পূজাৰীৰ একমাত্ৰ সন্তান কাজৰী।

 বয়সৰ তফাত থকা এই তিনিও গৰাকী নাৰীৰ বাবে অদৃষ্টই যেন খুব সুপৰিকল্পিতভাৱে এক আঁচনি তৈয়াৰ কৰিছিল।

 জনাৰ্দন পূজাৰীৰ বিৰুদ্ধে গোচৰটো প্ৰথমেই সদৰ থানাত ৰুজু কৰা হৈছিল আৰু আৰম্ভণিৰেপৰা কেছটোৰ তদন্ত সন্দৰ্ভত সদৰ অ' চিৰ পক্ষপাতিত্ব আৰু ইচ্ছাকৃত গাফিলতিবোৰ ডি এছ পি ভৈৰৱীয়ে লক্ষ্য নকৰাকৈ থকা নাছিল। সেয়েহে অত্যন্ত বিশ্বস্ত অফিচাৰ দুজনক লৈ ভৈৰৱীয়ে নিজা ববীয়াকৈ গোপনে এক অনুসন্ধান আৰম্ভ কৰিছিল য’ত ৰাইজৰ মাজৰ কেইজনমান বিশ্বাসী প্ৰতিনিধি আৰু সাংবাদিকে তাইক সহায় কৰিছিল। এই আটাইবোৰ কাম চলিছিল অত্যন্ত গোপনে, কাকো নজনোৱাকৈ। যোৱা ছটা বছৰে এই সেৱাত জড়িত হৈ ভৈৰৱীয়ে এটা কথা শিকিছিল যে আগন্তুক পদক্ষেপৰ কথা যিমানেই উন্মুক্ত কৰি দিয়া হয় সিমানেই সফলতাৰপৰা দূৰত্ব বাঢ়ি যায়। শীৰ্ষ আৰক্ষী বিষয়াই কেৱল জানিবলৈ পাইছিল সদৰ থানাৰ অচিয়ে কেছটোৰ তদন্ত চলাই আছে আৰু তদন্তৰ খাতিৰত ‘লুইতপৰীয়া যুৱশক্তি’ৰ নেতা সুকুমাৰ কলিতাক কৰায়ত্ত কৰিছে। জামিনত জে’লৰপৰা বাহিৰলৈ ওলাই অহাৰ পাছত লোকচক্ষুত আৰু আৰক্ষীৰ বাবে অন্তৰ্ধান হৈ যোৱা সুকুমাৰেই ভৈৰৱীক এই যুদ্ধত কিছুমান গোপনীয় সমলৰ যোগান ধৰিছিল। থানা পুলিচ বিষয়াই ঘৰ তালাছী আৰু ৰেইড মৰাৰ নামত সুকুমাৰৰ পৰিবাৰক কৰা অকথ্য মানসিক নিৰ্যাতনৰ কথাও গম নোপোৱাকৈ থকা নাছিল ভৈৰৱীয়ে আৰু এই কথাবোৰে ভৈৰৱীৰ সিদ্ধান্তক অধিক দৃঢ় কৰি তুলিছিল।ৰাতিৰ আন্ধাৰত সুকুমাৰ কলিতাৰ ঘৰলৈ গৈ গোপনে ভৈৰৱীয়ে সাহস যোগাইছিল সেই নিৰ্জু নাৰীক যি নিজৰ স্বামীক স্বেচ্ছাই জনতাৰ স্বাৰ্থৰ খাতিৰত উলিয়াই পঠাইছে, সুকুমাৰক অতি সোনকালেই নিৰ্দোষ প্ৰমাণিত কৰি মোকোলাই অনাৰ অভয় প্ৰদান কৰিছিল ভৈৰৱীয়ে অঞ্জলিক।

 ঠিক তেনেতেই সংযোগবশত ভৈৰৱীৰ হাতত পৰিছিল এটা ভিডিঅ’। ভিডিঅ’টো লৈ অহা গোলমুখৰ এজাপ কেঁকোৰা চুলিৰে, কাজল সনা এহাল টনটনা চকুৰে উনৈশ বছৰীয়া ছোৱালীজনীলৈ প্ৰথম সাক্ষাততে ভৈৰৱীৰ মৰম সোমাইছিল৷ গাঢ় বেঙুনীয়া ৰঙৰ বেলুন টপ আৰু ফেডেড জীনছ পিন্ধি অহা ছোৱালীজনীয়ে সেইদিনা কথাবোৰ ক’বলৈ লৈ হিকতিয়াই হিকতিয়াই কান্দিছিল। ভৈৰৱীয়ে নিজ হাতে আগবঢ়াই দিয়া কমলা ৰসৰ গ্লাছটো আঁতৰাই থৈছিল তাই। ভৈৰৱীয়ে একো মতা নাছিল, নীৰৱে শুনি গৈছিল। কথাবোৰ শেষ কৰি ছোৱালীজনীয়ে পেন ড্ৰাইভটো তুলি দিছিল ভৈৰৱীৰ হাতত। কিছু প্ৰকৃতিস্থ হৈ ৰসৰ গছটো হাতত তুলি লোৱা ছোৱালী জনীলৈ চাই ভৈৰৱীৰ বুকুত তেতিয়া তোলপাৰ লগোৱা প্ৰশ্নটো আছিল, কিমান – কিমান ক্ষোভ মনত মিহলি হৈ থাকিলে সন্তানে নিজৰ পিতৃৰ বিৰুদ্ধে থিয় দিয়ে? অৱহেলা আৰু অমনোযোগিতাই কিমান দ-কৈ কোনো সন্তানৰ মনত ৰেপিলে সেই সন্তানে সিৰাত প্ৰবাহিত তেজৰ বিৰুদ্ধে বিদ্ৰোহী হৈ উঠে? নাছিল, তাৰ কোনো উত্তৰ নাছিল ভৈৰৱীৰ হাতত। দুচকু মোহাৰি তাইৰ ওচৰৰ পৰা উঠি যোৱা কাজৰীলৈ চাই ভৈৰৱীয়ে সেইদিনা বিশ্বাস কৰিছিল, কিছুমান কথা হয়তো অদৃষ্টৰো পূৰ্ব পৰিকল্পনাৰ ফলশ্ৰুতি!

 খবৰটোৱে চহৰখনৰ আকাশ বতাহ গৰম কৰি তুলিলে।

 জনাৰ্দন পূজাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, বহুত দিনৰেপৰা লোকচক্ষুৰ আঁৰত সংগোপনে চলি থকা এই অনুসন্ধানৰ লীড লোৱা সদৰ ডি এছ পি ভৈৰৱী বৰুৱাৰ হাতত আছে জনাৰ্দন পূজাৰীৰ বিৰুদ্ধে অনেক গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ লগতে এটা ভিডিঅ’ যত জনাৰ্দন পূজাৰীয়ে নিজমুখে সুকুমাৰ কলিতাক হত্যাৰ ষড়যন্ত্ৰ কৰাৰ কথা স্বীকাৰ কৰিছে। কেৱল সেয়ে নহয়, এই প্ৰমাণ বোৰে উন্মুখ কৰিব পাৰে অনেক বাঘা-বাঘা নেতা, চৰকাৰী বিষয়াৰ মুখাৰ আঁৰৰ প্ৰকৃত স্বৰূপ, সমুখলৈ আনিব চাৰি বছৰ আগৰ এক মটৰ দুৰ্ঘটনাত নিহত হোৱা সুদক্ষ পুলিচ বিষয়া বহ্নিমান বৰুৱাৰ মৃত্যুৰ আঁৰৰ ৰহস্য।

 চকুৰ সমুখৰ আন্ধাৰখিনি নাশি আন এটা ৰাতিপুৱা উজ্জ্বল হৈ আহিল।

 ভৈৰৱীয়ে গা ধুই ইউনিফৰ্মযোৰ পিন্ধি ল’লে।

 এই খাকী পোছাকযোৰ!

 ভৈৰৱীৰ নাৰীদেহৰ কোমলতাৰ চৌপাশে কঠিন বৰ্মটো গঢ়ি তোলাত ভৈৰৱীক সহায় কৰি আহিছে এই পোছাকযোৰে। যেতিয়াই এই পোছাকযোৰ গাত দিয়ে, তেতিয়াই ভৈৰৱীক চুই যায় প্ৰবল আত্মবিশ্বাস আৰু ন্যায়ৰ হকে আত্মজাহ যাব পৰা এক প্ৰবল নিচাৰ ঢৌৱে। ব্লু’ বেৰেট কেপটো পিন্ধি ভৈৰৱীয়ে ফ্ৰেমত বন্ধাই থোৱা বহ্নিমানৰ ফটোখনৰ সমুখত থিয় দিলে।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড